জৈৱিক কৃষি খণ্ডত পোক – পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ

জৈৱিক কৃষি পদ্ধতি বুলি ক’লে এনে এক কৃষি পদ্ধতিকে বুজা যায় য’ত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ কম ব্যবহাৰ কৰি কৃষি খণ্ডত খেতি কৰা হয়। এনে কৃষিত আমি মাটিৰ উৰ্বৰতা শক্তি নষ্ট নোহোৱাকৈ, শস্য, জীৱ জন্তু আৰু জলজ পেলনীয়া সামগ্ৰীৰ ব্যবহাৰ  কৃষি খণ্ডত কৃষি কাৰ্য্য সম্পন্ন কৰা হয়। এনে কৃষিত প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰিবৰ বাবে জৈৱিক অণুজীৱৰ ব্যৱহাৰ অপৰিসীম।কৃষিখণ্ডত শস্যাৱৰ্তন,কেঁচু সাৰ,জৈৱিক সাৰ, সেউজ সাৰ যেনে: ধইঞ্চা আৰু বিভিন্ন জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি আদিবোৰ সন্নিবিষ্ট কৰা হয়।

জৈৱিক কৃষিত কীটপতংগ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা

সেউজ বিপ্লৱৰ ঋণাত্মক দিশ সমূহ দূৰ কৰি,ৰাসায়নিক কীটনাশকৰ ওপৰত প্ৰতিৰোধ ক্ষমতা লাভ কৰা, কীট – পতংগবোৰৰ নিয়ন্ত্ৰণৰ জৰিয়তে , এক সুস্থ পৰিবেশ গঢ়ি  তুলি,শস্যৰ উৎপাদন বঢ়াই, খাদ্য  সুৰক্ষা লাভ কৰাটোৱেই হৈছে জৈৱিক কীট – পতংগ নিয়ন্ত্ৰণৰ প্ৰধান উদেশ্য। এক সবল নিয়ন্ত্ৰণ ব্যবস্থা এটা হাতত ল’বলৈ হ’লে এজন কৃষকৰ শস্যটোৰ ওপৰত, পোকৰ জীৱন চক্ৰ,কি ধৰণে পোকবিধে খেতিত অনিষ্ট সাধন কৰে আৰু কেতিয়া কৰে,এই সকলো বোৰৰে সবিশেষ জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়।

জৈৱিক কৃষিত কীটপতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা:

জৈৱিক কৃষিত ব্যৱহিত নিয়ন্ত্ৰণ ব্যৱস্থাপনা সমূহক আমি যিবোৰ ভাগত বিভক্ত কৰিব পাৰো সেইবোৰৰ ভিতৰত

(i) কীট আৰু ৰোগৰ পৰা হাত সাৰিব পৰা ব্যৱস্থাপনা

(ii) শস্যৰ বৃদ্ধিত অনুকূল পৰিবেশৰ ব্যৱস্থাপনা

(iii) প্ৰত্যক্ষ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

প্ৰথমবিধ ব্যৱস্থাপনাত আমি উন্নত মানৰ বীজৰ ব্যৱহাৰৰ জৰিয়তে,পৰিষ্কাৰ পৰিষণ্ণ কৈ খেতি কৰি কীট আৰু ৰোগৰ আক্ৰমণৰ পৰা হাত সাৰিব পৰা যায়।এই ব্যৱস্থাপনা শস্যাৱৰ্তন আৰু বন – বাত নিয়ন্ত্ৰণে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। বতৰৰ আগলি বতৰাৰ জৰিয়তেও ৰোগ আৰু কীটৰ আক্ৰমণৰ পৰা হাত সাৰিব পৰা যায়।

দ্বিতীয়বিধ ব্যৱস্থাত বীজাণুমুক্ত মাটিত অধিক উৎপাদনক্ষম জাতৰ ব্যৱস্থাৰ জৰিয়তে, অনুমোদিত পৰিমাণৰ বীজ ব্যৱহাৰ কৰি, সিঁচাৰ সময়ৰ তাৰতম্য ঘটাই ও ৰোগ আৰু কীটৰ পৰা হাত সাৰিব পৰা যায়।এই ব্যৱস্থাপনাত মধ্যৱৰ্ত্তী শস্যৰ খেতিত যথেষ্ঠ গুৰুত্ব আৰোপ কৰা হৈছে।এনে ব্যৱস্থাপনা,গ্ৰহণ কৰা সময়ত কৃষক সকলে মাটি পৰীক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লগে।

তৃতীয়বিধ নিয়ন্ত্ৰণ ব্যৱস্থাত,বিভিন্ন ধৰণৰ জৈৱিক পদ্ধতি বা আহিলা ব্যৱহাৰৰ কৰি কৃষিত ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰণৰ প্ৰয়াশ কৰা হয়। এইবোৰৰ ভিতৰত ফেৰ’মণ ট্ৰেপ আৰু হালধীয়া আঠযুক্ত কাৰ্ড প্ৰধান। জৈৱিক নিয়ন্ত্ৰণ ব্যবস্থাপনাত নিয়ন্ত্ৰণৰ বাহক সমূহ মাটি,গছৰ বিভিন্ন অংশ, বায়ু আৰু বিভিন্ন কীটৰ পৰা পৃথক কৰা হয়। বৰ্তমান সময়ত জৈৱিক নিয়ন্ত্ৰণৰ বহুতো গোটা বা জলীয় দ্ৰৱ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰস্তুত কৰা হৈছে।ইয়াৰে বেছি ভাগৰ বাণিজ্যিকীকৰণ কৰা হৈছে আৰু কিছুমান  বাণিজ্যিকীকৰণৰ পথত আছে।এই জলীয় দ্ৰৱ সমূহ বিভিন্ন ধৰণৰ মাটিৰ পৰা সংক্ৰমণ হোৱা ভেকুঁৰজনিত ৰোগ,মোৱা পোক, চৰহা পোক,শস্য কৃমি আদিৰ বিপৰীতে ব্যৱহাৰ কৰা হয়। বহুতো গোটা জৈৱিক সাৰ যেনে: বায়’চনা, বায়’মেটা, বায়’জিন পি টি বি, বায়’ফ’ৰ পি এফ, বায়’ ভীৰ আদিও চৰহা পোক, মজাখোৱা পোক,ভেকুৰ আৰু বেক্টেৰিয়াজনিত উইল্ট ৰোগ,পচা ৰোগ আদি বিভিন্ন ৰোগ আৰু পোক -পতংগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

 পোক- পতংগৰ নিয়ন্ত্ৰণৰ আৰু এবিধ জৈৱিক আহিলা হিচাপে আমি ত্ৰাইক’কাৰ্ডকো ধৰিব পাৰি।এইবিধ কাৰ্ডক জৈৱিক নিয়ন্ত্ৰণৰ আহিলা হিচাপে এইকৰণেই কোৱা হয় কাৰণ ইয়াত এবিধ অপকাৰী জীৱৰ নিয়ন্ত্ৰণ কৰিবলৈ আন এবিধ জীৱক ব্যবহাৰ কৰা হয়। এই জীৱবিধক ত্ৰাইকগ্ৰামা বোলা হয়।ত্ৰাইট’গ্ৰামাৰ বিভিন্ন প্ৰজাতি থাকে। তলৰ তালিকাত ত্ৰাইক’গ্ৰামাৰ   বিভিন্ন প্ৰজাতি কোন বিলাক পোকৰ নিয়ন্ত্ৰণৰ বাবে ব্যবহাৰ কৰা হয় দেখুওৱা হৈছে।

পোক জৈৱিক নিয়ন্ত্ৰক পৰিমাণ
ভেন্দিৰ ফল আৰু গা – গছৰ খোৱা পোক ত্ৰাইকগ্ৰামা ব্ৰেছিলেনছিছ ১.০ -১.৫ লাখ/হে:
বিলাহীৰ ফল খোৱা পোক টি.পিটিঅছাম ১.০- ১.৫ লাখ/হে:
 কবিত হোৱা হীৰাৰ দৰে কলা পোক টি.চিনলিছ ১.০-১.৫লাখ/হে:
ধানৰ মজা খোৱা পোক টি.জেপনিকাম ০.৫লাখ/হে:

ইয়াৰ উপৰিও,জৈৱিকভাবে পোক – পতংগ নিয়ন্ত্ৰণ কৰিবলৈ টি-পাৰ্চ (T perch) আদিৰ ব্যৱহাৰৰ জৰিয়তে পোক – পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হয়। এই টি-পাৰ্চ ব্যৱহাৰ কৰোতে এটা কথাই মন কৰিব লাগে যে ধান পকাৰ সময়ত বা অন্য খেতিত ফল ধৰা সময়ত ইয়াক পথাৰৰ পৰা উঠাই দিব লাগে।

শেষত,এনেবোৰ জৈৱিক ব্যৱস্থা গ্ৰহণ কৰি ৰাসায়নিক ব্যৱস্থাপনাৰ কম প্ৰয়োগৰ ফলত জৈৱিক কৃষিত সু – সংযত ভাবে ৰোগ আৰু কীট – পতংগৰ নিয়ন্ত্ৰণৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

সংযুক্তা শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

30 + = 38