খণ্ড – ৮
ডিপাৰ্টমেন্ট ফ্ৰেচাৰ্চৰ সম্পাদক অভয়।মেনেজ কৰাত খুউৱ ভাল সি । মেনেজ কৰি কৰিয়েই ৭ টা মান বিৰিয়ানী মাৰি আনিছে । খোৱা মানুহ নাই । সিদ্ধাৰ্থ বাপুকনক মাতিছে যদিও ইমান খাৱ নোৱাৰে । কিবা কাম আছে বুলি সিদ্ধাৰ্থই পাহিকো মাতিছে । লগত তৰালীও আহিছে । পাহি খুউৱ খোলা মনৰ । দুই সপ্তাহতে সিদ্ধাৰ্থৰ লগত ভাল চিনাকী হৈ গৈছে । তাতে আকৌ আজিকালি ফেচবুক হোৱাটচেপ আছেই সম্পৰ্ক দৃঢ় কৰিবলৈ। বিৰিয়ানীৰ পেকেট দেখি ডাৰ্ক ৰুম উজলি উঠিল , বাপুকনৰ মূখত ৰঙা হাঁহি। গোটেই কেইজনে খোৱা আৰম্ভ কৰিছে ।
অভয়ৰ মূখেৰে ওলাই আহিল এই বিৰিয়ানীক নতুন মাত্ৰা দিবলৈ মাথোঁ এবটল বিয়েৰৰহে প্ৰয়োজন । সিদ্ধাৰ্থই হাঁহিব ধৰিলে । আগত পাহি বহি আছে , বাপুকনে হাঁহিব নোৱাৰে ।
: তোমালোকে বিয়েৰ খোৱা ?
পাহিৰ প্ৰশ্নত লেগ পিছ চোৱাই চোৱাইয়েই অভয়ে মূৰ দুপিয়ালে। বাপুকন মনে মনে থাকিল। কি ক’লে বা ইমপ্ৰেছ হয় এতিয়া , বাপুকন কনফিউজড , কি কোৱা উচিত!
: বাপুকন দা আপুনিও ?
তৰালীৰ প্ৰশ্নত চকমক খাই উঠা বাপুকনৰ কি কওঁ কি নকওঁ অৱস্থা । সিদ্ধাৰ্থ , অভয় দুয়ো খোৱাত ব্যস্ত । নাৰ্ভাচ বাপুকন…।
: খা খাওঁ , মানে এদিন খাইছিলো ।
: আৰু চিগাৰেট?
: সেইটোও এদিনেই…
: ভাং ?
:চিগাৰেটতোত ভাং সোমোৱা আছিল ।
এইবাৰ গোটেই কেইজনে হাঁহিব ল’লে । হাঁহি হাঁহিয়েই তৰালীয়ে আকৌ সুধিলে , কোন দিনা খাইছিল পিছে ?
এইবাৰ সিদ্ধাৰ্থ আৰু অভয়ে একেলগে কৈ উঠিল , অৰ্ণৱ হোৱাৰ বাসনা পঢ়াৰ দিনা । interesting কাহিনী সেইটো ।আকৌ হাঁহিৰ ধল , অৱশ্যে পাহি এইবাৰ মনে মনে থাকিল । বাপুকন আকৌ কনফিউজত । সকলোয়ে হাঁহিছে সি কি কৰিব !
আঁহতজোপাৰ তলত বাপুকন বহি আছে । পঢ়ি আছে JEC ৰ অৰ্ণৱ । পাহি আহি কাষত বহিল । পৰিস্থিতিটোৰ বাবে প্ৰস্তুত নাছিল বাপুকন । সি উঠি যাব ওলাল । পাহিয়ে লাহেকৈ ক’লে ,
:ৰৱ কথা আছে ।
: মোৰ কাম আছে…
: কিয় ভয় লাগিছে…
: নাই…
: ল’ৰা মই নে আপুনি , কিয় ইমান অস্থিৰ হৈছে । বহক ।
বাপুকন বহিল ।এটা দীঘল উশাহ ল’লে…
: অৰ্ণৱ হোৱাৰ বাসনাত উটি গৈছে চাগে ন !
: গৈছিলো চাগে…
: এডমিচনৰ দিনা সেইবাবেই এইবোৰ কৰিছিল ?
: …. বাদ দিয়া । চৰি । ভুল হৈছিল । bye , মোৰ কাম আছে…
: কাৰোবাক ভাল পাবলৈ অৰ্ণৱ হ’ব নালাগে ।বাপুকনৰ দৰে মানুহ ভালপোৱা ছোৱালীও বহুত আছে। প্ৰতিজন ছোৱালী আস্থাৰ দৰে সহজ সৰল নহয় । কথায় প্ৰতি খং কৰি আকৌ হঠাৎ মৰম কৰা ল’ৰা প্ৰতিজনী ছোৱালীয়ে নিবিচাৰে। দায়িত্ব বুজা , মৰমীয়াল ল’ৰাবোৰহে অধিকাংশৰ প্ৰিয় ।কেৱল দেখাত ভাল হোৱা বাবেই সকলো ছোৱালীয়ে প্ৰেমত উটি ভাহি নাযায় । বাপুকন হৈ থাকিলেও আপুনি প্ৰেমিক হ’ব পাৰিব, অৰ্ণৱতকৈ বহু ভাল প্ৰেমিক….।
পাউদাৰৰ গোন্ধত সৃষ্টি হোৱা প্ৰেম অস্থায়ী …। সঁচা প্ৰেম হ’বলৈ বুজাবুজি লাগিব, যিবোৰ হ’বলৈ সময় লয়…এদিন দেখিয়েই ভাললগা ওপজিব পাৰে,ভালপোৱা নহয়…
: বুজিছো কথাবোৰ । সময়ে বুজাইছে । নহ’লে চিগাৰেট হুপি হুপি তোমাৰ পিছত থাকিলো হয় । তেনেটো কৰা নাই । মলয়াৰ পিছত…
কব ওলাই ৰৈ গ’ল বাপুকন । কোৱা উচিত হ’ব জানো কথাবোৰ । নাই পাহি সৰু ছোৱালী, থাকক কৈ লাভ নাই । সি উঠি গ’ল । পিছফালৰ পৰা পাহিৰ প্ৰশ্ন , কোন মলয়া ! বাপুকনে ঘূৰি নাচালে…
আগলৈ….
✍ ঋতুপৰ্ণ ডেকা