শৰতৰ আগমনি
অনুভৱৰ পদুলি
উদুলি -মুদুলি
শেৱালি -নেৱালিৰ
গোন্ধত আমোলমোলনি |
সন্ধিয়াৰ আকাশত
আশাৰ ৰেঙনি
দেখাপাম নে তোমাক
কেতিয়াবা কিজানি |
নিয়ৰৰ মুকুতাই
উজলাই দুৱৰি
বাৰে বাৰে চাওঁ
আকাশৰ তৰালি |
জোনাকৰ জোনাকীৰ
আৱেগৰ চাৱনি
প্রেম-ভালপোৱাৰ
আগতীয়া জাননি
জোৰকৈ সাৱটে
উমাল বুকুখনি |
কবিতা বৰা