খণ্ড – ৪
ভয়ে ভয়ে বাপুকন লেবত সোমাল। পাহিয়ে প্ৰক্টিকেল কৰি আছে । ১ম আৰু ৫ম ষান্মাসিকৰ প্ৰেক্টিকেল একেলগে হয় । দৰ্জাৰে কোনোবা সোমোৱা বুলি গম পায় পাহিয়ে বাপুকনৰ ফালে চাইছে , বাপুকনে চিলিঙলৈ । আজি ম’বাইল আনিব পাহৰিছে সি । তেনেকৈ আগবাঢ়ি গৈছে , আৰু হঠাৎ টেবুলত খুন্দা খাই পৰো নপৰো অৱস্থা । খৰখেদাকৈ গৈ সি ডাৰ্ক ৰুমত সোমাল । পাহিয়ে তাৰ অৱস্থা দেখি হাঁহি ৰখাব নোৱাৰিলে ।
লগৰজনীয়ে আচৰিত হৈ চোৱাত তাই আকৌ স্বাভাৱিক অৱস্থাত অহাৰ প্ৰয়াস কৰিলে ।
ডাৰ্ক ৰুমত সোমায়েই দেখে ডেক্সত বহি সিদ্ধাৰ্থই লেকচাৰ দি আছে । আজিৰ বিষয় চাধা । তাৰ ফেন ক্লাৱে মনযোগৰে শুনিছে । আটাইতকৈ কম দামত পোৱা চাধাই হেনো নিচাৰ লগতে আনে একতা । বাছৰ পিছৰ চিটৰ পৰা চাহৰ দোকানৰ আদ্দালৈ , হাতৰ তলুৱাত চূণ লগোৱা দেখিলেই হ’ল, অচিনাকি চাৰিজনেও আহি কব দাদা মোৰ বাবেও অলপ বনাব । আৰু তাৰ পিছত জাতি ধৰ্ম নিৰ্বিশেষে আৰম্ভ হৈ যায় ৰসাল আদ্দা । এইবোৰ শুনি ফেন ক্লাৱে চাপৰি বজাইছে । বাপুকনৰ ভিতৰলৈ সোমাই অহা দেখি সিদ্ধাৰ্থই তাক ইতিকিং কৰিব ল’লে ।
কি খৱৰ আস্থাৰ ? আজি গালি দিলে নে চৰ ? আস্থা কোন কোনেও বুজি পোৱা নাই । ফেন ক্লাৱে এটা কথায়ে শুনিছে সেয়া হ’ল ছোৱালীৰ নাম । লগে লগে গোটেইবোৰ চিঞৰি উঠিল ভাই পাৰ্টি পাৰ্টি ।পাৰ্টী প্ৰথম,বাকী কথা পিছত দেখা যাব । সিদ্ধাৰ্থই হাঁহিব ল’লে । অস্বস্তিত বাপুকন … ।
আজিৰ পৰা ক্লাছ নাই । গৰমৰ বন্ধ আৰম্ভ । পাহিৰ খং কমিব এই এমাহ চাগে যথেষ্ট । অৰ্ণৱ হৈ পাহিক আস্থা বুলি প্ৰেমত পৰিব এনে চিন্তাৰ পৰা বাপুকন কিছুপৰিমাণে মুক্ত হৈছে । সিদিনা অভয়ৰ কথা তাৰ বেয়াকৈ গাত লাগিছে । কথাবোৰ সি বুজিব চেষ্টা কৰিছে ।অৰ্ণৱ হোৱা সম্ভৱ জানো তাৰ বাবে ! আৰু মলয়া , মলয়াক পাবলৈ অৰ্ণৱ হোৱাৰ প্ৰয়োজন নাই । বাপুকনেই ঠিক আছে । মলয়াই তেনেকৈয়ে আকোৱালি ল’ব । সহজ সৰল বাপুকন । পাহিৰ লগত ঘটি যোৱা ঘটনাবোৰৰ বাবে দূখ লাগে তাৰে ।
কথাবোৰ পাহৰাৰ বাবে অলপ সময়ৰ প্ৰয়োজন । বাপুকন যেন এই এমাহৰ বাবেই ৰৈ আছিল…। সকলো স্বাভাৱিক হ’ব । পাহি আন আন জুনিয়ৰৰ দৰে হৈ পৰিব, তাই সন্মুখত থাকিলে অন্তত চিলিঙলৈ চাই থাকিব লগীয়া পৰিস্থিতিবোৰ নোহোৱা হ’ব…।
আঁহত গছজোপাৰ তলত গৌতমেৰে সৈতে বহি আছে মলয়া । সিহঁতক দেখি গছৰ তলত নবহি লাইব্ৰেৰীমূখী হ’ল বাপুকন।নাই ,ব্ৰেক আপ হোৱা নাই চাগে সিহঁতৰ । ৰিলেচনত সৰু বৰ কাজিয়া বহু থাকে। সিদ্ধাৰ্থই কৈছিলেই চোন,সৰু সৰু অভিমানবোৰৰ আঁৰতে লুকাই থাকে ভালপোৱাবোৰ । কাজিয়াবোৰ মৰম । কিন্তু সিদিনাৰ কাজিয়াখন সৰু সৰু অভিমানৰ পৰিণতি হোৱা যেন লগা নাছিল ।
মলয়াৰ তীব্ৰ হতাশাৰ বহিপ্ৰকাশ আছিল সেইবোৰ। যদি সেয়াই আছিল মলয়া কিয় আজি গৌতমৰ লগত একেলগে আছিল ! কিয় সিদিনা তাই চিঞৰি চিঞৰি কান্দিছিল !
কথাবোৰ ভাবিব আৰু মন যোৱা নাই । ভাগৰ লাগিছে তাৰ । ঘৰ যাব লাগে । গাওঁৰ সেউজীয়াবোৰত বিশ্ৰাম ল’ব লাগে । প্ৰেমে আগতে এনেকৈ ক্লান্ত কৰা নাছিল তাক ।লাভ্ লাইফ বুলিবলৈ মাহে পষেকে ক্ৰাছবোৰ সলনি হৈ থকা প্ৰক্ৰিয়াটোহে আছিল । এতিয়া এইবোৰ কি হ’ব লৈছে ! ভুল কৰি আছে নেকি বাপুকনে ।ভালপোৱাই ধ্বংস কৰি পেলাৱ নেকি তাৰ হোজা পিতায়েকৰ সপোন ? নাই চিন্তা কৰিব নোৱাৰে আৰু সি । সকলো এৰি সি ৰুমলৈ দৌৰিলে , সন্ধিয়াৰ বাছত ঘৰ যাব লাগিব । দেখা যাব আগলৈ কি হয়…
আগলৈ…
✍ ঋতুপৰ্ণ ডেকা