যুগনায়কলৈ শ্ৰদ্ধাঞ্জলি

আকৌ এবাৰ সুঁ‌ৱৰিছো
খুলি দিছো হৃদয়ৰ খিড়িকী,
সোমাই আহক এজাক প্ৰতিবাদী বতাহ।
শিৰাই শিৰাই ধমনীয়ে ধমনীয়ে বৈ যাওক
লুইতৰ পাৰৰ ৰণুৱাৰ তেজ।
হে’ যুগনায়ক,
পুনৰবাৰ কৰিছো অৰ্পণ
ভকতিৰ একাঁ‌জলি অৰ্ঘ্য,
শ্ৰদ্ধাৰ এপাহি সুগন্ধি পুষ্প।
লুইতে আজি কথা কয়,
দেশৰ কথা,
জাতিৰ কথা।
মহাবাহুৰ সোঁ‌তে সোঁ‌তে শুনো
অন্যায়, শোষণ মষিমূৰ কৰিবলে
বিপ্লৱী সত্তাৰ আকুল আহ্বান,
জনতাৰ জয়গান।
জননায়কৰ গীতেৰে পুনৰ উচ্ছাসিত হওক
মোৰ আপোন মানুহ,
মোৰ সোণালী শইচৰ দেশ,
মাটিৰ মানুহৰ লুণীয়া ঘামেৰে সিক্ত
মোৰ দেশৰ উৰ্বৰা পথাৰ।
নাঙলৰ শকতিৰে বলীয়ান
মোৰ দেশৰ পাহুৱাল ডেকাৰ
তেজে তেজে বৈ যাওক আকৌ এবাৰ
যুগনায়কৰ অসমীয়া সত্তা।

জাহ্নৱী বৰা
চন্দন নগৰ, যোৰহাট

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

76 + = 80