অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত

খণ্ড – ৬

আ‍ঁহতৰ তলত লাইন পাতি বহি লৈছে ল’ৰাবোৰ । বিজ্ঞান শাখাৰ ক্লাছ জুনতে হৈছে যদিও কলা শাখাৰ আগষ্টৰ পৰাহে হয় ।জুনিয়ৰ আহিব আজি, মানে নতুন ছোৱালী । সকলোয়ে নিজৰ নিজৰ গ্ৰুপ বনাই বহি লৈছে । বাপুকন আৰু সিদ্ধাৰ্থ আহি কলেজ গেট পাইছেহে মাথোঁ এনেতে মৃগানদাৰ মাত, সিদ্ধাৰ্থ কি খৱৰ । ভাল বুলি কৈ সিদ্ধাৰ্থ গুচি গ’ল।লগত লৈ গ’ল এমাহৰ মূৰত গুটখা চিগাৰেটৰ বিক্ৰী তিনি চাৰিগুণ বৃদ্ধি হোৱা বাবে মৃগেনৰ মূখত বিৰিঙি উঠা হাঁহিটো ।চিগাৰেট নোখোৱাকৈ আজি সি প্ৰথম কলেজ সোমাইছে, মৃগেনৰ বাবে অন্তত আচৰিত কথা ।

কলেজত সোমাইয়ে আকৌ ভয়ানক পৰিস্থিতি । প্ৰিন্সিপালে সকলোকে খেদি আহিছে।  কোনোবাই হেনু ছোৱালী জোকাইছে । তাকো প্ৰিন্সিপালৰ নিজৰ ভতিজাকক । প্ৰিন্সিপালে খেদিছে,চব পলাইছে , কোনোবাই ডিপাৰ্টমেন্টলৈ আন কোনোবাই কলেজৰ বাহিৰলৈ । একো দোষ নাছিল যদিওঁ সিদ্ধাৰ্থ আৰু বাপুকনেও বিপদেৰে নেখেলি দৌৰি গৈ ডিপাৰ্টমেন্ট পালে।  দুয়ো হাঁহিব ধৰিলে , সিদ্ধাৰ্থৰ মূখৰ পৰা ওলাই আহিল অনেক গালি । হঠাৎ বাপুকনৰ হাঁহি নোহোৱা হৈ গ’ল। বাপুকনৰ চকু চিলিংত । 

সিদ্ধাৰ্থ‌ আচৰিত হ’ল। ঘটনা কি ? ৰুমৰ ভিতৰলৈ চাই দেখে পাহিয়ে আন এজনীৰ লগত পাবজী খেলি আছে। বাপুকনে লগে লগে চিলিংৰ ফালে চাই বাহিৰ ওলাই আহিল। আস্থাৰ দৰে সহজ সৰল নহয় পাহি, হিন্ট এটা পালে বাপুকনে ।সিদ্ধাৰ্থ আগুৱাই গ’ল , কাষৰ চকী এখনত বহি সিও পাবজী খেলিব ল’লে । পাহিৰ হাঁহিটো ভাল লাগিছিল তাৰ…।

সিদ্ধাৰ্থ আৰু বাপুকনে ইলেকট্ৰনিকছৰ প্ৰেক্টিকেল কৰি আছিল । সিহঁতৰ লেবত পাহি আৰু তাইৰ বান্ধৱী এজনী সোমাই আহিল । সিদ্ধাৰ্থক পাহিয়ে অলপ ফ্ৰী বুলি ভাৱিব লৈছে, বিনা সংকোচে ওচৰতে পাবজী খেলিব পাহৰিছে যিহেতু ।অৱশ্যে নামহে নাজানে ।

hod মেমে পঠাইছে । প্ৰেক্টিকেলবোৰ বুজিবলৈ চিনিয়ৰৰ কপি ল’ব দিছে ।বাপুকন দাৰ বহি ল’ব দিছে ।প্ৰেক্টিকেল হেনো ভালকৈ কৰে । আপুনিয়ে বাপুকন নেকি ? মেমে মানে লেবত থকা বুলি ক’লে…সিদ্ধাৰ্থক পাহিয়ে বাপুকন বুলি ভবা দেখি সি হাঁহিব ধৰিলে ।বাপুকন চিলিঙলৈ চায়েই লেৱৰ পৰা ওলাই গ’ল । পাহিয়ে বুজিছে বাপুকন কোন । লাজত তাই ৰঙা পৰি গ’ল । তাই আৰু ৰৈ নাথাকিল, তায়ো ওলাই আহিল লেৱৰ পৰা । পঢ়াত যদি ইমানেই ভাল সিদিনা সেইবোৰ কি আছিল….! কথা পাতিব লাগিব পিছলৈ ।সিদ্ধাৰ্থ‌ই পিছৰ পৰা চিঞৰিলে , কপিটো ম‌ই আনি দিব বাৰু …।


পাহিয়ে একো নোকোৱাকৈয়ে আঁতৰি গ’ল । সিদ্ধাৰ্থৰ চকু এইবাৰ লগৰজনীত । তাইয়ো ধুনীয়া । নামহে সুধিব লাগে এতিয়া…. । অভয়ে ঠিকেই কয় , নাৰী প্ৰতি দুৰ্বলতা সিদ্ধাৰ্থৰ নোহোৱা নহয় । but who cares,ছোৱালী চালে কেন্সাৰ নহয়টো…


আগলৈ…

ঋতুপৰ্ণ ডেকা

By