খণ্ড – ১০
গেলা গৰম , তাতে কাৰেন্ট নাই । অভয়ে গালি পাৰিছে চৰকাৰক আৰু সিদ্ধাৰ্থ বাপুকনে অভয়ক । ছাত্ৰ সংগঠন এটাৰ নেতা হিচাপে নদীবান্ধ নালাগে আন্দোলনত খুউৱ সক্ৰিয় অভয় । সেয়ে বাকী দুজনৰ ক্ষোভ, যুক্তি, বান্ধ নহ’লে বিজুলী আহিব কৰ পৰা !…
ভিন্ন বিষয়ত আলোচনা চলি আছে । তাৰ মাজতে বাপুকনে ডলাৰৰ বগা গেঞ্জীটো পেটৰ ওপৰলৈ উঠাই ল’লে…
: সিদ্ধাৰ্থ …
:ওমম্…
:এই গৰমৰ বাহাদুৰি কি জান ?
:কি !
: এনে বতৰত আমাৰ দৰে মানুহবোৰেও ফেচবুকত বিন্দাচ লিখিব পাৰে ফিলিং হট্….
: অ অ ,লাগিলে পেট ওলাই বিয়া পতা মানুহৰ দৰেই অৱস্থা নহওঁক কিয় !
তিনিওয়ে হাঁহিব ধৰিলে । কাৰেন্ট আহিল, ফেন চলিল…
: তৰালী ছোৱালীজনী ধুনীয়া ন অভয়…
: তোৰ বাবে নো কোনজনী ছোৱালী বেয়া !
:ঠিক কৈছ ভাই, পাহিকো ভাল লাগে মোৰ…
: কিন্তু পাহিয়েটো বাপুকনকহে পাত্তা দিয়ে । মেচেজ কৰিলেও তাৰহে খৱৰ লয় । তই আশা বাদ দে সিদ্ধাৰ্থ…
এইবাৰ বাপুকন অনুসন্ধিৎসু হৈ পৰিল ! পাহিয়ে পাত্তা দিয়ে তাক ! পাহিয়ে খৱৰ লয় তাৰ ! কি কৈ আছে ? সঁচা জানো… । সিদ্ধাৰ্থহঁতৰ লগত বাপুকনে এইবোৰ কথা পাতিবলৈ একেবাৰেই প্ৰস্তুত নহয়। পাহিয়ে কোৱা কথাবোৰ মনত আছে তাৰ । be a man. নিজৰ জীৱনৰ বহু সিদ্ধান্ত নিজেই ল’ব লাগিব ।ভুল হ’ব পাৰে , কিন্তু ভুলবোৰো যে হৈ পৰে ভাল শিকাৰ আৰম্ভণি ।
পাহিয়ে ঠিকেই কৈছিল চাগে , মলয়া সুখী। গৌতমৰ লগত পাৰিব তাই চলিব। মিছাতে দৌৰিলে কি নো হ’ব । আৰু পাহি ! তায়ো দেখোন বাপুকনৰ প্ৰতি দুৰ্বলতাৰ ইংগিত দি থাকে। চেমিনাৰত সিদিনা একেৰাহে বহু সময় চকুত চকু ৰখা, লগ পালেই বহু সময় কথা পতা আদিৰে বহু কথায়ে বুজাই থাকে তাই । তাই যদি আকৌ বন্ধু হিচাপে তেনে কৰিছে… । কি কৰা উচিত অনুচিত ভাবিব সময় লাগিব । এইবাৰ প্ৰশ্নৰ জালখনৰ মালিকেই নিগনি । বাহিৰ হ’ব কেনেকৈ…. । মুঠতে কথাবোৰ নতুনকৈ ভাবিব লাগিব…
পাহি আৰু বাপুকনে লেবত কথা পাতি আছে । 1st sem বেক এখন আছে বাপুকনৰ । নোটচবোৰ লাগিব । পাহিয়েও বিষয়বস্তুক লৈ কিছুমান প্ৰয়োজনীয় কথা কৈ আছে । মাজে মাজে দুয়ো দুয়োৰে চকুলৈ চাইছে । হাঁহিছে । অৰ্ণৱ হোৱাৰ বাসনাত যদি আকৌ বাপুকনে একেই অভদ্ৰামি কৰি থাকিলে হয় তেন্তে হয়তো এই পৰিস্থিতি নাহিল হয়। ভুলবোৰ বুজি সেই ভুলক ভাললৈ ৰূপান্তৰৰ যি যাত্ৰা সেই যাত্ৰাৰ প্ৰেমত পৰিছে পাহি । সৰলতাৰ প্ৰেমত পৰিছে পাহি । কথাবোৰ আগবাঢ়িছে… হাঁহিবোৰ আৰু মিঠা হৈছে । আৰু এইবোৰৰ মাজতে হঠাৎ লেবলৈ দৌৰি আহিল সিদ্ধাৰ্থ ।
খৰ খৰকৈ উশাহ লৈ ম’বাইল স্ক্ৰীণখন বাপুকনৰ দিশে আগুৱাই দিলে । বাপুকনৰ চকুত আশ্চৰ্য , মলয়াৰ mms ওলাইছে…। গৌতমে ভাইৰেল কৰি দিছে তাইৰ নগ্ন ফটো , ভিডিঅ’ । বাপুকনে সিদ্ধাৰ্থৰ লগত বাহিৰলৈ দৌৰিলে । পিছে পিছে পাহি । পুলিচ আহি পাইছেই ইতিমধ্যে।গৌতমক গ্ৰেপ্তাৰ কৰিছে । মলয়াৰ ওচৰত দুজনকৈ মনোবিজ্ঞানী নিয়োগ কৰিছে । যদিহে কিবা ভুল পদক্ষেপ লৈ পেলায় তাই ! গোটেই কলেজত গুণগুণনি । কোনোবাই দূখ কৰিছে আন কোনোবাই আকৌ চুকত গৈ জুম কৰি কৰি ফটোবোৰ চাইছে । বাপুকনৰ পিছত পাহি আৰু তৰালী । বাপুকনৰ শৰীৰ কঁপিছে…
: পাহি…
:—–
: এই সময়ত মলয়াক মোৰ প্ৰয়োজন আছে ন !
: —-
: তুমিয়েইটো কৈছিলা,be a man, be strong …তাই মোক ভাল পাইছিল । মই তাইক এতিয়া সংগ দিয়া উচিত নহ’ব জানো..
: নাজানো, ইমান জটিলতাৰ অভিজ্ঞতাও নাই ।আপুনি যদি যাব বিচৰা যাওক… তাইৰ প্ৰতি যদি ভালপোৱা আছে তেন্তে ভাললগাবোৰৰ বাবে সেয়া বিসৰ্জন নিদিব । সময়ৰ লগত সলনি হয় প্ৰিয় চৰিত্ৰৰ । কিন্তু আপোন মানুহবোৰ যে এই সত্যক প্ৰত্যাহ্বান জনাই সদায়ে প্ৰিয় হৈ থাকে…। ক’ব নোৱাৰাকৈয়ে চাগে মলয়া আপোনাৰ আপোন হৈ পৰিছে ।যাওক গৈ,…তাইৰ প্ৰয়োজন আছে আপোনাক…হয়তো আপোনাৰো তাইক…
: আৰু তুমি ! ভাল নোপোৱা জানো মোক ! পাৰিবা তুমি ভালপোৱাক বিসৰ্জন দিব ?
: ভাললগাবোৰ পূৰঠ হৈ ভালপোৱা হয়। আমি চিনাকি হ’বলৈনো কিমান দিন হ’ল । ভাললগাবোৰ পূৰঠ হোৱা নাই। পাৰিম দিয়ক মই ইয়াক সামৰি ৰাখিব । আপুনি যাওক, ভালপোৱাক সংগ দিয়ক…
দুয়োৰে চকু চলচলীয়া হৈ পৰিলে। বাপুকন আগুৱাই গ’ল….। দুৰ্বল হৈ পৰিছে পাহি , কিবা এটা যে হেৰুৱাব গৈ আছে তাই । তথাপি নিজক দুৰ্বল দেখুৱা নাই। হেৰুৱাৰ বেদনাক প্ৰত্যাহ্বান জনাবলৈ নিজকে শান্তনা দিছে তাই…
:চোৱা তৰালী …আজি সি কনফিউজড নহয়…। চোৱা কেনেদৰে নিজৰ সিদ্ধান্ত নিজেই লৈ পেলালে ।আজি দেখোন অৰ্ণৱ হোৱাৰ বাসনাত ডুবি থকা ল’ৰাজন হৈ পৰিল অৰ্ণৱতকৈ ডাঙৰ প্ৰেমিক । ভালপোৱাবোৰ কিমান দৃঢ় হ’লে mms viral হোৱাৰ পিছতো ,চকুৰ আগতে আনৰ নামত শৰীৰ এৰাৰ পিছতো ছোৱালী এজনীক আকোঁৱালি ল’ব পাৰে…সঁচাকৈয়ে বাপুকনে বুজি পোৱা হৈছে প্ৰেমৰ অৰ্থ , জীৱনৰ অৰ্থ…
: বুজে যদি তোক কিয়…
একো নক’লে পাহিয়ে । বিষাদে বেয়াকৈ খুন্দিয়াইছে তাইৰ বুকু । লাহেকৈ চকু দুটা মুডি দিলে তাই…
তাই বুজে জীৱন চলি থাকিব লাগে , এটা গল্প শেষ মানে জীৱনৰ শেষ নহয় , এটা নতুন গল্পৰ আৰম্ভণিহে….বাপুকন হয়তো তাইৰ জীৱনৰ উপন্যাসৰ এটা সৰু চৰিত্ৰ আছিল মাথোঁ…
✍ ঋতুপৰ্ণ ডেকা
সমাপ্ত