অৰ্ণৱ হোৱাৰ বাসনাত

অৰ্ণৱ হোৱাৰ বাসনাত

খণ্ড – ২

B.Sc কৰি আছে বাবেই আজিকালি ঘৰৰ পৰা প‌ইচা কম আহে । সেইবাবেই বাপুকনৰ ৰুমত আজিকালি  netflix ৰ ঠাইত Alt balaji হে চলে । সিদ্ধাৰ্থ‌ই কিবা কিবি চাই আছে, শ্ল ইন্টাৰনেটৰ বাবে বাৰে বাৰে ডিচপ্লেত চকা এটা ঘূৰি আছে । এইসময়খিনিত শব্দৰ অভাৱ পূৰাই আছে বাপুকনে,তাৰ কেকাই থকা অসহ্য মাতে । বৰ বেয়াকৈ মাৰিছে তাক গৌতমে । গৌতম , ইউনিয়ন বডিৰ প্ৰেচিডেন্ট, তাৰ ওপৰত মিম বনোৱাৰ খং এটা আগৰ পৰায়ে আছিল, এইবাৰ সুবিধা ল’লে । ৱাইল্ড ষ্ট’নৰ ঠাইত আজি বাপুকনৰ শৰীৰৰ পৰা ভাহি আহিছে ভলিনীৰ গোন্ধ । সিদ্ধাৰ্থ বাবেহে সহ্য কৰিব পাৰিছে কথাবোৰ, ভাং আনিব গৈ পুলিচৰ মাৰ খায় ইয়াতকৈ বেয়া অৱস্থাৰ অভিজ্ঞতাৰে সি পুষ্ট।

প্ৰিন্সিপালেও আকৌ বাপুকনৰ লোকেল গাৰ্জেন মাতিছে । ইয়াক লৈ দুয়োৰে চিন্তা । আজিকালি তিনিশ টকাৰ তলত কোনো লোকেল গাৰ্জেন নহয়য়েই । তথাপি ৰান্ধনীজনক কিবাকৈ ২০০ টকা দি মেনেজ কৰিব লাগিব । ল’বয়ে দিয়কচোন , কাৰোবাৰ হৈ গালি খোৱা কামটোও সহজ নহয় ….।

এইবোৰ চিন্তাতে দুয়ো মগ্ন আৰু হঠাৎ দৰ্জাত কোনোবাই টুকুৰিওৱা শব্দ শুনি উঠি যাব ওলাল বাপুকন । দৰ্জাৰ কোণত কব নোৱাৰাকৈ ভৰিৰ আঙুলি খুন্দা হোৱাৰ ফলত বিষত যিটো চিঞৰ ওলাই সেই একেই চিঞৰত জপিয়াই উঠিল বাপুকন । উঠিব নোৱাৰে সি ।উঠি গ’ল সিদ্ধাৰ্থ । দৰ্জা খুলি দেখে সন্মুখত অভয় । অভয়ক দেখি সিদ্ধাৰ্থ আচৰিত হ’ল ,কলেজৰ আটাইতকৈ কৃপন ল’ৰাটোৰ হাতত এক আশী মালভোগ কল দেখিলে আচৰিত নহ’বনো কিয় । অভয় আগুৱাই আহিল , নিজ হাতেৰে কলৰ বাকলি গুচাই বাপুকনক খুৱাই দিলে ।

বাপুকনে সিদ্ধাৰ্থৰ ফালে চালে আৰু সিদ্ধাৰ্থ‌ই বাপুকনলৈ । তাৰ পিছত দুয়ো অভয়লৈ চালে । অভয় নাৰ্ভাচ।এইবাৰ গোটেই কেইটাই একেলগে হা‍ঁহিলে । যুক্তিবাদী অভয়ক প্ৰায়বোৰেই বেয়া পায় । পিছে বাপুকনৰ বেষ্ট ফ্ৰেণ্ড । ৰুমত দুয়োটাই একেলগে কথা পাতিলে সিদ্ধাৰ্থ‌ই হেডফোনত নাগাৰা নাম শুনে ।সিহঁতৰ কথাবোৰতকৈ হেডফোনত নাগাৰাৰ নামেই অলপ কম বিৰক্তিদায়ক যেন লাগে । আজি সিদ্ধাৰ্থ‌ই গান লগোৱা নাই । মূখেৰে নকলেও বুজি পায় এই সময়ত বাপুকনৰ লগত কথা পতাতো জৰুৰী । বন্ধুবোৰ এনেকুৱায়ে,চব বুজে…।

ইমান ধুনীয়া ছোৱালী এজনীক প্ৰপ’জ কৰাৰ প্ৰয়োজনীয়তা কি আছিল ? ত‌ই যোগ্য হয় জানো । ভুজিয়াৰ টেমাটো খুলিব চেষ্টা কৰি অভয়ে ক’লে । ৰাতিৰ যোগাৰ এই ভুজিয়াৰ টেমাটো।  সিদ্ধাৰ্থ‌ই কাঢ়ি আনিলে অভয়ৰ পৰা । কল খুৱালে বুলিয়েই ভুজিয়াৰ চেয়াৰ নহয় , তাতে আকৌ বিকাজীৰ…।


কেকাই কেকাইয়ে বাপুকনে ক’লে
আমি ধুনীয়া ছোৱালীৰ প্ৰেমত কেনেকৈ পৰিব পাৰো ।আমিটো কুৎসিত , আমাৰটো একো বিশেষ নাই । আমাক কিয় ভাল পাব সি‌ঁহতে । অৰ্ণৱ লাগে সিঁহতক ,tall , handsome …
মলয়াই তোক প্ৰপজ দিছিল no কিয় কৈছিলি ?


অভয়ৰ কথাত সিদ্ধাৰ্থৰ প্ৰশ্ন কোন মলয়া….।
বাপুকনে অস্বস্তিৰ সুৰত ক’লে এই যে শকত কে ক’লা কে ছোৱালী জনী ….
কিয় ক’লা ছোৱালীয়ে ভালপোৱাৰ অধিকাৰ নাই !

এইবাৰ অভয়ৰ কথাত সকলো মৌন হৈ পৰিল ।হয়েই চোন কথাবোৰ । ধুনীয়া ছোৱালীয়ে কুৎসিত বাবে no দিলে আমাৰ সমস্যা ,পিছে আমি কিয় no দিও কুৎসিত ছোৱালীক !
মন মিলা কথা আছে , আমি দেখাত বেয়া হ’লেও মনবোৰ ভাল ।
মলয়াৰ মন বেয়া আছিল ?

আৰু কথা আগ নাবাঢ়ে,একো যুক্তি নাই আৰু…। নিজৰ চিন্তাৰ বিসংগতিবোৰ স্পষ্ট হৈ পৰিছিল । মলয়াৰ প্ৰতি যেন কিবা এটা ভাল ভাৱ আহিছিল বাপুকনৰ,লগতে নিজকে দোষী যেন লাগিছিল। পিছে মলয়া যে এতিয়া গৌতমৰ প্ৰেয়সী,যাৰ মাৰ খাই আজি বাপুকনৰ উঠিব নোৱাৰা অৱস্থা…।

আগলৈ

ঋতুপৰ্ণ ডেকা

By