এদিন এইদেশৰ
অৰাজনৈতিক বুদ্ধিজীৱি সকলক
নাঙঠ আৰু ভোকাতুৰ জনতাই প্ৰশ্ন কৰিব ৷৷
তেওঁলোকে সুধিব
যেতিয়া সৰু সৰু ফিৰিঙতিৰ
পৰা ব্যাপক অগ্নিয়ে
তেওঁলোকৰ জাতি আৰু সত্বাক
পুৰি পুৰি নি:শেষ কৰিছিল ক্ৰমান্বয়ে
তেতিয়া সিহঁতে কি কৰিছিল?
অৰাজনৈতিক বুদ্ধিজীৱি সকলক
কোনেওঁ নুসুধিব
সিহঁতৰ প্ৰিয় পোচাক, ৰং, বাহন
অথবা
মধ্যাহ্ন ভোজনৰ পিছত
ক্ষণিক জিৰনি লোৱা সময়খিনিৰ কথা••••
কোনোৱে জানিবলৈ নিবিচাৰিব
সিহঁতৰ শূন্য মস্তিষ্কৰ
নিস্ফল বৌদ্ধিক প্ৰতিদন্দীবোৰৰ কথা
হয়তো সিহঁতৰ উচ্চ আৰ্থিক
উপাৰ্জন আৰু জ্ঞান বিদ্যাও
হ’ব নিতান্তই হাস্যকৰ ৷৷
সংবিধানৰ কথা সোধা নহ’ব সিহঁতক,
হয়তো সন্মানো দিয়া নহ’ব
সিহঁতৰ পচন্দ অপচন্দবোৰক••••
যেতিয়া সিহঁতৰো
এজন দুজন জাহ যাব সেই জুইত
কাপুৰুষৰ দৰে বিনাপ্ৰতিবাদে ৷৷
নীৰৱতা অৱলম্বন ক’ৰা হ’ব
সিহঁতৰ অযুক্তিকৰ
নায্য প্ৰাপ্তিৰ ওপৰত,
সম্পূৰ্ণ মিথ্যাচাৰৰ আবৰণৰ মাজত
জন্ম হোৱা সেইজাক
অৰাজনৈতিক বুদ্ধিজীৱি ৷৷
সেইদিনা সহজ সৰল আৰু
মৰি মৰি জীয়াই থকা মানুহবোৰ আহিব ৷৷
অৰাজনৈতিক বুদ্ধিজীৱিৰ বিশাল গ্ৰন্থ
আৰু কবিতাত স্থানহীন সেইজাক মানুহ,
যিয়ে প্ৰতিনিয়ত গোটাই দিয়ে সিহঁতক
ভাত, গাখীৰ, কণী অথবা
জৈৱিক পাছলি য’ত নাই বিষাক্ত ৰাসায়নিক ••••
অৰ্জুনৰ সাৰথি সাত্যকীৰ দৰে
যিয়ে ইখনৰ পৰা সিখন সভালৈ
কঢ়িয়াই নিয়ে অৰাজনৈতিক বুদ্ধিজীৱি সকলক;
অথবা সিহঁতৰ কুকুৰ
আৰু
ফুলৰ বাগিছা খনৰ যত্ন ৷৷
সিহঁতক সোধা হ’ব
“কিনো কৰিছিলা তোমালোকে?
যেতিয়া জ্বলি জ্বলি শেষ হৈছিল জাতি, মানুহ আৰু মানচিত্ৰ !!
তেতিয়া সহানুভূতি, আবেগ বিবেকবোৰো
জ্বলি জ্বলি চাই হৈছিল নেকি তোমালোকৰ?”
আৰু,
আমাৰ আপোন দেশৰ
অৰাজনৈতিক বুদ্ধিজীৱি সকল
তেতিয়া
মূক হৈ ৰব, শৈল স্তম্ভত পৰিণত হ’ব ৷৷
সিহঁতৰ নাড়ী ভূড়ি চূৰ্ণ বিচূৰ্ণ কৰিব
তেজে তেজে শিপাই অহা
এজাক ক্ষুধাতুৰ শগুণে••••
অৰাজনৈতিক বুদ্ধিজীৱিৰ
স্ব-দুৰ্দশাৰ জুইয়ে
আবৰি ধৰিব নিজৰেই আত্মা
তেতিয়া সিহঁত মৌন হৈ ৰ’ব
আত্ম লজ্জাৰ মৌন পোচাকৰ তলত•••••
মূল (স্পেনিছ): ওট্টো ৰেনে কাষ্টিল্লো (Otto Rene Castillo)
অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী