খণ্ড – ৭
ডিপাৰ্টমেন্ট ফ্ৰেচাৰ্চ । সকলোয়ে নিজৰ প্ৰিয় সাজ পিন্ধি ওলাই আহিছে । গোটেই কলেজ আজি সেউজীয়া । নতুন মূখবোৰক নতুন ৰূপত দেখি প্ৰায়বোৰৰ হিয়াত ভালপোৱাৰ লহৰ ।বহুতৰে হিয়াখনে বিচাৰি ফুৰিছে নিজৰ প্ৰিয়তমাক । চিংগেল সিদ্ধাৰ্থ, বিন্দাচ । বাপুকনক লগত লৈ সিও কলেজ সোমাই আহিছে । ডাঠ লেকমি কাজল সনা অনামিকাৰ পৰা সেউজী চাদৰেৰে ভালপোৱাৰ বতাহ বলোৱা সাগৰিকালৈ সকলোকে চাই গৈছে সিদ্ধাৰ্থই । কি সুন্দৰ পৰিৱেশ । সেইবাবেই চাগে আগষ্ট মাহ কলেজৰ বসন্ত কাল বুলি প্ৰচলিত । চৌদিশে আজি ফুল ফুলিছে ,পখিলা উৰিছে ।
সিদ্ধাৰ্থ বাপুকন দুয়ো আগবাঢ়িছে আৰু হঠাৎ সন্মুখত পাহি আৰু তৰালী ।
আজিকালি পাহিহঁতৰ লগত দুই এটা কথা পাতে সিদ্ধাৰ্থই । এইফালে পাহিক দেখি বাপুকনে আকাশৰ ফালে চালে ।
বাহ পাহি ধুনীয়া লাগিছে দেই।
thanks সিদ্ধাৰ্থ দা , আকাশখনো আজি ধুনীয়া লাগিছে ন !
অ অ আকাশ , চিলিং সকলো ধুনীয়া লাগিছে ।
হাঁহিব ধৰিলে তিনিওয়ে । বাপুকনে বুজিছে এই বাণৰ লক্ষ্য কি ! এইজনী ছোৱালী চাগে ইমান বেয়াও নহয় । অথচ সাহসী ,সেইবাবেই সিদিনা চৰিয়াব ওলাইছিল ।কিবাকৈ সাহস গোটাই বাপুকনে পাহিৰ ফালে চালে । পাহিয়ে বাপুকনৰ চকুত চকু পৰা দেখি চকু ঘূৰালে । তাই তাৰ পৰা আঁতৰি গ’ল।সিহঁতে শুনাকৈ কৈ গ’ল tarali I want to help you damnt it…সিদ্ধাৰ্থই হাঁহিব ল’লে , বাপুকনৰ মূখতো মৃদু হাঁহি।
কি ধুনীয়া চকু তাইৰ, ৩ ছেকেণ্ডতে বাপুকনৰ হিয়াত জোৱাৰ আনিলে পাহিৰ চাৱনিয়ে।
অৰ্ণৱৰ আস্থা নহয় , বাপুকনৰ পাহি । কথাবোৰ ভাবিব পাৰি নে ! পিছে মলয়া ? কি হ’ব মলয়াৰ…!
বকুলজোপাৰ তলত বহি আছে মলয়া । গৌতমৰ হাত মলয়াৰ হাতত। কেপি খাই খাই ফোনত ব্যস্ত গৌতম । উদাস মলয়া। ক্ষীণাইছে তাই , চকুৰ তলফালে ক’লা পৰিছে । তাই যেন কিবা এক শংকা কঢ়িয়াই ফুৰিছে । সুখী জানো তাই গৌতমৰ সৈতে ! যদি সুখী নহয় কিয় এৰিব পৰা নাই গৌতমক।বাপুকনে সিহঁতৰ ফালে চাই অশান্ত হৈছে । কিন্তু যিজনী ছোৱালীক দেখিবলৈ আকৰ্ষণীয় নোহোৱা বাবে ৰিজেক্ট কৰিছিল তাইৰ প্ৰতি কিয় আজি ইমান দৰদ ! কিয় ইমান চিন্তিত বাপুকন ।অস্বস্তি বাঢ়িছে তাৰ…।
আজিৰ দিনটোত আৰু এইবোৰ ভাবিব নোৱাৰি , সি গৈ ডিপাৰ্টমেন্টত সোমাল ।ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এটা লেব । তাতেই আৰম্ভ হ’ব ফ্ৰেচাৰ্চ । পাহিয়ে গান গাব , তৰালীয়ে নাচিব আৰু অনেক কাৰ্যসূচী ।ভাহি আহিছে গীতাৰৰ মাত আৰু বিৰিয়ানীৰ সুগন্ধি । এইবোৰেইতো সূখ….
আগলৈ
✍ ঋতুপৰ্ণ ডেকা