দ্যা জাপানীজ ৱাইফ

ভালপোৱাৰ অনুভৱ আচলতে কেনেকুৱা? হাজাৰ জনৰ ভীৰৰ মাজত কোনোবা এজনক বিশেষ যেন অনুভৱ কৰা আৰু তেওঁৰ প্ৰতি হৃদয়ত অশান্ত সাগৰ সদৃশ ঢৌৰ উঠা নমা ৷৷ মনলৈ আহে “এওঁকেই আজীবন নিজৰ কাষত বিচাৰো, তেওঁৰ অবিহনে জীৱনৰ সকলো প্ৰাপ্তিৰ মাজতো ৰব শূণ্যতা ৷৷ সমগ্ৰ পৃথিবীৰ বিনিময়তো যেন তেওঁকেই বিচাৰে মনে”

কিন্তু ভালপোৱা ব্যক্তি জন যদি হাজাৰ হাজাৰ মাইল আতৰত থাকে? যদি কোনোদিনেই সো-শৰীৰে দেখা নাই, যাৰ হাতত হাত থৈ চকুত চকু থৈ হাজাৰ হাজাৰ অভিমান মোহাৰি পেলাব পৰা নাই? সেই ভালপোৱাৰ স্থায়িত্ব বা আয়ুস কিমান?

পশ্চিমবংগৰ সুন্দৰবনৰ নিকটবৰ্তী অঞ্চলৰ গনিতৰ শিক্ষক স্নেহময় ৷৷ পত্ৰবন্ধুত্বৰ যোগেৰে প্ৰেম হয় জাপানৰ যুৱতী মিয়াজীৰ সৈতে, দুয়ো পত্ৰৰ যোগেৰেই বিবাহত আবদ্ধ হৈ পতি পত্নী হৈ পৰে ৷৷ মিয়াজীৰ মাতৃৰ অসুস্থতাৰ বাবে ভাৰতলৈ অহাৰ অসুবিধা আনহাতে গ্ৰাম্য শিক্ষক স্নেহময়ৰ টকাৰ অভাৱ ৷৷ পত্ৰৰ যোগেৰে চলা এই বিবাহৰ পোন্ধৰ বছৰত দুয়োৰে মাজত তিনিবাৰ মাত্ৰ ফোনৰ যোগাযোগ হৈছিল ৷৷

এদিন হঠাতে খবৰ পোৱা গল মিয়াজী জটিল কৰ্কট ৰোগত আক্ৰান্ত ৷৷ দূৰ্ভগীয়া স্বামী স্নেহময়ে পত্নীৰ বাবে পশ্চিমবংগৰ ভেষজ চিকিৎসাৰ ঔষধ বিচাৰি চলাথ কৰে, দিনে ৰাতিয়ে ৰ’দে বৰষুণে ঔষধ বিচাৰি ফুৰোতে স্নেহময়ৰ নিউমোনিয়া জ্বৰত ভুগি মৃত্যু হয় ৷৷

মিয়াজীয়ে খবৰ পাই স্নেহময়ৰ ঘৰত উপস্থিত হয় শুভ্ৰ বগা শাৰীৰে ৷৷ স্নেহময়ৰ চিঠিবোৰত গম পাইছিল বাঙালী বিধবা মহিলাই স্বামীৰ মৃত্যুৰ পিছত কেবল বগা শাৰী পিন্ধাৰ কথা যিটো স্নেহময়ে পৃথিবীত একমাত্ৰ আপোন বিধবা মাহীয়েকৰ বৰ্ণনা দিওতে লিখিছিল কিন্তু বিধবা মহিলাই যে শাখা খাৰু নিপিন্ধে সেইটো জনাবলৈ পাহৰিছিল ৷৷ যাৰবাবে কৰ্কট ৰোগত সৰি পৰা চুলিৰে বিধবা সাজত বিবাহিতা মহিলাৰ চিন স্বৰূপে শাখা খাৰু পিন্ধি মিয়াজী উপস্থিত হৈছিল স্নেহময়ৰ ঘৰত ৷৷

সম্পূৰ্ণ চিনেমাখন স্নেহময়ৰ চৰিত্ৰত অভিনয় কৰা ৰাহুল বোসৰ কান্ধতেই নিৰ্ভৰশীল যদিও আৰম্ভনিৰ পৰা শেষলৈ নিৰ্বাক সংলাপহীন ৰাইমা সেনৰ অভিনয় আটাইতকৈ আকৰ্ষণীয় ৷৷ স্নেহময়ৰ পত্নী মিয়াজী ঘৰৰ চৌহদত প্ৰবেশ কৰোতে ৰাইমাৰ মূখত মাত্ৰ এটা সংলাপ “আহা” বুলি !! বাকী গোটেইখন ছবিত কেবল বিষাদ ভৰা অতৃপ্ত এযুৰি চকু ••••

Surrealism ক বাস্তৱ ৰূপত সজোৱা সফল চিনেমাবোৰৰ ভিতৰত এখন অপৰ্ণা সেন পৰিচালিত “দ্য জাপানীজ ওৱাইফ” ৷৷
চিনেমাখনৰ ভাল লগা দিশ চিনেমাটোগ্ৰাফী আৰু অভিনয় ৷৷

সৰু সৰু কথাৰ বিশ্লেষণ অপৰ্ণা সেনৰ চিনেমাৰ বৈশিষ্ট্য ৷৷ “দ্য জাপানীজ ওৱাইফ” ইয়াৰ ব্যতিক্ৰম নহয় ৷৷ পত্ৰৰ যোগেৰে বন্ধুত্ব, প্ৰেম আৰু বিবাহ হোৱাৰ পিচতো পোন্ধৰ বছৰলৈ শাৰিৰীক ভাবে এজনে আনজনক নেদেখাৰ পিছতো জৈৱিক তাগিদা আৰু জৈৱিক বান্ধোন কেনেকৈ সম্ভৱ হব পাৰে তাৰো কলাত্মক উত্তৰ আৰু উপস্থাপন চিনেমাখনত দেখুওৱা হৈছে ৷৷

নিসংগ কিন্তু নিজকে বিবাহিত বুলি মন মগজুৰে দৃঢ় পুৰুষ এজনৰ সৰু সৰু অভিমান আৰু জৈৱিক প্ৰয়োজনীয়তাৰ নিষ্পাপ তাগিদাৰ সমাধান খুউব সহজকৈ উপস্থাপন কৰা হৈছে চিত্ৰনাট্যখনত ৷৷
চিনেমাখন সামান্য লেহেমীয়া হয়তো বহুতে ভাল নাপাবও পাৰে কিন্তু এইখন চিনেমা নহয় আছলতে চেলুলয়ডত লিখা এটি প্ৰেমৰ কবিতা হে••••

বাপুকন চৌধুৰী

The Japanese wife film review in Assamese

 

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

83 + = 92