খণ্ড – ৯
মলয়া আৰু গৌতমৰ আজিকালি প্ৰায়েই কাজিয়া লাগি থাকে । আজিও লাগিছে । মলয়াৰ দৰে ছোৱালী এজনীয়ে কিয় গৌতমক সহি আছে বাপুকনে বুজিব পৰা নাই । এনেকৈ থকাতকৈ চোন আঁতৰি আহিব পাৰে । আকৌ এবাৰ আগৰ দৰে কৈ চাব পাৰে , ভাল লাগে অ তোক বাপুকন । কিজানি এইবাৰ পায়েই যায় কিবা এটা ভাল উত্তৰ । বাপুকনে নিজেওটো আগবাঢ়ি যোৱা নাই ! কিয় ? অহমিকা নে আন কিবা ! কথাবোৰ কাৰোবাৰ লগত আলোচনা কৰা প্ৰয়োজন ।
কেতিয়াবা প্ৰশ্নৰ জালবোৰ ইমান জটিল যে হয় সিংহও বাজি ৰয় সেই জালত । আৰু তেতিয়াই প্ৰয়োজন হয় এটা নিগনিৰ । সেই নিগনিৰ লক্ষণ বাপুকনে আজিকালি পাহিৰ মাজত বিচাৰি পায় ।সৰু ছোৱালী অথচ ইমান পৈনত। ক’ত আস্থা ক’ত পাহি। জীৱনৰ জটিলতাবোৰ বুজে তাই , উপলব্ধি কৰে । ডিপাৰ্টমেন্টত beauty with brain হিচাপে পৰিচিত পাহিয়ে বাপুকনক বুজাইছিল অৰ্ণৱ হোৱাৰ বাসনাত নিজক হেৰুৱাই নেপেলাবলৈ ।
কি প্ৰয়োজন আছিল ? পাহিৰ লগত কোনো ফালৰ পৰায়ে তুলনা নোহোৱা বাপুকনক তাই ইগনৰ কৰিব পাৰিলে হয় ।
কিন্তু তাই আগবাঢ়ি আহিছিল। বুজাইছিল , জীৱনৰ কথাবোৰ, যৌৱনৰ কথাবোৰ । এই পাহিয়ে হয়তো আঁতৰাব পাৰিব খোকোজাবোৰ। পিছে সুধিলে বা আকৌ কি ভাৱে তাই , কি বুজে তাই…। ভুল বুজি যদি আকৌ আঁতৰি যায়,পাহিৰ হাঁহিবোৰ চোৱাৰ পৰা বঞ্চিত হ’ব নিবিচাৰে বাপুকন । পাহিৰ বাবে অযোগ্য হ’লেও ভাললগাবোৰ অলপ হ’লেও থাকিবয়ে ন ! তাতে আকৌ ইমান সুন্দৰ ব্যক্তিত্ব,ইমান চোকা মস্তিষ্ক …।
বাপুকন গৈ লেবত সোমাল । পাহিয়ে প্ৰেক্টিকেল কৰি আছে, বাপুকনক দেখি তাই গুণাগুণাব ল’লে , কৰে নো এজাক মলয়া বতাহে…। পাহিয়ে কিয় এনে কৰিছে বাপুকনে বুজিও মনে মনে আছে । কিন্তু একেটা শাৰীয়ে চাৰি পাঁচবাৰ গোৱাত সি কৈ উঠিল…
: মলয়া নহয় বলিয়া বতাহ…
: তেন্তে মলয়া কোন?
এনেকুৱা চিধা প্ৰশ্নবোৰত ভিজা মেকুৰী যেন হৈ পৰে বাপুকন । উত্তৰ বিচাৰি কনফিউজড হৈ পৰে সি…।
:কি জানো মই , তুমিহে গাইছা…
: নাজানে যদি সিদিনা কিয় মূখৰ পৰা ওলাইছিল মলয়াৰ কথা…
: প্ৰেক্টিকেল কৰিব আহিছা , প্ৰক্টিকেল কৰা
: শিকাই দিয়ক না,বাৰ পেণ্ডুলামটোৰ গ্ৰাফ মিলা নাই…
:আৰু মোৰ যে জীৱনৰ গ্ৰাফেই নিমিলা হৈছে…
:কি হৈছে ক’ব পাৰে মোক । কিজানি ওলাইয়ে পৰে ভুলবোৰ , গ্ৰাফৰ…
: তুমি নুবুজিবা সৰু আছা …
: নুবুজা হ’লে প্ৰথম দিনাই অভদ্ৰামি কৰা ল’ৰা এজনৰ লগত এনেকৈ কথা পাতি থাকিলো হয় জানো !
এইবাৰ বাপুকন ৰৈ গ’ল । এটা দীঘল উশাহ আৰু তাৰ পিছত কৈ গ’ল মলয়াৰ কথাবোৰ , জীৱনৰ ব্যথাবোৰ…। ক’ব পাৰি তাইক কথাবোৰ,টাইম পাছৰ বাবে পাহিয়ে কথা পাতে যেন নালাগে… । গভীৰতা আছে পাহিৰ প্ৰতিটো প্ৰশ্নত, প্ৰতিটো উত্তৰত ।হয়তো সৰু ছোৱালী নহয় তাই , যথেষ্ট পৈনত ।
: মলয়া এতিয়া গৌতমৰ, আপোনাৰ কি অধিকাৰ আছে তাইৰ ওপৰত?
: কিন্তু তাই দূখত আছে…
:সেইটো তাইৰ ব্যক্তিগত সমস্যা । তাই চাগে তেনেকৈয়ে ভাল পাইছে । বয়ফ্ৰেণ্ডৰ তলত থাকিয়ো ভাল পায় কিছুমান ছোৱালীয়ে, আপোনাৰ আস্থাৰ দৰেই…
: কিন্তু মলয়াক মই বুজি পাওঁ, তাই এনে ছোৱালী নহয়…
: একো বুজি নাপায়, বুজি পালে ছালখন ক’লা হোৱা বাবে , শৰীৰটো মোটা হোৱা বাবে তাইৰ প্ৰপজেলক ইমান পাতলকৈ নললে হয় ।
: পাহি, মই যথেষ্ট কনফিউজ জানা …মই একো ধৰিব পৰা নাই কি হৈছে,কি ঘটিছে…। মোৰ ভুল হৈছিল , উপলব্ধি কৰো । কিন্তু…
:উপলব্ধি কৰিলেই ভুলবোৰটো শুদ্ধ হৈ নাযায় । বাৰু এতিয়া bye , ক্লাছ আছে মোৰ। be strong. be a man . make yourself capable to take strong decisions. You will not get someone who can help you in every trouble….
বাপুকনে একো নক’লে । মলয়াৰ প্ৰতি বাপুকনৰ এয়া ভালপোৱায়ে নে দৰদ ! সি আকৌ কনফিউজ । আৰু পাহি , কথাবোৰ কৈ থাকোতে কিয় বাৰু চলচলীয়া হৈ পৰিছিল তাইৰ চকু…
আগলৈ
✍ ঋতুপৰ্ণ ডেকা