সৌহাৰ্দ্য

সোণসেৰীয়া পথটোৱেদি আৰম্ভ কৰিছিলোঁ জীৱনৰ আদিপাঠ

হাতে হাত ধৰি এখন দুখনকৈ সহচৰ হৈছিল কেইবাখনো হাত।

শৈশৱৰ ৰং ধেমালি,মান অভিমানবোৰৰ

মাজত কলাকলকৈ বাঢ়ি গৈছিল

আমাৰ বয়সৰ ৰেখাডাল।

‘হালধীয়া পখিলাৰে যা পখিলী যা’ নৃত্যৰ তালত

শৈশৱৰ সহপাঠীৰে জীৱনৰ ৰথ চলি যায়।

সলনি হয় হাতে হাত ধৰি আগবঢ়াৰ হিচাপডাল।

কোনো যদি অতীত হয় কোনো হয় বৰ্তমান।

তথাপিও সময়ে সাঁচে স্মৃতিৰ মণিকোঠা।

কৈশোৰে সকলোকে হাত বাউলি মাতে।

পৰিসংখ্যা বোৰ বাঢ়ি যায়।

জীৱন ৰঙীয়াল হয়।

মান অভিমানৰ অনুভূতিবোৰত লোতক নিগৰে।

তথাপিও এনাজৰীডাল দৃঢ় হয়।

যৌৱনে হাত বাউলি মাতে।

সংখ্যাবোৰ আৰু বাঢ়ে,বাঢ়ে অভিমানৰ জোলোঙাখন।

জীৱনলৈ যেন মাদকতা আহে।

হায়ৰে জীৱন, ইমান প্ৰিয় এই মানুহবোৰ।

পূৱৰ পৰা পশ্চিমলৈ,উত্তৰৰ পৰা দক্ষিণলৈ

সৰ্বত্ৰ পৰিব্যাপি আছে বন্ধুত্বৰ এনাজৰীডালেৰে।

সৌহাৰ্দ্যৰ স্তৱকৰে সমাদৃত কৰি আছে মোৰ আঁচল

জীৱনৰ আদিৰ পৰা অনন্তলৈকে,মৃত্যুৰ দুৱাৰডলিলৈকে

সহপাঠীৰ পৰা সহকৰ্মী লৈ,সম্পৰ্কবোৰ বন্ধুত্ব হৈ।

সময়ৰ কোবাল গতিত কোনো যদি আঁতৰি গৈছে,

কোনোৱে লৈছে মৃত্যুক সাবটি ।

তথাপিও স্মৃতিৰ কৰণিত সজীৱ হৈ আছে

প্ৰতিপাহ ফুলে ৰং সিঁচি যোৱা সময়ৰ সুবাসবোৰ।

মনস্বী শৰ্মা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

48 − = 41