সাত বিহু
অসমীয়া মানুহৰ জাতীয় উৎসৱ বিহুৰ পৰম্পৰাত ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনা আৰম্ভহৈ ব’হাগ মাহৰ ষষ্ঠ দিনালৈ মুঠতে সাতদিন ব্যাপি উদযাপন কৰা হয় ৷ এই সাতটি দিন সাতটা বেলেগ বেলেগ নামেৰে পৰিচিত ৷ ঠাই ভেদে নামৰ খেলিমেলি আৰু বেলেগ ৰূপও দেখা যায় ৷ সেই সাতটা দিন তলত বৰ্ণনা কৰা ধৰণে উদযাপন হয় ৷
১/ গৰুবিহু :
ৰঙালীবিহুৰ প্ৰথম দিনটো অসমীয়া জন-জীৱন আৰু কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ গুৰুত্ব অনুধাৱন কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয় । সেইদিনা গৰুক লক্ষ্মীৰ ৰূপত সুশ্ৰূষা কৰা হয়। পুৱাতে গৰু-ম’হৰ গাত মাহ-হালধি সানি, কপালত তিলক আঁকি, দীঘলতি-মাখিয়তীৰ ডালেৰে কোবাই খেদি নি ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সামুহিকভাৱে গা ধুৱায় আৰু ‘চাট’ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি আদি গালৈ দলিয়াই, -“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷” – বুলি গাই দিনটোৰ মুকলি কৰি দিয়া হয় ৷ গধূলি জাগ দিয়া গোহালিত নতুন পঘাৰে বন্ধা হয় আৰু লাৰু পিঠাও খুওৱা হয় ৷
২/ মানুহ বিহু :
দ্বিতীয়দিনা মানুহ বিহু। নামনি অসমত মানুহবিহুক ‘বৰ দোমাহী’ বোলা হয়। মানুহবিহুৰ দিনা পুৱাতে মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ কৰে ৷ জ্যেষ্ঠ সকলে বিহুৰ উপহাৰো দিয়ে। অসমীয়া নৱ-বৰ্ষ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰ ‘বিহুৱান’-ৰূপে পৰস্পৰৰ মাজত আদান-প্ৰদান কৰে ৷
৩/ গোসাই বিহু :
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়। কিছুমান নামঘৰৰ আসন আদি পৰিষ্কাৰ কৰি গাওঁৰ বাটেৰেও পাক মৰাই (গোসাই ফুৰোৱা) আনে ৷
৪/ তাঁতৰ বিহু :
অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’। বিহুৰ আগে আগে বৈ অঁতোৱা তাঁতখন অন্য সা-সঁজুলি সহ তেল-তুলাৰে চাফ আৰু মসৃন কৰি ৰ’দত শুকুৱায় আৰু নতুন পৰৱৰ্তী তাঁত বৱলৈ সাজু কৰে ৷
৫/ নাঙল বিহু :
পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’। সেইদিনা খেতিৰ মূল সজুলি নাখলৰ লগতে আন কৃষি-সজুলি সমূহ ধুই পখালি চিকুনাই বিহুৰ পিছতে পথাৰত কাম কৰিব পৰাকৈ যতনাই সাজু কৰে ৷
৬/ জীয়ৰী বিহু :
এই দিনটোতসাধাৰণতে বিৱাহিতা জীয়ৰীসকল পিতৃগৃহলৈ আহে; নহ’লে বা পৰিয়ালৰ লোক জীয়ৰীৰ ঘৰলৈ যায় ৷ সেইদিনা সেয়ে ‘জীয়ৰী। আত্মীয়ৰ মাজত চেনেহৰ আদান প্ৰদান হয় বাবে চেনেহী বিহু বুলিও কোৱা হয় ৷ জীয়ৰী বিহুক ঠাই বিশেষে হাটবিহু আৰু মেলাবিহুও কোৱা হয় ৷ জীয়ৰীসকল ঘৰলৈ আহি ভাই-ককাই বাই-ভনী আৰু বন্ধুবান্ধৱক লগ পোৱাৰ পিছত ঘৰখন মেলা সদৃশ হৈ পৰে ৷ একেলগে মুকলি মনে জীয়ৰী-বোৱাৰীসকলঘৰৰ পৰা ওলাইগৈ ঘৰ সংসাৰৰ চিন্তা পৰা আঁতৰি এটা দিন বিহু গাই-নাচি আনন্দত মতলীয়া হয়৷
৭/ চেৰা বিহু (উজনিৰ বিহু উৰুৱা)
ৰঙালী বিহুৰ শেষৰ দিনা ’চেৰাবিহু’ ৷ কিছুমানে ’এৰাবিহু’ বুলিও কয়। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
দৰাচলতে, সাতবিহুৰ দিনা বিহু-উৰুৱা টোহে আচল কথা। সেইদিনা গাঁৱৰ মানুহ পথাৰলৈ, নদীৰ পাৰলৈ বা গছৰ তললৈ গৈ যিমান পাৰে হেঁপাহ পলুৱাই বিহু-মৰা, নচা, ঢোল বজোৱা আদি কামখিনি কৰে আৰু বজোৱা আৰু নচাৰ হেঁপাহ পূৰণ কৰি ঢোলৰ মাৰিডাল নদীৰ বুকুলৈ দলিয়াই দিয়ে বা আঁঠুত হেঁচা মাৰি ভাঙি দলিয়াই পেলাই দিয়ে। তাৰ পাছত কাঁহ পৰি জীণ যোৱা অৱস্থা এটি হয়। ঢোল কেইটা মূৰত লৈ বা ওলোমাই লৈ ঘৰমূৱা হয়। এইখিনি সময়ত ঢোলত হাতেৰে টোকৰ এটাও নামাৰে ৷ ঢোল আনি বেৰত বা ক’ৰবাত ওলোমাই থয়। পুৰণি দিনত তাৰ পিছত যদি এনেয়ে কোনোবাই ঢোলত চাপৰ এটাও মাৰে, তেওঁ দণ্ড ভৰিব লাগিছিল। কিন্তু বিয়া-বাৰুত ঢোল বজাব পাৰে। আকৌ ঘূৰি চ’ত সোমালেহে ঢোলত চাপৰ মাৰিব পাৰে। এই নিয়ম এইকাৰণেই আছিল যে ব’হাগৰ বিহুৰ আঠ দিনৰ পৰা খেতি-বাতিত লাগিব লাগে। [ বিঃদ্ৰঃ- ২০০৮ চনত খগেন মহন্ত দেৱে তেখেতৰ ঘৰত লগ ধৰিব যোৱা ব্যক্তি এগৰাকীক চেৰাবিহুৰ বিষয়ে এই কথাখিনি কৈছিল।]
সাতশাকী
ব’হাগৰ সাতবিহুৰ লগত জড়িত এটা উল্লেখনীয় তথা প্ৰধান আকৰ্ষণীয় পৰম্পৰা হ’ল “সাতশাকী তোলা” বা “সাতশাকী খোৱা” পৰম্পৰা ৷ প্ৰাচীন কালৰে পৰা অসমীয়া মানুহে বাবিধ শাকৰ ব্যঞ্জন ব্যৱহাৰ কৰি আহিছে ৷ ঔষধি হিচাবেও শাকৰ ব্যৱহাৰযথেষ্ট বহুল ৰূপত কৰা হয় ৷ কেতিয়াও শাক নাখালেও ব’হাগ বিহুৰ সময়ত সাতশাকী খোৱাটো প্ৰচলিত প্থা বা নয়ম বুলি ধৰা হয় ৷ সাধাৰণতে গৰুবিহুৰ দিনা নিশাৰ আহাৰৰলগত সাতশাকী খোৱা হয় ৷ ঠাই বিশেষে সাতবিহু(চেৰাবিহু)ৰ দিনা আৰু কোনো কোনো ঠাইত ৰঙালী বিহুৰ সাতটা দিনৰ যিকোনো এটা দিনত খোৱাৰ পৰম্পৰা প্ৰচলিত ৷ ‘সাতশাকী’ নামটো সাতদিনীয়া ব’হাগৰ পৰম্পৰাৰ পৰা অহা যেন বোধ হয় ৷ সাত দিনৰ যিকোনো এটা দিনত খোৱা হয় বাবেই বোধকৰোঁ সাতদিনৰ শাক শোৱা পৰম্পৰাৰ পৰা “সাতশাকী” হ’ল ৷
প্ৰচলিত নিয়মত এশ-এবিধ (১০১) শাক পথাৰ আৰু শাকনিবাৰীৰ পৰা তুলি আনি এক লগ কৰা ৰন্ধা হয় ৷ অৱশ্যে অসমত প্ৰাপ্ত এনে শাকৰ সংখ্যা এশ পচিশ(১২৫)বা তাৰো অধিক হোৱা দেখা যায়, কিন্তু “সাতশাকী”ৰ বাবে ইয়াৰে যিকোনো এশ এবিধ শাক হে খাবলৈ তোলা হয় বা সংগ্ৰহ কৰা হয় ৷
অসমীয়া মানুহৰ বিশ্বাস আৰু ধাৰণা মতে, সেইদিনা শাক বুলি এশ এবিধ শাকৰ নামত দুই-এবিধ বিহ জাতীয়(বিষাক্ত) শাক-পাত মিহলাই খালেও একো অনিষ্ট নহয় ৷ অৱশ্যে ইয়াৰ বিজ্ঞান সন্মত ব্যাখ্যা এটা এয়ে যে এই শাকৰ মাজত ইমানেই বনৌষধি বা ভেষজ শাক-পাছলি সোমাই থাকে যে সেইবোৰে বিহকো হজম কৰাত সহায় কৰে ৷ সেই কাৰণে সাতশাকীৰ বাবে চোৰাতৰ কুমলীয়া পাত, বিহলঙনি, বিহঢেঁকীয়া, ভাং আদিও গোটোৱা হয় ৷ সাতশাকীক ঠাইবিশেষত “হাঁহেখাঁতী-পাৰেখাঁতী” বুলিও কোৱা হয় ৷ কোনো কোনোঠাইত সাতশাকীৰ লগত গৰুবিহুৰ পুৱাতে গৰুলৈ “মৰা লাউ-বেঙেনা চাট”ৰো কিছু অংশ মিহলাই দিয়া হয় ৷
সকলোবোৰ শাক সকলো ঠাইত সকলো সময়ত পোৱা নাযায় ৷ থাকিলেও বিচাৰি পোৱাৰ সম্ভাৱনা নাথাকে ৷ কিছুমান শাক দুষ্প্ৰাপ্য আৰু ঠাই ভেদে নামবিলাকো বেলেগ হোৱা দেখা যায় ৷
সাতশাকী
১/ কচু
২/ খুতুৰা (খুতুৰীয়া)
৩/ ঢেঁকীয়া
৪/ কলমৌ
৫/ হাতীখুতুৰা
৬/ মাটিকাঁদুৰী
৭/ মহানিম
৮/ নৰসিংহ
৯/ভেদাইলতা
১০/ পদিনা
১১/ নেফাফু
১২/ টিকনি-বৰুৱা
১৩/ লৰ-বৰুৱা
১৪/ ভাং
১৫/ বেত-গাঁজ
১৬/ কেৰেলা
১৭/ বেঙেনা
১৮/ কল (কাচকল)
১৯/ জাতি লাউ
২০/ ৰঙালাউ
২১/ কোমোৰা
২২/ আলু
২৩/ পিয়াজ পাত
২৪/ নহৰুপাত
২৫/ তিয়ঁহ
২৬/ গৰুখিচ
২৭/থেকেৰা (বৰথেকেৰা, ৰূপহীথেকেৰা, কুঁজীথেকেৰা)
২৮/মছন্দৰী
২৯/ বিহলঙনি
৩০/ জিলমিল (ভটুৱা)
৩১/ ধনীয়া (মেমেধু)
৩২/ মানধনীয়া
৩৩/ কোৱাভাতুৰী
৩৪/ শুকলতি
৩৫/ দোৰোণ (দ্ৰোণি)
৩৬/ পছলা
৩৭/ পালেং
৩৮/ পিৰালী-পালেং
৩৯/ ব্ৰাহ্মী
৪০/ হেলচী
৪১/ কঠাল মুচি
৪২/ পিপলি
৪৩/ জালুক
৪৪/ বন-জালুক
৪৫/ কেঁহৰাজ
৪৬/ লাইজাৱৰী
৪৭/ পচতীয়া
৪৮/ মধুসোলেং (মাছলাম)
৪৯/ ভেকুৰি তিতা (তিত-ভেকুৰি)
৫০/ মৰলীয়া (থোটনি)
৫১/ গাখীৰতী (দুধক্ষৰি)
৫২/ টেঙেচী
৫৩/ তুলশী
৫৪/ জলকুঁৱৰী
৫৫/ কাঁচিপকা
৫৬/ আগেজ্বলা
৫৭/ চাল-কুঁৱৰী
৫৮/ পিৰালি-কুঁৱৰী
৫৯/ বাহক (বগা বাসক)
৬০/ তিতফুল (ৰঙা বাহক)
৬১/ বকফুল
৬২/ মানিমুনি (সৰু)
৬৩/ বৰমানিমুনি
৬৪/ সৰিয়হ
৬৫/ তিল
৬৬/ চিৰতা
৬৭/ মেটেকা
৬৮/ পানীকলা
৬৯/ শেলুক
৭০/ ভেঁট
৭১/ মৰিচা
৭২/ দুপৰটেঙা
৭৩/ ভৃঙ্গৰাজ
৭৪/ পুঁই (পুৰৈ)
৭৫/ বিয়নি-সাৱটা
৭৬/ অগৰা
৭৭/ ভকুৱা-ভঁৰালী (ভঁৰালী-ভকুৱা)
৭৮/ আমৰ মল
৭৯/ ধতুৰা
৮০/ বৃন্দাবন
৮১/ বৰহমথুৰি
৮২/ বিশল্যকৰণী
৮৩/ মালভোগবন
৮৪/ টেঙামৰা (মেষ্টাটেঙা)
৮৫/ ফুটুকী (ফুটকলা)
৮৬/ টুপুৰিলতা
৮৬/ শোহনি বন
৮৮/ শেৱালি ফুল/পাত
৮৯/ কুঁহিলা
৯০/ অশোক
৯১/ চুকা
৯২/ মেথি
৯৩/ মৰাপাট আগ (শুকুতা)
৯৪/ থেৰেজু
৯৫/ ৰাজুপকা
৯৬/ জেতুলীপকা
৯৭/ হাড়ঘুনুচা
৯৮/ নুনী
৯৯/ পনৌনৌৱা
১০০/ পদুম
১০১/ কেঞাবন
অতিৰিক্ত
১০২/ কৰফুল
১০৩/ কলফুল
১০৪/ কুকুৰাঠেঙীয়া
১০৫/ থৈলাংনি
১০৬/ মচুৰ (দালি)
১০৭/ খেচাৰিমাহ
১০৮/ বৰিয়াল
১০৯/ সোণ-বৰিয়াল
১১০/ বৰ-বৰিয়াল
১১২/ দুৰ্লভা
১১৩/ সৰ্প-জিহ্বা (সৰ্পজিভা)
১১৪/ যৱ
১১৫/ ইন্দ্ৰ-যৱ
১১৬/ জাৱেত্ৰি
১১৭/ মাজেথি
১১৮/ জ্যেষ্ঠমধু
১১৯/ ৰামতুলশী
১২০/ আনাৰস (কোঁহ বা কুমলীয়া পাত)
১২১/ চোৰাতপাত
১২২/ বিহঢেঁকীয়া
১২৩/ ডালিম পাত
১২৪/ ওঁড় (জবাফুলৰ পাত)
১২৫/ উৰহীৰ কোমল আগ
১২৬/ ৰঙালাউৰ কোমল আগ
১২৭/ জাতিলাউৰ কোমল আগ
১২৮/ বেলপাত
১২৯/ লেচেৰা … ইত্যাদি ৷
এইবিলাকৰ যিকোনো এশ এবিধ হ’লেই সাতশাকী হয় ৷
ড॰ জয়ন্ত কুমাৰ দাস