অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত

খণ্ড – ৩

প্ৰিন্সিপাল অফিচৰ পৰা ওলাই আহিছে বাপুকন । লগত ৰান্ধনী । তীব্ৰ খং । এনেকৈ হেনো আজিলৈ ঘৈণীয়েক‌ও গালি দি পোৱা নাই । ২০০ টকাত নহ’ব , আৰু ৫০ টকা নিদিলে ভাৰাতীয়া লোকেল গাৰ্জেন বুলি নিজকে expose কৰি দিব । কিবাকৈ বুজাই মিলাই ৫০ টকাৰ ঠাইত ৰজনী একপেকেটত সন্তুষ্ট কৰালে  বাপুকনে ।নহ’লে যিহে উৎপাত ,কিবাকৈ ভুৱা লোকেল গাৰ্জেন বুলি গম পালে প্ৰিন্সিপালে কলেজৰ পৰা উলিয়াই দিব।

ৰান্ধনীক বিদায় দি ডিপাৰ্টমেন্টলৈ গতি ললে বাপুকনে ।প্ৰিন্সিপালৰ পৰা হ’ব পৰা সমস্যাৰ পৰা বাৰু কিবাকৈ বাচিল, পিছে এতিয়া ডিপাৰ্টমেন্টলৈহে যাব নোৱাৰা অৱস্থা। প্ৰেক্টিকেল লেবত সেই ছোৱালীজনী । কি কৰিছে তাই ইয়াত ! যদি আগত দেখি আকৌ চিঞৰি উঠে, যদি এইবাৰ চৰ মাৰি দিয়ে ।ভয়তে পিছফালে ঘূৰ যাব ওলাই আকৌ বিপাঙত পৰিল বাপুকন। পিছফালৰ পৰা আহি আছে মলয়া গৌতম ।উপায়হীন হৈ পৰিল সি। মোবাইলটো ওলাই লৈ ফেচবুক স্ক্ৰল কৰি লেবৰ ফালে নোচোৱাকৈয়ে বাহিৰলৈ ওলাই  গ’ল বাপুকন। সিদ্ধাৰ্থ‌ই ঠিকেই কৈছিল, কাৰোবাক মাতিবলৈ বা কথা পাতিব মন নগলে এই মোবাইলটো যথেষ্ট সহায় কৰে, আৰু এইটোয়েই চাগে স্মাৰ্ট ফনৰ আটাইতকৈ স্মাৰ্ট  সুবিধা।

মলয়া , ভাল পায় জানো তাই গৌতমক  । উগ্ৰ,নষ্ট , নিচাসক্ত গৌতম । বাহুবলক লৈ গৌৰৱী আৰু তেনেকৈয়ে কলেজ প্ৰেচিডেন্ট । মলয়া ক’লা হ’লেও ধুনীযা , সহজ সৰল । গৌতমৰ লগত একোতে নিমিলে । তথাপি তাই গৌতমৰ প্ৰপজেল একচেপ্ত কৰিছে । কোনোবা এজন লাগে ধৰণৰ মানসিকতাত বন্দী তাই । তোক কোনে ভাল পাব ধৰণৰ অনেক ইতিকিংৰ যেন উত্তৰ আছিল এই সম্পৰ্ক । নিসংগ জীৱনক যেন প্ৰত্যাহ্বান জনোৱা প্ৰয়োজন আছিল ।

সেইবাবেই বাচি লৈছিল গৌতমক । পিছে গৌতমে ভাল পায় জানো তাইক, নে ভাল পায় কেৱল শৰীৰটো । শৰীৰটোক যিমান সময় দিয়ে সিমান সময় দিয়ে জানো মনটোক ! বুজিবলৈ চেষ্টায়ে নকৰে দেখোন।  ভুল হৈছিল মলয়াৰ । হৰমনৰ দোষ আছিল নে কি নাজানে কিন্তু এতিয়া অনুভৱ কৰিব লৈছে গৌতমতকৈ নিসংগতাই ভাল আছিল । তাই এতিয়াও বিচাৰে বাপুকনক । বাপুকন আগত আহিলে তাইৰ চকু সেমেকি উঠে আৰু গৌতমৰ উঠে খং ! সেইবাবে মলয়াক চকুৰ আগত দেখিলে বাপুকন অস্বস্তিত পৰে …।

মেইন গেটৰ ওচৰৰ আঁহতৰ তলত বাপুকন বহি আছে । অকলে , নীৰৱে । সিদ্ধাৰ্থ দৌৰি আহিল ।
ঐ ত‌ই মৰিলি । পাহি আমাৰে ডিপাৰ্টমেন্টত এডমিচন লৈছে ।
কোন পাহি ?
আব্বে পাহি , মানে তোৰ আস্থা

পাহি,নামটো ধুনীয়া । নামটোৰ দৰেই কোমল , মৰমলগা ছোৱালীজনী।  কিন্তু সেই ছোৱালীজনীৰে চৰ খাব ওলাইছিল বাপুকন। ভুল তাৰ , তাৰ অভদ্ৰ আচৰণৰ ফল এয়া । এনেকুৱা কিয় কৰিলে সি ! তেনেকুৱা স্বভাৱৰ নাছিলেই দেখোন বাপুকন । ইমান সলনি কেনেকৈ হৈ গ’ল সি ! কেনেকৈ ! ভাৱনাৰ আকাশখন আন্দোলিত হৈ পৰিছিল , কিবা  এক ডাঙৰ অপৰাধী অপৰাধী ভাৱে অশান্ত কৰি তুলিছিল তাক। হঠাৎতে বহু কিবা কিবি হৈ গ’ল । কব নোৱাৰাকৈয়ে।

মৌন হৈ আছিল সিদ্ধাৰ্থ, মৌন আছিল বাপুকন । হঠাৎ সেই মৌনতা ভাঙি যেন ভাহি আহিছিল এক চিঞৰ । চিঞৰি উঠিছিল মলয়া । কাজিয়া লাগিছিল গৌতমেৰে । মলয়াৰ চৰত গৌতম বলিয়াৰ দৰে হৈ পৰিছিল । বহুজন দৌৰি আহিছিল সিহঁতৰ ওচৰলৈ । এয়াই আছিল চাগে ব্ৰেক আপৰ আৰম্ভণি । মলয়াই আৰু গৌৰৱক শৰীৰেৰে খেলিব নিদিয়ে…। মলয়াই কান্দিছিল…।

বাপুকনে কেৱল দূৰৈৰ পৰা সকলো লক্ষ্য কৰি আছিল, নীৰৱে….। এইফালে চিন্তাই ক্লান্ত কৰিছিল, ডিপাৰ্টমেন্টত মূখ কেনেকৈ দেখাব…। কেনেকৈ ঠিয় হ’ব
পাহিৰ সন্মুখত । আছে জানো তাৰ ইমান সাহস !

আগলৈ

ঋতুপৰ্ণ ডেকা

By