আপোন মানুহ

: এই আচম্বিত পৰিস্থিতিত জৰুৰ ভাৰতৰ হাত আছে । পাকিস্তানত আগতে এনেকুৱা বানপানী হোৱা নাই । সিন্ধুৰ নৈৰ গতিত খেলিমেলি লগাই পাকিস্তানক শ’লঠেকত পেলাব খুজিছে ভাৰতে । – খাদিমৰ কথাখিনিয়ে সঁচাই বিকিৰণত বিৰক্ত কৰিলে । এনকুৱা কেইবাটাও সন্ধিয়া সি আগতেও ভাৰতবিৰোধী কথা-বতৰাৰে বিষময় কৰি পেলাইছিল; আজিও কৰিলে । মানুহটো বিকিৰণৰ সমূলি হজম নহয় । ৰাজেশে অথবা মতিমৰাণেহে মাথোন তাক সদায় মাতে । ৰাজেশৰ যুক্তি, ইয়াত কাম কৰা সি একমাত্ৰ পাকিস্তানী । আমি যিহেতু চুবুৰীয়া, গতিকে বিদেশত আমি মিলি-জুলি থকা উচিত; বিদেশত আৰু কি মই ভাৰতীয়, তই পাকিস্তানী কৰি থাকিবলৈ আছে ! – হুঃ, বৰ মানৱতাবাদী ! মতিমৰাণৰো যুক্তি একেই । কাজেই, তাৰ সন্মতি নাথাকিলেও, যেতিয়াই আবেলি সিহঁত একেলগ হয়, তেতিয়াই অৱধাৰিতভাবে উপস্থিত থাকে খাদিম । আৰু থাকি সি বাকীকেইজনৰ মাতৃভূমিৰ বিৰুদ্ধে প্ৰতিবাৰেই কিবা নহয় কিবা এটা উলিয়াই । সেইকাৰণেই তাক বিকিৰণে সমূলি দেখিব নোৱাৰে ।

মাজতে এদিন সি উলিয়াইছিল ভাৰতত হিন্দুসকলৰ মৃতদেহ দাহৰ কথা । সেয়া হেনো বৰ নিৰ্দয় কথা; মানুহ এজনৰ শৰীৰটো জ্বলাই দিয়ে ! মুছলমানসকলে ইমান নিৰ্দয় কথা ভাবিবও নোৱাৰে । তেওঁলোকে মৃতদেহটো পুতি থয় । বিকিৰণৰ মতে সেইটোওতো নিৰ্দয় কথা ! মাটিৰ তলত মানুহ এজনক পুতি থোৱাটো নিৰ্দয় নহয়নেকি কিবা ?

অন্য এদিন সি উলিয়াইছিল হিন্দুৰ দেৱ-দেৱীসকলৰ কথা । ইমান দেৱ-দেৱী, ইমান মন্দিৰ, ইমান পূজা-পাতল ! কিন্তু মুছলমানসকলৰ ঈশ্বৰ মাত্ৰ এজন; কিমান সুবিধাৰ আৰু যুক্তিকৰ কথা ! বিকিৰণে কৈছিল, ইয়াত কি যুক্তি-অযুক্তি আছে ? যিয়ে যি ৰূপত ঈশ্বৰক পূজিছে, সেইমতেই তেওঁ শান্তি পাইছে । তাত আকৌ আপত্তি কৰিবলৈ কিটো আছে ?

: যি দেখিছোঁ, ডিঙিত হিকটি আহিলেও তোমালোকে ভাৰতবৰ্ষৰ যড়যন্ত্ৰ বুলিয়েই ক’বা ।

: কোনে জানে, হ’বও পাৰে । ভাৰতৰ ৰই দেখোন কৰাছীত হুলস্থূল লগায়েই থাকে । বেলুচিস্তানৰ বিচ্ছিন্নতাবাদীবিলাককো ভাৰতেই ধন, অস্ত্ৰ আদিৰে সহায় কৰে । পূব-পাকিস্তানকতো ভাৰতেই ফালি নিলে পাকিস্তানৰ পৰা; ছায়া-যুদ্ধৰ দ্বাৰা ।

: আৰু তোমালোকৰ দেশৰ কথা কিয় নোকোৱা ? ভাৰতৰ ডাঙৰ ডাঙৰ গেংষ্টাৰবিলাক কিয় পাকিস্তানত থাকে ? সন্ত্ৰাসবাদী হাফিজ চয়ীদ কেলেই পাকিস্তানৰ ৰাজকীয় অতিথি ? নাই নাই বুলি কৈ থকা লাডেন পাকিস্তানৰ ৰাজধানীৰ ওচৰতে কেনেকৈ ওলাল ? তোমালোকৰ পাকিস্তান এখন মিছাকথীয়াৰ দেশ । কয় এটা, কৰে এটা ।

: আৰে’ বাদ দিয়া । দেখিছোঁ নহয়, ভাৰতে কাশ্মীৰৰ কি অৱস্থা কৰিছে । মুছলমানবিলাকক কুকুৰ-মেকুৰীৰ দৰে গুলীয়াই মাৰে, মুছলমান মহিলাক ধৰ্ষণ কৰে, মছজিদ ভাঙি দিয়ে । মানৱতাৰ ফালৰপৰা এইবোৰ কিমান জঘন্য অপৰাধ !

: আহা ! তোমালোকৰ পাকিস্তান একেবাৰে ধোৱা তুলসীৰ পাত । বেলুচিস্তানৰ অৱস্থা আইএচআয়ে কি কৰিছে ? নৰ্থ-ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সত কি ঘটিছে ? েস; পাক-অধিকৃত-কাশ্মীৰত যেন মুছলিমকেইটা একেবাৰে ৰজাৰ দৰে ইলাহীকৈ থাকে ! এওঁৰ কথা চোঁৱা ।

: এক মিনিট । কি পাক-অধিকৃত-কাশ্মীৰ, পাক-অধিকৃত-কাশ্মীৰ কৰি থাকাহে তোমালোক ভাৰতীয়বিলাকে ? সেয়া আজাদ কাশ্মীৰ । আচলতে গোটেই জম্মু-কাশ্মীৰেই আজাদ হ’ব লাগিছিল; ভাৰতেহে জোৰ-জবৰদস্তি কৰি অধিকাৰ কৰি ৰাখিছে !

খাদিম আৰু বিকিৰণৰ তৰ্ক বেগেৰে বৈ যোৱা লোৰৰ পানীত সৰা-পাত এখিলা ইফালে এবাৰ সিফালে এবাৰ খুন্দিয়াই-মুন্দিয়াই যিদৰে আগবাঢ়ে, সেইদৰে এবাৰ ইটোৰ জিভাত, এবাৰ আনটোৰ জিভাত ঠেকা খাই খাই আগবাঢ়িল । মতিমৰাণ পোৱাহি নাই; তাৰ এক্সপেৰিমেণ্ট এটা চলি আছে; লেবৰেটৰীত নিগনিকেইটাক আহাৰ দিহে সি আহিব । ৰাজেশে মাংস ৰান্ধিছে; তথাকথিত ভাৰতীয় ধৰণে । আচলতে সি শুদ্ধ তামিল পদ্ধতিতহে ৰান্ধে; এসোপামান জ্বলা-মছলা দি । খোৱাৰ সময়ত প্ৰায়েই বিকিৰণৰ চকুৰ পানী ওলায় । হ’লেও বাকীকেইটাই যিহেতু ৰান্ধি বেয়া পায়, গতিকে সিহঁত য’তেই গোট নাখাওক, সাধাৰণতে ৰন্ধাৰ দায়িত্ব পৰে ৰাজেশৰ ওপৰতে । ৰান্ধি ভালো পায় সি । সি ৰান্ধে; বাকীকেইজনে ৰন্ধাৰ যোগাৰ-মোগাৰখিনি, যেনে, মাংসখিনি ধুই দিয়া, মছলাখিনি মিহলাই দিয়া, জলকীয়াখিনি ধুই-কাটি দিয়া, ধনীয়া পাতখিনি কুটি দিয়া, এইবোৰ কৰে । তাৰ মাজতে বিভিন্ন বিষয়ৰ কথাও চলি থাকে । মাজতে প্ৰায় সদায় খাদিমে ভাৰতবিৰোধী মন্তব্য এটা দিয়ে আৰু বিকিৰণে মুখ-পাতি ধৰে; তৰ্ক হয়, সৰু-সুৰা গৰমা-গৰমিও হৈ যায় । বিকিৰণ, ৰাজেশ আৰু মতিমৰাণ ভাৰতীয়, খাদিম অকলে পাকিস্তানী; কিন্তু ৰাজেশ আৰু মতিমৰাণে তৰ্ক-বিতৰ্কত বৰকৈ ভাগ নলয় বাবেই চাগৈ, খাদিমে বৰ সাহ পায়; সি ভাৰতৰ কুৎসা-ৰটনা কৰিবলৈ ভাল পায় । গতিকে তৰ্ক সচৰাচৰ হয় খাদিম আৰু বিকিৰণৰে মাজত ।

মতিমৰাণ ওলালহি; সি এলক’হ’ল-ফ্ৰী ড্ৰিংক্ছ লৈ আহিছে । আগতে সিহঁত তিনিটাই এলক’হ’লযুক্ত ড্ৰিংক্ছেই খাইছিল; কিন্তু খাদিমৰ তাত আপত্তি । এলক’হ’ল খোৱা, আনকি তাৰ ওচৰলৈ যোৱাও হেনো তাৰ ধৰ্মই নামানে; গতিকে ৰাজেশ আৰু মতিমৰাণে আজিকালি নিয়ম সলাইছে। অৱশ্যে খাদিমে এলক’হ’ল-ফ্ৰী ড্ৰিংক্ছো নাখায় ! আনকি মাংসও সি হালাল নহ’লে নাখায় (মাংসও সেইবাবে সিহঁতে আজিকালি হালাল কৰা তুৰ্কীছ দোকানবিলাকৰ পৰা কিনা কৰিছে) । বিকিৰণে আপত্তি কৰে, কি দৰ্কাৰ এটা গোড়া পাকিস্তানীৰ বাবে আমাৰ নিয়ম সলোৱাৰ । পিছে উপায় নাপাই সি এই নতুন নিয়মৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে ।

মতিমৰাণে ড্ৰিংক্ছ খুলিলে, কথাৰ পেৰাও খুলিলে । বেলেগ বেলেগ বিষয়ৰ আলোচনা আৰম্ভ হ’ল । দীপ্লিপ টানিয়াৰ প্ৰতি ৰাজেশৰ দুৰ্বলতা, থমাছ ব’লাৰৰ টেকেলী-পেটটো, য়ুৰ্গ অ’য়েটিকাৰে বিকা টিটানভূৰ্জৰ দুৰ্গন্ধিৰ১ বটল আৰু তাকেই আগ্ৰহেৰে কিনা এই মানুহবিলাকৰ অদ্ভূত চখবিলাক, এণ্টনিয়’ক লৈ ফাচ্লাফ মাণ্ডাকে সুবিধা পালেই কোৱা হাঁহি-নুঠা কৌতুকবিলাক, ফ্ল’ৰিয়ানৰ গাৰ্লফ্ৰেইণ্ডজনীৰ অহংকাৰী মুখখন, ৰছিদ আকবেৰগেন’ভৰ ফুটবলৰ নিচা, বাসত্তৰ বছৰীয়া টমাছ হঃনে গাভৰু ছোৱালীৰ উদং-ভৰিক লৈ কৰা মন্তব্য, মতিমৰাণে উৎসৱৰ২ সময়ত এমষ্টাৰডামলৈ গৈ হোৱা ভাং আৰু মুকলি দেহা-বেপাৰৰ অভিজ্ঞতা, চেন্থিলক কেইবছৰমানৰ আগতে টাউনত কেইজনমান মানুহে গুৰুলা-গুৰুলকৈ পিটাৰ পিছতো যে কোনো বচাবলৈ নাহিল, সেই ঘটনাৰ আলমতে ইয়াত এতিয়াও বৰ্তি থকা ৰেচিয়েল ডিছক্ৰিমিনেশ্বন, ৰাছিয়ান কাত্যাহঁত সোনকালে বিয়া হৈ যোৱাৰ আঁৰত থকা ৰাছিয়াৰ সামাজিক নিৰাপত্তাহীনতা – এটাৰ পিছত এটা বিষয়লৈ আলোচনা বাগৰিল, ড্ৰিংক্ছৰ বটল খালী হৈ গৈ থাকিল আৰু মাজে মাজে ৰাজেশ উঠি গৈ মাংসখিনি সিজিছে নে নাই পৰীক্ষা কৰি থাকিল । এসময়ত ঘোষণা আহিল, মাংস সিজিল ।

সেয়া মাথোন তিনিদিনৰ আগৰ কথা । জ্বৰ-পানীলগা ঠাণ্ডাৰ দিনত হয়েই ইয়াত; শীতৰ আৰম্ভণিৰ আগে আগে ইয়াত ফ্লুৰ ভেক্সিন লোৱাটো নিয়মৰ দৰেই । তথাপি দেখিবা, মানুহবিলাকে নাক-মোহৰা কাগজৰ পেকেট একোটা লৈয়েই ফুৰে । ফুটপাথত খোজ কাঢ়ি গৈ থাকিবা; হঠাতে শুনিবা – সোঁৎ… । দেখিবা, ওলোটাকৈ আহি থকাজনে কাগজ এখনেৰে নাকটো মোহাৰিলে; বগা জোঙা নাকটো তেনেই ৰঙা পৰি গ’ল ! হাঁহিহে উঠে; এনেকুৱা লাগে, ভাৰতবৰ্ষত থাকিলে ইহঁত চৰ্দি লাগিয়েই মৰিব দেখোন; ধূলি-বালি-বীজাণুৰ মাজত ।

সিহঁতৰ বিভাগতো কেইবাজনৰো চৰ্দি লাগিছিল । চিন্তা কৰিবলগীয়া একো নাছিল । কিন্তু কেইটামান দিনৰ ভিতৰতে পৰিস্থিতি তেনেই সলনি হৈ গ’ল । দ্ৰুত বেগত সংক্ৰমণ বাঢ়িবলৈ ধৰিলে; ধৰা পৰিল, এয়া সাধাৰণ পানী-লগা নহয় । বয়সীয়া বহু লোকৰ মৃত্যুও হ’ল । আৰু পৰিস্থিতি চাই চৰকাৰে অচিৰেই ঘোষণা কৰিলে লকডাউন ! সাজু হ’বলৈ সময়েই নাছিল; বিশেষকৈ সিহঁতৰ । সিহঁত হ’ল নিজৰ নিজৰ সৰু একোটা এপাৰ্টমেণ্টত থকা একো একোজন ডঙুৱা মানুহ । দিনটো পৰীক্ষা-নিৰীক্ষা, পে’পাৰ, চেমিনাৰ, প্ৰেজেণ্টেচন – এইবোৰত লাগি থাকে । মেন্চাতেই৩ দুপৰীয়াৰ সাঁজ খাই; তাত বেলেগ বেলেগ ধৰণৰ খাদ্যও পাই, দামো বেছি নহয়; চলি যায় । সন্ধিয়া প্ৰায়েই আটাইকেইটা গোট খাই; একেলগে ৰান্ধে, খায়; খাই আহি শুই থাকে । অগত্যা হ’লে ফ্ৰিজৰ ব্ৰেড, বাটাৰ, গাখীৰ উলিয়াই, কেতিয়াবা কণী সিজাই, কেতিয়াবা ফটাফট অমলেট এটা কৰি, চিজ এডোখৰ কাটি – কিবাকৈ পেটটো ভৰাই লেপ্টপটোতে কিছু সময় কটাই শুই থাকে । বন্ধ পালেই গোট-বান্ধি ফুৰিবলৈ যায়; চেণ্ডুইছ, তেতিয়া ক’ল্ড-ড্ৰিংকেৰে পেট ভৰাই । বেছিকৈ বজাৰ-সমাৰ কৰাৰ অভ্যাসো নাই; দৰ্কাৰো নাই !

যেতিয়া চৰকাৰে লকডাউন দিলে, বিকিৰণেও বজাৰ নকৰাকৈ নাথাকিল, কেইবাদিনো চলি যাব পৰাকৈয়ে । কৰি মনটো মুকলি লাগিল । হ’ব; বাহিৰলৈ নোলোৱাকৈ দহ-পোন্ধৰদিন চলি যাব । ইণ্টাৰনেট, কিতাপ-পত্ৰ, ঘৰলৈ ফ’ন-কল, চিনেমা – আমনি লাগিলেও অন্য উপায় নাছিল । বাহিৰত ভয়ংকৰ পৰিস্থিতি । ৰাস্তাত ওলোৱা সমূলি বন্ধ; পুলিচ তৎপৰ ।

ভাত, ৰেডিমেদ ৰুটি, ব্ৰে’ড, দাইল, কণী, চচে’জ, আলু – এইবোৰ খাই কেইদিনমান চলাৰ পিছতহে লেঠা লাগিল । এইবাৰেই সৰহকৈ বজাৰ কৰি পাইছে সি; অনভ্যাসৰ বাবে কিনিবলগীয়া সৰু কিন্তু প্ৰয়োজনীয় বস্তু কেইবাটাও কিনিবলৈ থাকিয়েই গ’ল । এনেকুৱা হ’লগৈ যে কেতিয়াবা হয়তো ভাত আৰু কণী সিজাই, তাতে বাটাৰ অলপ ঢালি দুপৰীয়াৰ সাঁজ খাবলৈ বহিছে; দেখে নিমখৰ দানা কেইটামানহে আছেগৈ । কেতিয়াবা আবেলি পৰত চাহ একাপ খাবলৈ মন গৈছে; দীঘল দীঘল হামিয়ে চকুপানী উলিয়াইছে – কেট্লটোত পানী উতলাই কাপটোত ঢালিবলৈ লৈ দেখিছে, চাহপাতৰ পেকেট নাই !

ইফালে ক’ভিড যোৱাৰ উমঘামেই নাই । দৈনিক আক্ৰান্ত মানুহ, মৃতকৰ সংখ্যা বাঢ়িছে; এম্বুলেন্সৰ চাইৰেনবিলাক ঘনাই বাজিবলৈ ধৰিছে, হস্পিটেলত হেনো ৰোগীৰ বাবে ঠাই নোহোৱা হৈছে । ফলত লকডাউনৰ নিয়মবোৰ কঠোৰতৰ হৈছে ।

: বস্তু কেইটামান বৰ দৰ্কাৰী আছিল; কেনেবাকৈ মেনেজ কৰিব পৰা যাবনে ? – শেষত এদিন উপাই নাপাই সি চিনাকী দোকানীজনক ফ’ন কৰিলে । মানুহজন শ্ৰীলংকাৰ পৰা অহা তামিল আশ্ৰয়ী । শ্ৰীলংকাৰ গৃহযুদ্ধৰ সময়ত বহুসংখ্যক তামিল আশ্ৰয়প্ৰাৰ্থীক এই দেশখনে নাগৰিকত্ব দিছে; তেওঁলোকৰ নতুন প্ৰজন্মৰ স্থানীয় মানুহৰ লগত প্ৰভেদ নাই যদিও বহুবোৰ প্ৰথম প্ৰজন্মৰ শৰনাৰ্থীয়ে এপাৰ্টমেণ্টৰ কোঠা একোটাতে সৰুকৈ ভাৰতীয় খাদ্য-সামগ্ৰীৰ দোকান, অকণমানি ভাৰতীয় ৰেষ্টুঁৰা, টে’ক-এৱে’ আদি চলায় । বিকিৰণৰ এইজন মানুহ ৰাজেশৰ যোগেৰে চিনাকী ।

: লকডাউনৰ মাজত কেনেকৈ দিওঁ ? চৰকাৰে গম পালে …

: নাই, চাওক, বস্তুকেইটা অত্যন্ত দৰ্কাৰী । নিমখ, চাহপাত, চাবোন – এনেকুৱা । মই সন্ধিয়া মনে মনে ওলাম; আপোনাক ফ’ন কৰিম । আপুনি বস্তুকেইটা বান্ধি ৰাখিব; মই লৈ সাউৎকৈ গুচি আহিম । এইডোখৰনো কিমান – কোৱাৰ্টাৰ কিল’মিটাৰ ? সিমানো নহ’ব । – বিকিৰণে বুজিলে, জোৰ কৰিলে বস্তুকেইটা মানুহজনে দিব । ৰাজেশে তেনেকৈয়ে মেনেজ কৰিছে । অৱশেষত মানুহজনে মানিলে ।

সন্ধিয়া বিকিৰণে বস্তুকেইটা লৈ উভতি আহিবলৈ লৈছে, ঘটনাটো তেতিয়াই ঘটিল; ভাগ্যই তাক লগ এৰা দিলে । ক’ৰপৰা জানো, চাৰিজনমান পুলিচ ওলালহি আৰু তাক স্থানীয় ভাষাত সোধাসুধি কৰিবলৈ ধৰিলে । তেওঁলোকৰ লিখিত-ভাষাটোৰ এটা ৰূপ, পিছে কোৱাটো বেলেগ । আনুষ্ঠানিক কাম-কাজ ইংৰাজীতেই চলে; তথাপি, লিখিত-ভাষাটো বিকিৰণে কিছু আয়ত্ব কৰিছে; কিন্তু কথিত-ভাষাটো শিকাৰ সাধ্য নাই । ভাষাৰ অসুবিধাটোৱে প্ৰথমে দুয়োপক্ষক জঞ্জালত পেলালে । সি ইংৰাজীতে বুজাবৰ চেষ্টা কৰিলে – বস্তুকেইটা কিমান জৰুৰী, পুলিচকেইজনে নুবুজিলে, উত্তেজিত হৈ তাক গালি পাৰিলে, তাৰ পিছত ভাবুকি দিলে আৰু শেষত এম্বুলেন্স এখন মাতি তাক উঠাই পঠিয়াই দিলে ।

বিকিৰণ আতংকিত হ’ল । বিদেশত চাকৰি কৰি তাৰ আবহাৱা উপভোগ কৰাটো এটা কথা আৰু বিদেশৰ পুলিচৰ ৰোষত পৰাটো অন্য এটা কথা । আতংক শংকালৈ পৰিণত হ’ল যেতিয়া তাক নি পুলিচ-ষ্টেচনৰ লকআপত সুমুৱাই দিয়া হ’ল । ওপৰ-খাপৰ এজন বিষয়াই তাক ভঙা ভঙা ইংৰাজীত ক’লে, তাক সদ্যহতে ক’ভিড-টেষ্ট হ’ব; পিছৰ কথা পিছত । নিগেটিভ ৰিপ’ৰ্ট আহিলে নিশ্চয় তাক ঘৰলৈ ওভতাই পঠাব; সি তেনেকুৱাকৈয়ে আশা কৰিলে ।

লকআপত কেইবাঘণ্টাও থাকিল বিকিৰণ । নিজ-দেশৰ লকআপত সোমাই সি পোৱা নাই; কিন্তু এইখন দেশ বাহিৰত যিমান ভাল যেন লাগে, লকআপৰ ভিতৰত তাৰ ওলোটা অনুভৱ হ’ল । লকআপত কোঠালীটোত কেইখনমান কাঠৰ চকী; কাষতে বাথৰুম । একাষে সৰু বেচিন এটা । টেবুল এখনত কেইখনমান পুৰণি স্থানীয় আলোচনী । ৰুমটোত কেইবাজনো মানুহ; তাক ধৰি মুঠতে পাঁচজন । সিহঁত হয়তো আগৰে চিনাকী, নহয় ইয়াত চিনাকী হোৱা; স্থানীয় । নিজৰ মাজতে সিহঁতে কথা পাতি মাজে মাজে হাঁহি উঠিছিল; বিকিৰণ উচপ খাই যোৱাকৈ । প্ৰথমে তালৈ দেখুউৱা সিহঁতৰ উৎসুকতা অচিৰেই লোপ পালে । সিহঁতে হয়তো ভাবিলে, এইটো গুৰুত্ব দিবলগা প্ৰাণী নহয়; বাদ দিলে ।

টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিল; কিন্তু বিকিৰণৰ ঘৰলৈ ঘূৰি যোৱাৰ সপোন নফলিয়ালে । দীঘলীয়া উৎকণ্ঠা আৰু অপেক্ষাৰ পিছত এটা সময়ত তাক জনোৱা হ’ল, আইন উলংঘাৰ অপৰাধত তাৰ ওপৰত আইনী-প্ৰক্ৰিয়া চলিব । তেতিয়ালৈকে তাক কাৰাগাৰত ৰখা হ’ব । প্ৰায় দুঘণ্টা দুৰৰ মহানগৰখনৰ কাৰাগাৰলৈ তাক লৈ যোৱা হ’ল ।

বিদেশৰ কাৰাগাৰ হৈ পৰিল বিকিৰণৰ বাবে এক ভয়ংকৰ নৰক-শাস্তি । কুঠৰীটোৰ একমাত্ৰ আচবাব অকণমানি পুৰণি বিচনাখন, কৰ্তৃপক্ষৰ আৰু একো ৰখাৰ ইচ্ছাও নাই, আৰু ইচ্ছা থাকিলেও ঠাই নাই । বাথৰুমটো লেতেৰা, দুৰ্গন্ধময় । কুঠৰীটোৰ দুৱাৰখন বন্ধ হোৱাৰ পিছত বাহিৰৰ লগত বিকিৰণ একেবাৰে সম্পৰ্কহীন হৈ পৰিল । পুৱা, দুপৰীয়া আৰু ৰাতি তিনিসাঁজকৈ আহাৰ, টীভী আৰু কাকত-আলোচনী-কিতাপ থকা এটা কোঠাত নিৰ্দিষ্ট সময়ৰ বাবে কটোৱাৰ অনুমতি – এইখিনি সময়েই অন্য মানুহ দেখা পোৱা যায় । কথা-বতৰা আৰু টীভী-আলোচনীৰ ভাষা – সকলো স্থানীয়; কথা-পাতিবলৈকো সি লগ এটা নাপালে । হতাশা, আশ্ৰয়হীনতা, আৱসাদ – এইবোৰে তাৰ আত্মবিশ্বাস তিলতিলকৈ কুটি খাবলৈ ধৰিলে; শেষলৈ এক ভয়ানক ভৱিষ্যতৰ আতংক তাৰ হিমজুলৈকে সোমাই পৰিল । বাহিৰৰ লগত নিজেই যোগাযোগ কৰাৰ উপায় তাৰ নাছিল; কৰ্তৃপক্ষই তাক ওচৰ-সম্পৰ্কীয় পৰিয়ালৰ কথা সুধিছিল মাথোন। বন্ধু হিচাপে সি স্বাভাৱিকতে ৰাজেশ আৰু মতিমৰাণৰ কথাই কৈছিল । আশা কৰিছিল, সিহঁতক কৰ্তৃপক্ষই যোগাযোগ কৰিব আৰু কিবাপ্ৰকাৰে সিহঁতে তাক সহায় কৰিবলৈ সক্ষম হ’ব । কিন্তু তেনেকুৱা একো নহ’ল । সিহঁতে প্ৰকৃততে খবৰ পালে নে নাই, নে কৰ্তৃপক্ষই মাথোন তাক কথাকেইটা সুধি আনুষ্ঠানিকতাহে কৰিলে, সি নাজানিলে । পিছৰতো হোৱাৰেই সম্ভাৱনা প্ৰৱল বুলি সি ধৰি ল’লে ।

পোন্ধৰটা দিন পোন্ধৰটা যুগত পৰিণত হ’ল আৰু এই পোন্ধৰটা যুগত হাজাৰটা প্ৰলয়ে বিকিৰণৰ ভিতৰৰ পৃথিৱীখন যেন তচনচ কৰি গ’ল ! পোন্ধৰ দিনৰ দিনা শাৰীৰীক-মানসিকভাবে সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা বিকিৰণলৈ যেতিয়া কৰ্তৃপক্ষই মুক্তিৰ খবৰ লৈ আহিল, প্ৰতিক্ৰিয়া দেখুৱাবৰ মানসিক স্থিতি অথবা শক্তি বিকিৰণৰ নাছিলগৈ । তাক জনোৱা হ’ল, আহিবৰ দিনৰপৰা এইখন দেশত তাৰ বিৰুদ্ধে কোনো বেআইনী-কাৰ্য্যৰ অভিযোগ নাই; সেইবাবেই ভৱিষ্যতলৈ কঠোৰ সতৰ্কীকৰণ-সহকাৰে তাক মুক্তি দিয়া হৈছে । তাৰ ম’বাইল ফ’ন, পইচাৰ বেগ আদি ঘূৰাই দিয়া হ’ল; মুখত পিন্ধিবলৈ মাস্ক, মোহাৰিবলৈ চেনিটাইজাৰ আদি দিয়া হ’ল । প্ৰয়োজনীয় কাগজী কামবিলাক কৰি-মেলি, কেইবাখনো কাকতত তাৰ চহী কৰাই বিকিৰণক মুক্তিৰ বাবে সাজু কৰা হ’ল । প্ৰথম অৱস্থাত নিৰাসক্ত হৈ থাকিলেও শেষলৈ বিকিৰণক অস্থিৰতা আৰু অনিশ্চয়তাই গ্ৰাস কৰি আহিল । তাৰ অনুভৱ হ’ল – কাৰাগাৰত থকাই চাগৈ ভাল আছিল; নিৰাপত্তাহীন লাগিলেও অন্ততঃ এটা নিশ্চয়তা আছিল ! তাৰ এপাৰ্টমেণ্ট থকা নগৰখনৰ পৰা এইখন মহানগৰ দুঘণ্টাৰ ৰাস্তা । ৰাজহুৱা পৰিবহন-ব্যৱস্থা, দোকান-পোহাৰ বন্ধ । কাৰাগাৰৰ পৰা ওলাই কি কৰিব সি ! কিন্তু সেইটো সময়ত আৰু সুস্থভাবে ভাগি-গুণি সিদ্ধান্ত এটা ল’ব পৰাৰ মানসিক অৱস্থা তাৰ নাছিল ।

নিৰুদ্বেগ, নিৰুত্তাপ, শুকান জড়-পদাৰ্থ এডোখৰৰ দৰে যেতিয়া বিকিৰণ কাৰাগাৰৰ পৰা তল-মূৰ কৰি ওলাই আহিছিল, বেলিৰ পোহৰ তেতিয়া হেলনীয়া হ’বলৈ আৰম্ভ কৰিছিল । বিকিৰণৰ দুচকুৰে তাৰ অজ্ঞাতেই সৰি-পৰা চকুপানীৰ টোপালবিলাকত বিচ্ছুৰিত হৈ পোহৰবিলাকে হয়তো সাতৰঙী বৰ্ণালীৰ সৃষ্টি কৰিছিল; কিন্তু তাৰ চকুত স্বাভাৱিকতে সেয়া ধৰা পৰাৰ অৱকাশ নাছিল । সি মাথোন চকুলোৱে ধুসৰ কৰা দৃষ্টিৰে দেখিবলৈ পাইছিল, নাতিদূৰত তাৰ সৰু গাড়ীখন ৰখাই উৎসুক মুখভংগীৰে থিয় হৈ আছিল সেয়া খাদিম; পাকিস্তানৰ খাদিম হুচেইন । বিনা বাক্যব্যয়ে সি যেতিয়া খোলা দুৱাৰখনেৰে সোমাই গাড়ীখনৰ ভিতৰত বহি পৰিছিল, সৰু গাড়ীখনৰ কণমানি ইঞ্জিনটোৱে প্ৰাণ পাই উঠিছিল; আগন্তুক দুঘণ্টাৰ যাত্ৰাৰ বাবে সি যেন দুয়ো আৰোহীকে সাজু হ’বলৈ আহ্বান কৰিছিল । ক্ষণিকৰ বাবে দুটোপাল চকুপানীয়ে সমুখৰ ৰাস্তাটো খাদিমৰ দৃষ্টিতো অস্পষ্ট কৰি পেলাইছিল ।

————-

পাদটীকা:

১ টিটানভুৰ্জ (Titanwurz, Amorphophallus titanium) এবিধ বিৰল ক্ৰান্তীয় ফুল; ই বহুবছৰৰ মূৰত এবাৰ ফুলে আৰু গেলা মাংসৰ দৰে গোন্ধায় । ইউৰোপৰ কোনো কোনো ঠাইত ইয়াক কৃত্ৰিম পৰিৱেশত গজাই ৰখা হৈছে । ইয়াৰ দুৰ্গন্ধও সুগন্ধিৰ দৰে বিক্ৰী হয় ।

২ এ’প্ৰিল মাহত এমষ্টাৰডাম চহৰত মুকলিকৈ ভাং-খোৱা উৎসৱ হয়; দেহৰ বেপাৰো চলে । চহৰখনত অন্য সময়তো ভাং আৰু দেহৰ বেপাৰ সুলভ (দেহৰ বেপাৰ তাত আইন-সন্মত) । দেশৰ বাহিৰৰো বহু লোকেৰে সেই সময়ত এমষ্টাৰডাম খদমদম হয় ।

৩ জাৰ্মান ভাষাত মেন্চা (Mensa) মানে কেণ্টীন । অৱশ্যে মেন্চাবোৰ আমাৰ কেণ্টীনবিলাকতকৈ কিছু পৃথক ।

ড° বসন্ত কুমাৰ বৰা

সহকাৰী অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

52 + = 58