খণ্ড – ৫
ৰুমত সোমায়েই বাপুকন আচৰিত । শিৱ আৰু চে গুৱেভাৰৰ ফটোৰ ঠাইত এখন ডাঙৰ কৃষ্ণৰ ফটো । চাধা টেমা আৰু চিলিম থকা কাঠৰ টুকুৰাটোত এগছা চাকি । চিগাৰেটৰ ঠাইত জ্বলিছে ধূপ । ঘটনাটো কি ! বিশ্ববিদ্যালয়ৰ লীলা খেলা একো ধৰিব নোৱাৰি যদিও পহিলা আগষ্টত ৰিজাল্টো নিদিয়ে । তেন্তে কিয় এই পৰিৱেশ । সিদ্ধাৰ্থই গান শুনি আছে । জুবিনৰ দিয়া ঘূৰাই দিয়া…।
বাপুকন আগবাঢ়ি গ’ল। সিদ্ধাৰ্থই চকু মেলিলে । : কি হ’ল ! কিয় এই পৰিৱেশ? :বাদ দিলো নিচা , মূখত ঘা হৈছে অলপ ।সিদ্ধাৰ্থৰ দেউতাকৰো এনেকৈ মূখত ঘা হৈছিল । ডাক্তৰে চাধা খাব মানা কৰিছিল । পিছে দেউতাকে কথাবোৰ নুশুনিলে । এদিন ই কেন্সাৰৰ ৰূপ ল’লে আৰু দেউতাক। সিদ্ধাৰ্থই ৰিক্স নলয় ,অকলশৰীয়া মাকক অকলে এৰি থৈ যাব ইচ্ছা নাই । সিদ্ধাৰ্থ বুজা ল’ৰা ।
বাপুকনে পকেটত হাত ভৰাই মাক্স এখন উলিয়ালে । চাধাৰ গোন্ধত কাঁহ নুঠিবলৈ ২০ টকা খৰচ কৰি কিনিছিল । কি কৰিব এতিয়া এইখন ! একতা গঢ়া চাধাৰ টেমা এতিয়া নিজেই নিসংগ ,পৰি আছে ডাচবিনত। কলেজত গ’লে পিন্ধি যাব পাৰিব দেখোন ।হয়তো পাহিয়ে চিনি নাপাব তেতিয়া …! পাহি, কেনেবা আছে তাই ! খংবোৰ কমিছে নে বা নাই ! আৰু মলয়া…, কি হ’ল তাইৰ।
এমাহলৈ খৱৰে পোৱা নাই । গৌতমে কি বা কৰিলে এইবাৰ তাইৰ লগত ! কিবা এটা ভালৰ আশা কৰি আছিল বাপুকনে । কথাবোৰ যাতে সলনি হয় । সি এতিয়া অৰ্ণৱৰ কথা পাহৰিছে । বাপুকন হিচাপেই যেন নিজক প্ৰতিষ্ঠা কৰিব লাগিব বুজিছে । ফেচবুকত কিছুদিন আগতে পাহিয়ে লিখিছিল অৰ্ণৱৰ দৰে প্ৰেমিক হ’বলৈ অৰ্ণৱ হোৱাৰ প্ৰয়োজন নাই । নিজৰ চৰিত্ৰত জীয়াই থাকিও আনৰ দৰে ভাল পায় দেখাব পাৰি । আনকি আনতকৈ বহু ভাল প্ৰেমিক হ’ব পাৰি । সেই লিখাটোয়ে তাৰ মগজুত খুন্দিয়াইছে ।কথাবোৰ বুজিছে সি,কথাবোৰ ভাবিছে….।
পৈণত হৈছে তাৰ চিন্তা, লাহে ধীৰে হলেও । খৰখেদাকৈ সোমাই অহা অভয়ৰ গতি হঠাৎ কমি গ’ল ।আচৰিত অভয়, ৰুমৰ এনে অৱস্থা কেনেকৈ ! ঘটনাটো তাৰ বাবে সিমানেই আচৰিত আছিল যিমানেই বেক নলগাকৈ এবাৰতে পৰীক্ষা পাছ কৰা । চৌদিশে চকু ঘুৰাই মেলি সি সিদ্ধাৰ্থৰ বিচনাত বহিল । সিদ্ধাৰ্থই ভুজিয়াৰ টেমাটো আগবাঢ়াই দিলে । অভয়ৰ চকুত আকৌ আশ্চৰ্য … : প্ৰাগ নিউজৰ নম্বৰ আছে ? : নাই , কিয় , কিয় হ’ল ? : কি হ’ল মানে ! বাপুকন তই ইমান দেৰি দেখাই নাই ? বিশ্বৰ আজৱ খৱৰৰ বাবে নিউজ চৰ্চ আছে তোৰ ৰুমত ।
চিগাৰেটৰ ঠাইত ধূপ জ্বলিছে । নিজেই নিজেই ভুজিয়া জাচিছে…। তিনিওজনে হাঁহিব ধৰিলে । হাঁহি হাঁহিয়ে বাপুকনে অভয়ক কাৰণবোৰ ক’লে । সৰু ঘা, এতিয়া প্ৰায় ভাল পাইছে ।সেয়ে বিশেষ চিন্তা কৰা নাই আৰু এতিয়া। : অভয়… :ওম : চিগাৰেট খোৱাটো বেয়া ? :ওমম : অৰ্ণৱেও খাই চোন ! অৰ্ণৱ হ’বলৈ চিগাৰেট খোৱাটো মানে মোৰ.. : সাংঘাতিক ভুল আছিল ।
আতচ্ছা বাপুকন, এটা বিখ্যাত লাভ ষ্টৰি ক চোন । : ওমম, ভাৰতৰ ক্ষেত্ৰত চালে মমতাজ চাহজাহান । : মমতাজৰ মৃত্যু কি হৈছিল জান ! : ১৪ নম্বৰ সন্তানৰ জন্মৰ সময়ত চাগে… : কথা সেয়াই । যিবোৰ কাহিনী জনপ্ৰিয় হয় তাত মচলা লাগিবয়ে , থাকিবয়েই । নহ’লে তোৰ মোৰ কাহিনী কোনে পঢ়িব ! কিয় পঢ়িব ? সুখী আছিল নে মমতাজ নিজেই চিন্তা কৰ ।
আস্থা – অৰ্ণৱৰ কাহিনী ফ’ল কৰিব গৈ চিগাৰেট খোৱাৰ প্ৰয়োজন নাই, খঙাল হোৱাৰ প্ৰয়োজন নাই , চাহজাহানক ফ’ল কৰিব গৈ ১৪ টা সন্তান বিচাৰি লাভ নাই । ভাল পাব লাগে কাৰোবাক । তয়ো ভাল পা , নিস্বাৰ্থ ভাৱে । অৰ্ণৱ নহয় , বাপুকন হৈ , নিজৰ সত্বা জীয়াই ৰাখি ।
আৰু বাস্তৱ বেলেগ । বেবী পাউদাৰ ঘহিলে বুলিয়েই আজিৰ ছোৱালীয়ে ১৮ বছৰলৈ ভগৱানক নমো নকয় । be practical ভাই । কথাবোৰ বুজিব চেষ্টা কৰ…। বাপুকনৰ আকৌ এবাৰ গাত লাগি গ’ল কথাবোৰ । সি যেন কিবা এটা ভুল কৰিব ওলাইছিল । এনেতে সিদ্ধাৰ্থৰ হেডফোন জেক খুলি গ’ল ।
ম’বাইলত উচ্চ ভলিউমত বাজি উঠিল নাগাৰা নাম , কোন তুমি ৰূপৱতী বনৰে মাজত….। খুউৱ কামোৰ পায় ইহঁত দুয়োৰে আদ্দা, যদিও বিশ্বাস কৰে , অভয় যথেষ্ট যুক্তিবাদী…।তিনিওজনে আকৌ জোৰেৰে হাঁহিব ল’লে । ঘৰৰ মালিকৰ গালি…।
আগলৈ….
✍ ঋতুপৰ্ণ ডেকা