আমনি

আমনি Covid 19

আমনি লাগিছে আৰু

নোৱাৰো সহিব আৰু

কেতিয়ানো সেই আগৰ ধৰণীখন ঘূৰাই পাম,

কেতিয়ানো পুনৰ মুকলিকৈ থাকিবলৈ পাম,

আগৰ দৰে ফুৰিবলৈ ওলাই যাবলৈ পাম?

সচাঁই আমনি লাগিছে বহুত

বহুত আমনি লাগিছে।

মনত এটা ভয় লৈ

কিমান আৰু বাট চাম,

এবছৰেই পূৰ্ণ হ’বৰ হ’ল

ভাল দিন আহিব – ভাল দিন আহিব

বুলি নিজকে আৰু কিমান নিচুকাম ?

কিনো যে হ’ল?

ঘপকৰে সকলো সলনি হৈ গ’ল।

সৌ সিদিনা মহীশূৰৰ ৰাজ অট্টালিকা

চাই আছিলোগৈ,

বাংগালোৰৰ টেকন’ চিটিত

ভুমুকি মাৰিছিলোগৈ,

কিন্তু ঘপকৰে

কোনো আগজাননি নিদিয়াকৈ

সকলো স্তব্ধ হৈ গ’ল।

যেতিয়াই ঘৰৰপৰা বাহিৰলৈ ভুমুকিয়াই চাঁও

সকলোটো একেই দেখো,

বিশেষ পাৰ্থক্য একোটো নেদেখো,

মাথো মানুহৰ ভীৰ-অত্যাচাৰ আদি যে কমিছে

তাৰ ঊমান এটা হ’লে ঠিকেই পাওঁ।

কিন্তু এনে কি হ’ল

সকলোবোৰ মানুহেই যে অলপকৈ হ’লেও

সলনি হৈ গ’ল ?

হয়,এটা নতুন বস্তুৱে মানুহক

সলনি কৰিবলৈ ধৰিছে,

কিন্তু আমি যে তাক দেখাও নাপাঁও।

ই কাল হৈ মানুহক খেদি ফুৰিছে,

কোনোজন যদি তাৰ কবলৰপৰা সাৰিও গৈছে,

কোনোজনে আকৌ অকাল মৃত্যুক সাৱতিছে।

হয়,এক নতুন ভাইৰাচৰ উৎপত্তি হৈছে,

সকলোৰে নিদ্ৰাহৰণকাৰী হৈও কিন্তু

ই অনায়াসে কেওঁদিশে ঘূৰি ফুৰিছে।

বিজ্ঞানীসকলৰ মুৰৰ কামোৰণি হৈ পৰা

এই ভাইৰাচক বিজ্ঞানীসকলে

এটা নতুন নামেৰে নামাকৰণ কৰিছে,

এতিয়া সকলোৱেই সেই নামেৰেই

তাক কৈছে,

“যা কভিড ১৯ , যা ,

বহুত হ’ল আৰু তোৰ লীলা – খেলা

এতিয়া মাথো তই যা ।”

উজ্জ্বলা বৰদলৈ

By