অৰ্ণৱ হোৱাৰ বাসনাত
আগকথা: JEC ৰ অৰ্ণৱ আৰু আস্থাৰ সমান্তৰাল ভাৱে চলা এটা কাহিনী।
খণ্ড – ১
বাপুকনৰ ক্ৰাছজনীয়ে ফেচবুকত দুদিনমানৰ পৰা কেৱল অৰ্ণৱৰ কথা কৈ থকা দেখি ঘটনাৰ সকলো ৰহস্য উদঘাটন কৰি সি এবাৰতে পঢ়ি পেলালে JEC ৰ ১৯ টা পাৰ্ট । পঢ়ি উঠিয়েই বাপুকনৰ মনতো জাগ্ৰত হ’ল অৰ্ণৱ হোৱাৰ তীব্ৰ বাসনা । ৰুমমেটৰ বিচনাত পৰি থকা চিগাৰেট এটা সি জ্বলাই ল’লে । লগা লগ কাহত চকু ৰঙা পৰি গ’ল । পাবজীত ব্যস্ত ৰুমমেট সিদ্ধাৰ্থই খুউৱ কমেই বাহিৰৰ পৃথিৱীখনৰ খৱৰ ৰাখে যদিও নিজৰ ভাগৰ চিগাৰেটো নষ্ট কৰাই সি হেডফোন আঁতৰাই চিঞৰি উঠিল ।
ইফালে চিগাৰেটৰ ধোঁৱা গলত ধৰি বাপুকনৰ প্ৰাণ যাওঁ অৱস্থা । পানী লাগে বাপুকনক। পিছে পানী ক’ত ? অৰ্ণৱৰ দৰে শৃংখল নহয় সিহঁতৰ ৰুম । বিচনাতে সকলো উপলদ্ধ , হাতঘৰীৰ পৰা চিগাৰেটলৈ, কলগেটৰ পৰা টি মাগলৈ । সিদ্ধাৰ্থৰ বিচনাতে থকা আইনাৰ বটলৰ পানীয় মূখত ভৰাই সি অৰ্ণৱৰ ষ্টাইলত চিঞৰি উঠিল damn it…. বটলত পানী নাছিল, আছিল বিয়েৰ । জীৱনত প্ৰথমবাৰ চিগাৰেট (ভাং ভৰোৱা) আৰু বিয়েৰ একেলগে খাই নিচাত বাপুকন বিচনাতে ঢলি পৰিল আৰু অৰ্ণৱ হোৱাৰ প্ৰথম প্ৰয়াসত পালে চৰম বিফলতা । সি অৰ্ণৱৰ দৰে চিগাৰেট খাব নোৱাৰে, অসম্ভৱ । আৰু এনেকৈয়ে বাপুকনৰ বিফলতাৰ সংখ্যা বাঢ়ি হ’লগৈ n+1 ।
****
সিদ্ধাৰ্থৰ গাৰ গোন্ধত বাপুকন সাৰ পালে । সাৰ পায়ে দেখিলে চৌদিশে বমি । ৰাতি কি হৈছে মনত পেলাব ইচ্ছা কৰা নাই । এইফালে আজি আকৌ B.Sc ৰ নতুন এডমিচন । B.Sc 5th Sem ৰ ছাত্ৰ বাপুকন । ইঞ্জিনিয়াৰিংৰ বাবে সি চেষ্টা কৰিছিল পিছে ড্ৰপ দিয়া বছৰত ভাড়াঘৰত ফিজিক্সতকৈ নেটফ্লিক্স বেছি চলিল । সেয়ে ৰিজাল্ট দিয়াৰ দিনাই ফেচবুকত লিখিব লগীয়া হৈছিল B.Sc য়ে best . সেইবোৰ কাহিনী পিছত হ’ব এতিয়া মুঠতে কলেজ যাব লাগে । অৰ্ণৱে আস্থাক এডমিচনৰ দিনাই লগ পাইছিল ।
বাপুকনৰ বাবেওঁ আজিয়েই সুযোগ । ফগ’ আৰু ৱাইল্ড ষ্টন দুয়োটা গাত সানি বাপুকন কলেজলৈ দৌৰিলে ।মুঠতে গা ধুই সময় নষ্ট কৰিব নোৱাৰি, সেই সময়খিনিতে যদি আন কোনোবাই আস্থাক পতাই লৈ যায় ! ৰিক্স লোৱা কথা নহয় এইবোৰ । তাতে আকৌ JEC ভাইৰেল । বাপুকনক দৌৰা দেখি পিছৰ পৰা সিদ্ধাৰ্থই চিঞৰি উঠিল – ঐ,বমি কোনে চাফা কৰিব ?
অডিটৰিয়েমত যথেষ্ট মানুহ ।মঞ্চৰ পৰা মাইকত এটা এটাকৈ নাম মাতি আছে । লগতে বাৰে বাৰে ঘোষণা কৰি আছে প্ৰতিটো জেৰক্স কপিত নিজৰ চহী কৰি নিবলৈ । ওচৰৰ টেবুল এখনত ছোৱালী এজনীয়ে চহী কৰি আছে । পিছে দেখি নালাগে তাইযে কথক বা তেনে কিবা নাচিব পাৰিব । অলপ আগুৱাই গ’ল বাপুকন ।এজনী সুন্দৰী , দেউতাকক সুধি আছে ক’ত ক’ত চহী কৰিব লাগে । বাপুকনে ঠিৰাং কৰিলে, এয়েই হ’ব মোৰ আস্থা । সি আগুৱাই গ’ল …।
ভয়ে ভয়ে আধা ফুটা মাতেৰে ছোৱালীজনীক সুধিলে , hey you need any help ?
বাপুকনে এটায়ে কামনা কৰি আছিল, ছোৱালীজনী যাতে ইংৰাজীত চোকা নহয় । নহ’লে দিগদাৰী হ’ব । এটা বাক্যত দুবাৰ ব্যকৰণ ভুল কৰা বাপুকনে ইংৰাজীত কথা ক’ব নোৱাৰে । তাই উত্তৰ দিলে : no …
গল্পটোক অনুসৰণ কৰি বাপুকন চিঞৰি উঠিল
:I am Arnav, Computer Science , I just wanted to help you, damn it. অহ Sorry mistake, not Arnab i mean Bapukan, B.Sc ,major forget.
তাৰ চিঞৰ আৰু আচহুৱা ইংৰাজী শুনি ছোৱালীজনী আচৰিত হ’ল ,লগত বাপেক । ছোৱালীজনীয়ে তাক চৰিয়াব বিচাৰিলে , দেউতাকে বাধা দিলে । ইউনিয়ন বডি দৌৰি আহিল ।জেং…। ছোৱালীজনীয়ে ইংৰাজীতে তাক গালি পাৰিব ধৰিলে যদিও সি একো বুজি নাপালে…। সকলো তাক তাৰ পৰা টানি লৈ গ’ল । সিদ্ধাৰ্থই পিছৰ পৰা চিঞৰিলে, ঐ , অৰ্ণৱ যে হ’ব বিচাৰিছ বাইক আছে জানো তোৰ ?
বাপুকনৰ চকু ডাঙৰ হৈ গ’ল । সি চোন এনেকৈ ভবাই নাছিল ….। বিফলতাৰ সংখ্যা এইবাৰ n+2…
আগলৈ
✍ ঋতুপৰ্ণ ডেকা