জীৱনৰ জটিল অংক

জীৱনত এনে কিছুমান সংযোগ ঘটে যাৰ কল্পনা আমাৰ বাবে সপোনৰো অগোচৰ হয় । এইযে ওপৰত এজন বহি আছে , তেৱোঁ এনে সংযোগৰ সৃষ্টি হ’ব বুলি চাগৈ কেতিয়াও ভবা নাছিল , কোটী কোটী জীৱৰ জীৱন গগনা কৰি থাকোতেই হয়টো এনে এক অদ্ভূত সংযোগৰ ৰচনা ঘটি যায় তেওঁৰো অজানিতেই ।

জন্ম – মৃত্যু – বিবাহৰ দ্বায়িত্ব হেনো এই সৰগত বহি থকাজনৰ হাততেই ন্যস্ত থাকে , তেনেহ’লে প্ৰেমো ইয়াৰ ব্যতিক্ৰম নহ’ব চাগৈ । আচলতে সকলো ঘটনা – পৰিঘটনাৰে আঁৰত থকা হাতখনেই হ’ল তেওঁৰ হাত , নহ’লেনো এনে এক অদ্ভূত – অসম্ভৱ সংযোগ সম্ভৱনে !

সাগৰ তীৰত বালিৰ ওপৰত বহি আছে এজনী ছোৱালী , পিন্ধনত এটা বগা ষ্পৰ্টিং আৰু আঠুলৈকে কোচাই থোৱা ডেনিম ব্লু ৰঙৰ জিনছ্ । তাইক দেখিলেই ধৰিব পাৰি তাইৰ মনোৱস্থাৰ বিষয়ে । দুচকুৰে হৰহৰাই চকুলো নিগৰি আছে তাইৰ , অথচ তাইৰ দৃষ্টি অস্ত যাবলৈ ধৰা সূৰ্য্যটোৰ ওপৰতহে । তাই যেন কোনো জীৱ লগা বস্তু নহয় , যেন এটি বালিৰে গঢ়া সুন্দৰ লাহী নাৰীমূৰ্তিহে , যাক সাগৰৰ কোবাল ঢৌৱেও অনিষ্ট কৰিব পৰা নাই । তাইৰ দীঘল পনিটেইল বান্ধি ৰখা ঈষৎ ৰঙছুৱা চুলিখিনিয়ে আহি তলৰ বালি ষ্পৰ্শ কৰো কৰো কৰিছেহি । তাইৰ ডেনিম ব্লু জিনছটোৰ বেছিভাগেই সাগৰৰ পানীত তিতি অধিক গাঢ় বৰণ ধাৰণ কৰিছে ইতিমধ্যেই । ডিঙিত ওলমি থকা ক্ৰচ চিহ্নযুক্ত লকেটটোৰ পৰাই ধৰিব পাৰি ছোৱালীজনী খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ । কান্দি – কাটি অৱশ হোৱা ছোৱালীজনীৰ মুখখনত কিন্তু তেতিয়াও প্ৰাকৃতিকভাৱে লাভ কৰা ৰূপ – লাৱন্য জিলিকি আছিল ।

সূৰ্য্যাস্তৰৰ পিছত বিচখন যেন অধিক চঞ্চল হৈ পৰিল , তাতে এতিয়া ট্যুৰিষ্টৰ আগমনৰ সময় এইঠাইলৈ , গতিকে সমগ্ৰ বিচখনেই যেন এখন পাৰ্টীৰ ঠাইলৈহে ৰূপান্তৰিত হৈছে । কিন্তু সেই নাৰীমূৰ্তি সূৰ্য্যাস্তৰৰো বহু পাছলৈকে তাতেই একেদৰেই বহি থাকিল ।

: উহ — তাইৰ মুখেৰে এক চিৎকাৰ ভাহি আহিল । লগে লগে কপালৰ ভ্ৰু কোচাই তাই কাষলৈ অলপ মুৰটো তুলি চালে ।

: অহ , চ’ৰী , আই এম ৰিয়েলী চ’ৰী — এক পুৰুষ কণ্ঠস্বৰে কৈ উঠিল । আচলতে পুৰুষজনে ফূৰ্টিৰ নিচাত আধা পোহৰ আধা আন্ধাৰত বহি থকা সেই নাৰীমূৰ্তিক দেখাই নাছিল , সেয়ে তাই বালিত হেচা দি থোৱা সোঁহাতখনৰ লাহি আঙুলিকেইটাত গচকি দিলেহি ।

: আৰ ইউ ব্লাইন্দ ? —- নাৰীমূৰ্তিয়ে মনৰ সকলো দুখ – খং যেন সেইজনৰ ওপৰতে জাৰিব , এনেকৈ ক’লে । অৱশ্যে কথা অধিক বেয়ালৈ গতি কৰাৰ আগতেই পুৰুষজনক লগৰ এজনে জোৰ কৰি টানি লৈ গ’ল , পুৰুষজনে মাথো বহুদুৰৰপৰাও সেই নাৰীমূৰ্তিলৈ চাই ৰ’ল মুৰটো ঘুৰাই ঘূৰাই । অৱশেষত নাৰীমূৰ্তিয়ে দুখে – খঙে একাকাৰ হৈ এইবাৰ উঠি ঠিয় হ’ল । তেতিয়াহে যেন উপলদ্ধি কৰিব পাৰিলে তাই ৰাতিয়েই হ’লচোন বুলি । এইবাৰ খৰ – ধৰকৈ আতৰি গ’ল বিচৰপৰা তাই ।

——————————————

নিশা প্ৰায় বাৰ বাজিছে , মিছনেৰী হাস্পিতালৰ ইমাৰজেন্সীলৈ এজন আঘাতপ্ৰাপ্ত যুৱকক লগৰ দুজনে ধৰি লৈ আহিছে । সেইসময়ত দিউতিত আছিল লেদী ডাক্তৰ জুলী শৰ্মা ।

: ইউ ……… —- দেখা মাত্ৰকে চিনি পাই অলপ ডাঙৰকৈয়ে ক’লে তাই আঘাতপ্ৰাপ্ত যুৱকজনক ।

: ইয়েচ —- যুৱকজনৰ মুখৰপৰা ইমানেই ওলাল আৰু , কিয়নো সোঁভৰিত তেওঁ ভালকৈয়ে আঘাত পাই আহিছে । বিষে গৈ মুৰলৈকে ধৰিছে তেওঁৰ ।

: ও , মিদনাইট পাৰ্টী …… —– বুলি জুলি নাম ডাক্তৰগৰাকীয়ে আঘাতপ্ৰাপ্ত যুৱক সৌৰভ শৰ্মাক পৰীক্ষা কৰি গ’ল এইবাৰ । প্ৰেচক্ৰিপচনত বহু কিবা কিবি লিখিলে যদিও এটাই বুজা গ’ল যিহেতু এক্চ ৰে কৰিব লাগিবই আৰু এতিয়া মধ্য নিশা চলি আছে , ৰেডিঅ’লজী ডিপাৰ্টমেন্ট বন্ধ সেয়ে গতিকে পুৱা সাত বজাতহে এক্চৱৰেখন কৰা সম্ভৱ । গতিকে , এতিয়াৰ বাবে এদমিট ।

ওৱাৰ্দৰ বেদত পৰি থকা সৌৰভক নাৰ্ছ এগৰাকীয়ে ইটোৰ পিছত সিটোকৈ কেইবাটাও ইনজেকচন দি গ’ল । হয়টো এই ঔষধবোৰৰ ক্ৰিয়াতে বিষৰ অলপ উপশম ঘটাত তাৰ দুচকুলৈ টোপনি নামি আহিল । কাষত এজন বন্ধু থাকিল যদিও বাকী দুজনৰ থকাত অনুমতি নাই বাবে তেওঁলোক তেওঁলোকৰ ল’জলৈয়ে ঘূৰি গ’ল । কিন্তু তেতিয়াও চঞ্চল গোৱা চহৰৰ চঞ্চলামী কমা নাছিল । পৰহিলৈ খ্ৰীষ্টমাছ , এতিয়া ক’ত কমিব এই চঞ্চলামী , এতিয়াৰপৰা নিউ ইয়েৰৰলৈকে গোৱা চহৰৰ চেহেৰাই বেলেগ হৈ থাকিব আৰু ।

হয় , সৌৰভো আহিছিল সম্পূৰ্ণ দহটা দিনৰ বাবে , লগৰ সুপ্ৰীত , মহেশ আৰু নয়নৰ সৈতে , এইবছৰ খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰ অলপ সুকীয়াকৈ চেলিব্ৰেট কৰিবলৈ । কিন্তু , ঘটনাৰ পাকচক্ৰত এতিয়া হাস্পিতালৰ বেদত ।

দিউতি শেষ কৰি জুলীয়ে তাইৰ স্কুটীখন ষ্টাৰ্ট দিলে , বহুত ভাগৰুৱা অনুভৱ কৰিছে তাই এতিয়া , তাতে কালি নিশা একো খোৱাই নহ’ল তাইৰ , এতিয়া চিধা মাৰিয়া আণ্টিৰ কিটচেন , তাই মনতে ভাবিলে ।

জুলি শৰ্মাৰ মূলটো অসমীয়া যদিও সৰুৰেপৰা তাই বেছিভাগ সময় অসমৰ বাহিৰতেই ডাঙৰ হৈছে , আচলতে কালি তাই যিটো ঠগ ডেনিয়েলৰপৰা খালে সেই একেই ঠগ আজিৰপৰা পচিশ বছৰ আগতে তাইৰ মাক ৰুবীয়েও খাইছিল তাইৰ দেউতাকৰপৰা ।

দেউতাকে গোৱাত চাকৰিসূত্ৰে থাকোতেই ৰুবী নামৰ এগৰাকী খ্ৰীষ্টিয়ান ছোৱালীক লগ পায় , কালক্ৰমত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । দুটা বছৰ বাগৰাৰ অন্তত স্থানীয় গীৰ্জাঘৰত মানুহজনে ধৰ্ম সলনি কৰি ৰুবীক বিয়াও পাতে , কিন্তু এইখন বিয়াত ৰুবীৰ ঘৰৰ মানুহৰ সন্মতি নাছিল । বিয়াৰ পিছতে অসমলৈ আহি ঘৰৰ মানুহক বুজাই ৰুবীক অসমলৈ লৈ যোৱাৰ প্ৰতিশ্ৰূতিৰে তেওঁ ৰুবীৰপৰা বিদায় লয় , কিন্তু মানুহজনৰ সেই প্ৰতিশ্ৰতি সম্পূৰ্ণ নহ’ল । তেওঁ যি গ’ল , নাহিল আৰু ঘূৰি , ফলত ৰুবীৰো অৱস্থা বেয়া হৈ পৰিল । ৰুবীৰ দেউতাকেক গৰ্ভৱতী অৱস্থাত যেতিয়া তাইক নিজ গৃহত স্থান নিদিওঁ বুলি ক’লে তাই চকুৰে মাথো ধুৱলি – কুঁৱলি দেখিলে । উপায়ান্তৰ হৈ তাই মাৰিয়া নামৰ অসমৰ ছোৱালী এজনীৰ লগত থাকিবলৈ ল’লে যি মানুহজনৰ অন্তৰংগ বান্ধৱী আছিল । এইযে যি ওলাই আহিছিল ৰুবী নিজ গৃহৰ পৰা , মৃত্যুৰ সময়লৈকে ঘূৰি নগ’ল আৰু তেওঁ । সময়ত এজনী ছোৱালী জন্ম দি মনৰ আশা মনতে বান্ধি তেওঁৰ সেই অসমীয়া বান্ধৱীৰ হাততে ছোৱালীজনীক গটাই চিৰদিনৰ বাবে বিদায় মাগিলে । আৰু এই মাৰিয়ায়েই সেইক্ষণ ধৰি জুলিৰ মাক – দেউতাক সকলো হৈ আছে এতিয়ালৈকে । মাৰিয়া যিহেতু অসমীয়া ছোৱালী আছিল আৰু জুলিৰ দেউতাকৰ সহপাঠীও আছিল , সেয়ে জুলিক লৈ তেওঁ আহিছিল অসমলৈ , ছোৱালীজনীয়ে মাকৰ মৰম নাপালেও অন্ততঃ দেউতাকৰ মৰমকনকে পাওক বুলি বন্ধুক গতাবলৈ । কিন্তু নোৱাৰিলে জুলিৰ দেউতাকে জুলিক স্বীকাৰ কৰিবলৈ , গোড়া ব্ৰাহ্মণ পৰিয়ালৰ ল’ৰা হোৱাৰ অজুহাত দেখুৱাই তেওঁ ইতিমধ্যেই আন এগৰাকীৰ লগত বিয়াত বহে । ফলত মাৰিয়াই কেচুৱাকনক সাৱতি যি অসম ত্যাগ কৰিলে তেতিয়াই আজিলৈকে তেৱোঁ অসমলৈ ঘূৰি নাহিল । কিন্তু , জুলিকহে হাইস্কুল তেওঁ ডিগবৈৰ পিনৰ এখন খ্ৰীষ্টীয়ান স্কুলত পঢ়োৱায় । মাৰিয়াৰ মতে জুলি প্ৰকৃততে যিহেতু অসমীয়া ছোৱালী , অসমৰ বিষয়ে – অসমীয়াৰ বিষয়ে তায়ো অলপ কিছু জনা উচিত । তাৰোপৰি ৰুবীৰো বহুত আশা আছিল অসমীয়া হৈ অসমত বাস কৰাৰ , কিন্তু মাৰিয়াৰ ইমানখিনি চেষ্টাৰ পিছতো কিন্তু জুলিৰ মনত অসমীয়াৰ প্ৰতি এক ক্ষোভ থাকিয়েই গ’ল সদায়ৰ বাবে । আৰু যেতিয়া মধ্যনিশাৰ আঘাতপ্ৰাপ্ত যুৱকজন অসমৰ বুলি গম পালে , তাইৰ মনত সেইজনলৈও এক ক্ষোভে ঠাই ল’লে ।

: মাৰিয়া আণ্টি , আই এম চ’ হাংগ্ৰী , ক’ত কি আছে চব দিয়া —– জুলিয়ে ফ্ৰেচ হৈয়েই কিটচেনলৈ আহি চিঞঁৰিলে ।

: অহ হ’ , এয়া চিকেন , এয়া পোলাও , এয়া পেষ্টি , এয়া মিঠাই —- অলৰেদি চব ৰেদি আছে তোমাৰ বাবে । —– অলপ বয়সৰ আঁচোৰ পৰা মাৰিয়াই দেখাই গ’ল দাইনিং টেবুলত ঢাকি থোৱা বস্তুবোৰ এফালৰপৰা ।

: ৱাও , দা খ্ৰীষ্টমাছ ষ্পেচিয়েল ফুদ —- জুলিয়ে কৈয়ে এফালৰ পৰা সকলোবোৰৰে অলপ অলপ নিজৰ প্লেটত উলিয়াই ল’লে ।

: আণ্টী , প্লিজ কাম , আজি একেলগে খাম কিন্তু । —– সৰু ছোৱালীৰ দৰে ক’লে এইবাৰ জুলিয়ে । মাৰিয়ায়ো যেন তাইৰ অনুৰোধ এই খ্ৰীষ্টমাছৰ সময়ত উপেক্ষা কৰিব নোৱাৰিলে , য’ৰ কাম ত’তে পেলাই আহিল তেঁৱো তাইৰ লগতে খাবলৈ বুলি ।

: জুলি আজি ৰাতি গীৰ্জালৈ কেইটা বজাত যাবা , মই তোমাৰ বাবে ড্ৰেচ এটা ঠিক কৰি থৈছো —- মাৰিয়াই জুলিলৈ বুলি খ্ৰীষ্টমাছৰ গিফ্ট হিচাপে এটা গাউন আনি থৈছে , যিটো আজি ৰাতি খ্ৰীষ্টমাছৰ প্ৰাৰ্থনাত পিন্ধিব বুলি তাই আশা কৰি আছে ।

: আণ্টী , মোৰ আজিও নাইট চিফ্ট আছে , বাট আই চেল ট্ৰাই টু কেনচেল ইট —- জুলিৰ কথাত মাৰিয়া আচৰিত হ’ল , কি ছোৱালী এইজনী বাৰু , খ্ৰীষ্টমাছৰ দিনাও দিউতি । মাৰিয়াৰ মনলৈ তেওঁ বন্ধু দিনেশ শৰ্মাৰ চেহেৰাটো ভাহি আহিল যি এইদৰেই কৰ্তব্য বুলিলে বলীয়া আছিল ।

সেইদিনা আবেলিতে জুলিয়ে এবাৰ হাস্পিটালত ভিজিট মাৰিলে , চিনিয়’ৰক গৈ ৰিকুয়েষ্ট কৰিলে আজি ৰাতিটোৰ বাবে তাইৰ ঠাইত আন এজনক ল’বলৈ , তাই নগ’লে যে মাৰিয়া আণ্টিৰো মুদ অফ থাকিব তাই ভালকৈয়ে জানে । চিনিয়’ৰে কিনো কয় তাৰেই অপেক্ষাত তাই বহি ৰ’ল এইবাৰ , কিন্তু আমনি লগাত এইবাৰ ওলাই আহিল বৃটিছ – পৰ্তুগীজৰ দিনৰ এই বিশাল হাস্পিতালখনৰ বাৰাণ্ডালৈ । এনেতে তাইৰ মনত পৰিল মদ্যনিশা অহা যুৱকজনলৈ । কিনো ভাবি তাই এইবাৰ খোজ দিলে সেই যুৱকজনৰ ৱাৰ্ডটোলৈ । তাইক সোমাই অহা দেখি ৰোগীৰ লগত থকাজনে বহাৰপৰা উঠি দিলে , তাই চিধাই গৈ এক্চ ৰেৰ ৰিপ’ৰ্টটো চালে , এৰা তাই ঠিকেই ধৰিছিল , ভৰিটোত ফ্ৰেকচাৰ আছে ।

: আপুনি আচামিজ নেকি ? —- সৌৰভৰ প্ৰশ্নত তাই ৰিপ’ৰ্টটোৰপৰা মুৰ তুলি চালে ।

: হাফ আচামিজ । —- তাইৰ চিধা উত্তৰ দিলে ।

: আচলতে , আপুনি অসমীয়াত কথা পাতি থকা শুনিছিলো , সেয়ে সুধিলো ।

: আপোনাৰ ভৰিত ফ্ৰেকচাৰ আছে , অলৰেদী প্লাষ্টাৰটো হৈয়েই গ’ল , বাকী ৰিপ’ৰ্টবোৰ আহিলে দেখা যাব আপোনাক ৰিলিজ দিয়া যাবনে নাই । —- জুলিয়ে নিয়মমাফিক কথাকেইটা ক’লে ।

: অকে মেম —- বুলি সৌৰভে মাথো সেপ ঢুকিলে । ক’ত পাৰ্টি মনাবলৈ আহি এতিয়া হাষ্পিতালত পৰি থাকিবলগীয়া হৈছে । তাতকৈ সি নহা হ’লেই ভাল আছিল ।

সেইদিনা নিশাটোৰ বাবে জুলিয়ে যেনিবা ছুটীটো পালে , মাৰিয়া আণ্টিৰ হাতত ধৰি নতুন গাউনটো পিন্ধি গীৰ্জালৈও গ’ল । মনতে পুনৰ এবাৰ তাই ভাবিলে , সৌ পৰ্তুগীজসকলেই সজা এই গীৰ্জাঘৰটো কিমান পুৰণি , অথচ কিমান ধুনীয়া হৈ আছে এতিয়াও ! তাতে আজিৰ দেক’ৰেচনে যেন গোটেইখনকে হেভেনলৈ ৰূপান্তৰিত হে কৰিছে ।

জুলিয়ে যিহেতু মাথো এক ৰাতিৰ বাবেহে ছুটি লাভ কৰিছিল , পিছদিনা তাই পুনৰ ডিউতিত জইন কৰিলেহি । কিন্তু যেতিয়া জানিলে যে সেই অসমৰ পেচেণ্টজনৰ ভৰিটোৰ অপাৰেচন হ’ব বুলি তাই পুনৰ এবাৰ গ’ল তেওঁক দেখা কৰিবলৈ । অৱশ্যে , তাই নোযোৱা হ’লেও হয় , কিয় জানো বাৰে – বাৰে তাই গৈ সেইজনৰ ট্ৰিটমেন্টৰ খবৰ লৈ আছে তাই নিজেও নাজানে । ইপিনে আজি ডেনিয়েলৰ ঘৰত গৈ তাই নিজেই সি দিয়া সমস্ত উপহাৰ তাৰ মুখলৈকে মাৰি থৈ আহিছে । সকলো আবৰ্জনা পেলাই তাইৰ মনটোও আজি যেন আনদিনাতকৈ বহুত ফৰকাল , সেয়ে নতুন উদ্যমেৰে কামবোৰত মনোনিবেশ কৰিছে ।

যোৱা দহটা দিনত জুলিয়ে যি এদিনেই ছুটি ল’লে , বাকী নিউ ইয়েৰৰ দিনাও তাই দিউতিত থাকিল । তাই যেন এক আকৰ্ষণ হে অনুভৱ কৰিছে সেই অসমীয়া যুৱকজনৰ প্ৰতি , আৰু সৌৰভেও যেন দিনটো তাইলৈকে অপেক্ষা কৰি থাকে । কেনেকৈ দহটা দিন পাৰ হৈ গ’ল কোনোজনেই গমেই নাপালে যেন । কিন্তু চাৰি চকুৰে বহু কথা পাতিলে এইকেইদিনত যদিও ওঠ মৌন হৈয়ে ৰ’ল দুয়োৰে । যেতিয়া দিচচাৰ্জৰ সময় আহিল তাইৰ বুকুখনত যেন কিবা এটাই খুন্দিয়াইহে গ’ল , তাই তাৰ পৰা বিদায় লৈ চিধাই তাইৰ সেই পচন্দৰ – তাইৰ সুখ – দুখৰ লগৰী সেই নিৰ্দ্দিষ্ট বালিচৰত বহি ৰ’লগৈ । তাতেই যেন তাই পুনৰ এবাৰ নিজৰ মনক পঢ়িবলৈ চেষ্টা কৰিলে , কিন্তু পঢ়ি যি অনুমান কৰিলে তাৰবাবে তাই ভয়েই লাগি গ’ল । সদায় বিতৃষ্ণাৰ দৃষ্টিৰে চোৱা অসমীয়া জাতিৰ লোকক তাই কেনেকৈ পুনৰ প্ৰেমত পৰিলে তাকো এজন অসমীয়া যুৱকৰে ! হয় তাই পাগল হ’ল নহয় তাইৰ সমান মূৰ্খ এই পৃথিৱীত নাই , এনে লাগি আহিল তাইৰ । এতিয়া তাই কি কৰে , কেনেকৈ এই অবুজ মনটোক বুজাই তাই , কিয় তাইৰ লগতে এনেবোৰ হ’ব পাৰে বাৰে – বাৰে — বিবিধ চিন্তাই একেলগও জুমুৰি ধৰিলে তাইক । ডেনিয়েলৰ ঘৰত তাইক লৈ হোৱা খেলিমেলিৰ মূলতেইটো তাইৰ অতীত , যি অতীত তাইৰ জন্মদাত্ৰী এজন অসমীয়ায়েই কলংকিত কৰি থৈ গ’ল আজিও দহজনে তাইক হেয়জ্ঞান কৰিবপৰাকৈ । আৰু পুনৰ তাই আকৌ এবাৰ এজন অসমীয়া যুৱকৰ প্ৰেমত পৰি জানি – বুজি খালত ভৰি দিবলৈ গৈ আছিল । তাইৰ নিজৰ ওপৰতেই খং এটা উঠি আহিল ।

সম্পূৰ্ণ দুমাহ লাগিল জুলিক সৌৰভৰ বিষয়ে নভবাকৈ থাকিবলৈ । দুমাহৰ অন্তত তাই অলপ নিস্থাৰ পালে নিজৰেই অবুজন মনটোৰ পৰা । কিন্তু , এয়াও বেছিদিন স্থায়ী নহ’ল , সৌৰভক শেষৰ বাৰৰ বাবে দেখাৰ প্ৰায় তিনিমাহৰ মুৰত সি আহি ওলালহি পুনৰ । যদিও তাৰ ভাষাত সি চেক আপত আহিছে , তায়ো নুবুজা নহয় এয়া যে তাৰ এটা অজুহাতহে মাথো । ইচ্ছা কৰা হ’লে সি ইমানদূৰ নাহিলেও হ’লহেঁতেন , পিছত যেতিয়া প্লেটিনাম প্লেটখন ৰিম’ভ কৰিলেহেঁতেন তেতিয়াও অহা হ’লেই হ’লহেঁতেন অথবা অসমৰে কোনো এখন মেদিকেলত সেই অপাৰেচনটোও কৰি পেলাব পাৰিলেহেঁতেন । অৰ্থাত , সৌৰভে কেতিয়াও গোৱালৈ নহাকৈয়ো থাকিব পাৰিলেহেঁতেন , কিন্তু সি আহিল , মুখেৰে গোৱালৈ অহাৰ উদ্দেশ্য এটা ক’লেও তাৰ সুন্দৰ চকুযুৰিয়ে বেলেগহে কৈ গ’ল তাইক বাৰে – বাৰে সেই আগৰ দৰেই । আৰু পুনৰ জুলি ওভতি গ’ল ইতিমধ্যেই ওলাই অহা বাটেৰে , সকলো জানি – বুজি , নিজৰ অবুজন মনটোক বুজাব নোৱাৰি ।

: আণ্টী , আই ৱান্ট টু মেৰী হাৰ —- সৌৰভক সেইদিনা মাৰিয়াই মাতিছিল দীনাৰলৈ , জুলিৰ মুখত এই অসমীয়া যুৱকজনৰ কথা শুনি – শুনি তেওঁৰো বিদেশত আপোন মানুহ পোৱাৰ দৰেই লাগিছিল , সেয়ে সি অসমলৈ ঘূৰি যোৱাৰ আগত এদিন এসাজ ভাতৰ বাবে আমন্ত্ৰণ কৰিছিল । কিন্তু সেইদিনা দীনাৰলৈ আহি মাৰিয়াক ঘপককৈ কৈ পেলালে সৌৰভে তাৰ মনৰ কথাটো । তাৰ এনে পোনপটীয়া প্ৰস্তাৱত জুলি বাৰুকৈয়ে অপ্ৰস্তুত হ’ল , আৰু মাৰিয়া তাতোকৈ হ’ল আচৰিত । তেওঁ যেন নিজৰ কাণকে বিশ্বাসত নল’ব , এনে লাগিল তেওঁৰ । মাৰিয়াই এইবাৰ জুলিলৈ টেলেকাকৈ চালে , তেওঁৰ সেই চাৱনিত হাজাৰটা প্ৰশ্ন ওলমি থাকিল জুলিলৈ বুলি ।

: আই দ’ন্ট ন’ এবাউট ইট —- বুলি জুলি আতৰি গ’ল তৎক্ষণাত ।

: তুমি জানানে জুলি কোন , জুলিৰ মাক – দেউতাক কোন ! — মাৰিয়াৰ প্ৰশ্নত সৌৰভ অলপ আচৰিত হ’ল এইবাৰ , কিয়নো সি তাইৰ মাক – দেউতাকৰ ইতিমধ্যেই মৃত্যু হৈছে বুলিয়েই জানে । আৰু তাহাঁতি কথানো পাতিছে ক’ত যে এইবোৰ জানিব । তাহাঁতৰ মাজত মুখেৰে কমকৈ চকুৰেহে অধিককৈ কথা – বাৰ্তা হৈছে ইতিমধ্যে ।

: আণ্টি , একচুৱেলি ,ৱি আৰ’ন্ট টাক এবাউট আৱাৰ ফেমিলি ।

: অ’কে , দেন ইউ চুদ ন’ অবাউত হাৰ পাষ্ট । — বুলি মাৰিয়াই এটা – এটাকৈ সকলো কৈ গ’ল সৌৰভৰ আগত , আৰু সৌৰভে মাথো নিৰব শ্ৰুতা হৈ শুনি গ’ল সকলো । কিন্তু , যেতিয়া দীনেশ শৰ্মাৰ নাম ঠিকনাসহ ল’লে মাৰিয়াই , তাৰ ভৰিৰ তলৰ মাটি যেন হেৰাই যাব এনে অৱস্থা হ’ল তাৰ ।

: দীনেশ শৰ্মা — সৌৰভৰ মুখৰপৰা নিজৰে অজানিতে ওলাই গ’ল নামটো ।

: দু য়ু ন’ এবাউট দীনেশ ? হি ৱাজ মাই ক্লাছমেট —- মাৰিয়াৰ দুচকু বহল হ’ল এইবাৰ ।

: ইয়েচ , আই ন’ , হি ইজ মাই ফাদাৰ নাউ —- সৌৰভৰ কথাত মাৰিয়া য’তে আছিল ত’তে থৰ হৈ ৰ’ল । বহুসময় সম্পূৰ্ণ নিস্তব্ধতাই বিৰাজ কৰি গ’ল মাথো ।

: দেন হাউ ইজ ইট পচিবল ? ইউ এন্দ জুলি আৰ চিবলিং নাউ , অ’ গ’দ , হেল্প আচ —- মাৰিয়াই যেন সকলো দোষ ওপৰৱলাজনৰ ওপৰতহে ন্যস্ত কৰিব ।

: ন’ আণ্টী , ইউ আৰ নট চিবলিং একচুৱেলি , হি ইজ মাই স্টেপ ফাদাৰ —- সৌৰভে যিটো সত্য তাকেই ক’লে এইবাৰ । কিন্তু , সিয়ো জানে সমাজৰ দৃষ্টিত এতিয়া জুলি তাৰ ভণীয়েকেই হ’ল , তথাপিও সি সমাজৰ এই দৃষ্টিভংগীক নামানে , কিয়নো প্ৰথমতেই তাৰ আৰু জুলিৰ মাজত তেজৰ সম্পৰ্ক নাই আৰু দ্বিতীয়তে দীনেশ শৰ্মা নামৰ লোকজন যিজন তাৰ বৰ্তমানৰ দেউতাক , তেঁৱো শিক্ষা এটা পোৱা উচিত এজনী নাৰী আৰু এজনী কনমানি সন্তানৰ জীৱনৰ সৈতে খেলা কৰাৰ বাবে । সৌৰভে তাৰ মনৰ কথা মাৰিয়াক খুলা – খুলিকৈ ক’লে এইবাৰ , ভিতৰৰ কোঠাৰ পৰা জুলিয়ে সকলো শুনি গ’ল মাথো । তাই এইবাৰ ওলাই আহিল সৌৰভ – মাৰিয়াৰ ওচৰলৈ , সম্পূৰ্ণ নিৰ্বাক হৈ , তাইৰ যেন ক’বলৈ বহুত কিবা – কিবি আছে , অথচ তাই একোৱেই ক’ব পৰা নাই । তাইক মাথো এতিয়া সময়ৰ আৱশ্যক , জীৱনৰ এই জটিল ক্ষণত সঠিক সিদ্ধান্তত উপনিত হ’বলৈ – নেদেখাজনৰ এনে অকোৱা – পকোৱা অংকবোৰ বুজিবলৈ তাইক সময় লাগে । সৌৰভে বিনাদ্বিধাই সন্মতি দিলে তাইক , যিমান সময় লাগে লওঁক জুলিয়ে , মাথো তাৰ সচাঁ ভালপোৱাক উপলদ্ধি কৰক তাই । মাৰিয়াইহে মাথো কপালত দুহাত দি বহি থাকিল বহুপৰ ।

: জুলি , যদি তোমাৰ অকমানো আপত্তি আছে মোক খুলি ক’ব পাৰা , আৰু শুনা , সকলো অসমীয়া লোক একে নহয় । —- সূৰ্য্যোস্তৰৰ পিছত ছাঁ – পোহৰে খেলা কৰি থকা জুলি আৰু সৌৰভৰ প্ৰথম সাক্ষাতস্থলীস্বৰূপ সেই বালিচৰত বহি সৌৰভে কৈ গ’ল জুলিক ।

: আচলতে কি জানা , মোৰ দেউতা ঢুকাওতে মই তেনেই সৰু আছিলো , তেতিয়া মোৰ ককাই নিজৰ একমাত্ৰ জীয়েকৰ জীৱনৰ কথা ভাবি দীনেশ শৰ্মাৰ লগত মাৰ বিয়াখন পাতি দিয়ে অথচ সেইসময়ত অসমত বিধৱাৰ বিয়া সিমান সহজ নাছিল , তথাপিও ককাৰ বিশাল প্ৰতিপত্তি দেখি সকলো নিমাত হৈ ৰয় । কিন্তু , পিছলৈহে কথাবোৰ অলপ – অলপকৈ পৰিস্কাৰ হ’বলৈ ধৰে , বিশেষকৈ ককাৰ মৃত্যুৰ পিছত । এই দীনেশ শৰ্মাই মাক বিয়া কৰাইছিল মাথো সম্পত্তিৰ লালসাত , কিয়নো তেওঁ যেতিয়াই গোৱাৰপৰা ঘূৰি গৈছিল অসমলৈ , তেতিয়াই ককাৰপৰা তেওঁ অনুৰোধটো পাইছিল , আৰু তেওঁৰ গোৱাত এৰি থৈ যোৱা অধ্যায়টোৰ কথা আজিলৈকে অসমত যিহেতু কোনেও নাজানেই , গতিকে মাহঁতৰ বিয়াখনো সোনকালেই হৈ গৈছিল । কিন্তু ককাৰ মৃত্যুৰ পিছৰপৰাই তেওঁ এই বিশেষ দিনটোৰ অপেক্ষাত আছে কেতিয়া মই বিয়া পাতিম – কেতিয়া তেওঁৰ বোৱাৰী ঘৰলৈ আহিব – আৰু কেতিয়া তাইকে ফুচলাই সমস্ত সম্পত্তি নিজৰ হাতলৈ নিব , কিয়নো দূৰদৰ্শী ককাই উইলখনো বহু একা – বেঁকাকৈ বনাই থৈ গৈছিল , য’ত আমাৰ ভৱিষ্যতৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া গৈছিল । আৰু মই বিচাৰো দীনেশ শৰ্মাই নিজে খন্দা গাতঁত নিজেই ভৰি দিয়ক , কিন্তু তোমাৰ যদিহে অকনমানো আপত্তি থাকে মই জোৰ নকৰো , কিয়নো জীৱনটো প্ৰতিশোধ ল’বলৈ নহয় , জীৱনটো প্ৰেমেৰে উপচাই জী থাকিবলৈহে । কাইলৈ মোৰ ফ্লাইট আছে , তুমি তোমাৰ সিদ্ধান্ত মোক ফোন কৰি জনাবা । মাথো পজিটিভ হ’লেও জনাবা নিগেটিভ হ’লেও জনাবা , কিয়নো নিগেটিভ মানেই এনে নহয় যে আমাৰ মাজত একো সম্পৰ্কই নাথাকিব , বন্ধুত্বৰ এই এনাজৰি সদায় থাকি যাব । —– সৌৰভে অনৰ্গলভাৱে কৈ গৈছে কথাবোৰ । আৰু জুলি , জুলি যেন সৰগ পৰা এটা কপৌলৈহে ৰূপান্তৰিত হ’ল ।

অৱশেষত বহু চিন্তা – চৰ্চা , মাৰিয়া আণ্টিয়েকৰ লগত বহু গুণা – গথা কৰি জুলিয়ে তাইৰ মনৰ আহ্বানক স্বীকাৰ কৰি ল’লে , আৰু যেতিয়া তাই সেই কথা সৌৰভক জনালে সৌৰভ যেন পৃথিৱীৰ ভিতৰতে সুখী ব্যক্তিলৈ ৰূপান্তৰিত হ’ল । সি লগা – লগ মাকক জুলিৰ বিষয়ে ক’লে , মাকেও ভাবী বোৱাৰীক চাবলৈ উত্ৰাৱল হৈ পৰিল , কিন্তু দেউতাকেহে বৰ আগ্ৰহ নেদেখুৱালে , কিয়নো তেওঁ তাৰ বাবে বেলেগ এজনী ছোৱালী ঠিক কৰিছিল । তথাপিও সি পৰিয়ালৰ আনলোককো জনালে যে সি এজনী প্ৰবাসী অসমীয়া ছোৱালীক পছন্দ কৰি থৈ আহিছে , মাথো ছোৱালীজনী বৰ দূৰ্ভগীয়া , তাইৰ মাক – দেউতাকৰ ইতিমধ্যেই মৃত্যু হৈছে , যাৰ বাবে তাই এঘৰ খ্ৰীষ্টিয়ান ঘৰত ডাঙৰ – দীঘল হ’বলগীয়া হ’ল । কিন্তু সি ভুলতো জুলিৰ মাক – দেউতাকৰ নাম নল’লে কাৰোৰে আগত , কিয়নো নাম ল’লেই তাৰ পৰিকল্পনাত চেঁচাপানী পৰিব সেয়ে । মাথো যিসকলে খ্ৰীষ্টিয়ান পৰিয়ালত ডাঙৰ হোৱাৰ বাবে জুলিক বিয়া কৰোৱাত বাধা দিলে সি তেওঁলোকক ষ্পষ্টকৈ জনাই দিলে যে তেওঁলোক নাহিলেও তাৰ বিয়াখন সি তাৰমতেই পাতিব ।

সময়ত মাক আৰু পৰিয়ালৰ কিছু মানুহক লগত লৈ সৌৰভ জুলিৰ ঘৰত উপস্থিত হ’লগৈ । সম্পূৰ্ণ অসমীয়া নিয়ম অনুসৰি তেওঁলোকে গোৱাতে অনুস্থুপীয়াকৈ বিয়াখন পাতি গুৱাহাটীত ডাঙৰকৈ পাৰ্টি দিলেহি । সেই পাৰ্টী আচলতে দুয়ো ঘৰৰ উমৈহতীয়া পাৰ্টী আছিল , যাৰবাবে গোৱাৰ পৰাও বহুখিনি মানুহ – বিশেষকৈ জুলিৰ বন্ধুবৰ্গ আহিছিল গুৱাহাটীৰ ৰিচেপচনত , তাৰোপৰি মাৰিয়াৰো আচল ঘৰ যিহেতু দুলীয়াজানতে আছিল , তাৰো দুই – এজন গৈছিল কইনাঘৰীয়া হৈ । বিয়াখন আশা কৰামতেই বহুত উলহ – মালহেৰে হৈ গ’ল । সকলো সুখী হ’ল এই বিয়াখনক লৈ , সৌৰভ – জুলি – মাৰিয়া – সৌৰভৰ মাক সকলো । মাথো সৌৰভৰ দেউতাক দীনেশ শৰ্মাইহে যেন বৰ ভাল নাপালে , অৱশ্যে সেয়াও গোপনে – গোপনেই ৰ’ল ।

কথাতে কয় , ” সময়ৰ শৰ সময়তেই মৰা উচিত ” , আৰু এদিন সেই সময় জুলিৰ জীৱনলৈও আহিল , যিদিনা তাইক শহুৰেকে বিবিধ অজুহাত দেখুৱাই কিছু কাগজ – পাতিত চহী কৰিবলৈ দিলে , তায়োটো অ’ত’দিনে এইটো ক্ষণৰ বাবেই অপেক্ষা কৰিছিল ।

: দেউতা , আপুনি বিয়াতটো গোৱালৈ নগ’ল , এবাৰ যাব মোৰ লগতে , এনেও মাৰিয়া আণ্টিয়ে আপোনাকচোন মাতি থৈ গৈছেই । —- চহী কৰিবলৈ দিয়া কাগজকেইখন লিৰিকি – বিদাৰি চাই – চাই ক’লে জুলিয়ে ।

: অ’হ , যাব লাগিব , যাব লাগিব —- দীনেশ শৰ্মাই তাইৰ সুৰতে সুৰ মিলালে এইবাৰ ।

: আপোনাৰ বাৰু তাত কোন কোন আছে ? —- জুলিৰ প্ৰশ্নত অলপ অপ্ৰস্তুত হ’ল যেন তেওঁ ।

: ক’ত ?

: গোৱাত দেউতা — জুলিয়ে এইবাৰ হাঁহি ক’লে ।

: মোৰ আকৌ কোন থাকিব তাত , কোনো নাই , এই মাৰিয়াই আছিল যি মোৰ সহপাঠী । —- তেওঁৰ উত্তৰ গহীন হ’ল এইবাৰ ।

: নহয় , আন কোনোবা ………

: নাই , মোৰ কোনো বন্ধু – বৰ্গ নাই তাত

: মই বন্ধুৰ কথা নাই কোৱা দেউতা , কোনোবা আপোন মানুহ —- জুলিৰ মুখত ৰহস্যৰে ভৰা হাঁহি এটা ফুটি উঠিল এইবাৰ ।

: তুমি কি ক’ব বিচাৰিছা ? —- দীনেশ শৰ্মা এইবাৰ অলপ ওচৰ চাপি আহিল তাইৰ

: মই কি ক’ব বিচাৰিছো আপুনি ভালকৈয়ে জানে দেউতা , কোন কোন আছে তাত কওঁক ।

: কোনো নাই বুলিছো , কোনো নাই — এইবাৰ মানুহজন ফোপাই উঠিল । তায়ো তেওঁক নেৰিলে এইবাৰ ——

: কিয় আপোনাৰ প্ৰথমা পত্নী , ৰুবী আৰু আপোনালোকৰ কন্যাসন্তানটি ??? ক’ত আছে তেওঁলোক ???? —- জুলিয়ে তেওঁৰ চকুত চকু থৈ সুধিলে এইবাৰ ।

: কিন্তু , মাৰিয়াই তোমাক এইবোৰ কিয় ক’লে

: কিয়নো ৰুবীয়েই হৈছে মোৰ মা , যাক আপুনি মনোকষ্ট দি দি হত্যা কৰিলে , বুজিলে —– জুলিৰ দুচকুৰে দুটোপাল উত্তপ্ত চকুলো নিগৰি আহিল এইবাৰ ।

: জুলি , তাৰমানে তুমি মোৰ ……… —- এইবাৰ দীনেশ শৰ্মা আবেগিক হৈ পৰিল

: কোনো নহয় মই আপোনাৰ , হয় যদি আপোনাৰ সতীয়া পুত্ৰৰ বোৱাৰী হয় মাথো —- জুলিৰ দুচকুৰে যেন অগ্নিহে বৰশিব , তাই পুনৰ ক’লে —-

: সাহস আছে যদি কওঁকগৈ সমাজক , ৰুবী কোন , জুলি কোন —- এইবাৰ কান্দি – কান্দি জুলি ওলাই গ’ল কোঠাটোৰ পৰা , আৰু দীনেশ শৰ্মা , দীনেশ শৰ্মাই বহা ঠাইতেই বহি ৰ’ল ইয়াকে ভাবি , আজি তেওঁ নিজ জীয়ৰীক নিজৰ বুলি চিনাকি দিবও নোৱাৰে অথচ যেতিয়া পাৰিলেহেঁতেন তেতিয়া মাথো তেওঁ গা এৰা দিলে । আৰু ৰুবী , ৰুবী তাৰমানে নাই আৰু । তাইৰ লগত যদিও তেওঁ মাথো ফূৰ্তিহে কৰিছিল , তাই কিন্তু ভালপোৱাৰ উচিত শাস্তি দি গ’ল তেওঁক , যি সত্যক তেওঁ কেতিয়াও কাৰো আগত ব্যক্ত কৰিব নোৱাৰে , অথচ প্ৰতিটো ক্ষণ হজম কৰি থাকিব লাগিব ।

✍️ উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

4 + 5 =