বিশ্বনাথ ঘাট অসমৰ অন্যতম পয্যটন ক্ষেত্ৰ

বিশ্বনাথ ঘাট প্ৰেমিক হ’বৰ দিনা

নীলা চুলি মেলি নামি আহে শুকুলা আকাশ….

লুইতৰ বুকুৰে পিচলি পৰে

এনৌকা ৰং…….

মতলীয়া বতাহে তৰি দিয়ে পাল…

দুটি পাৰত খৰ তাল তুলি

পাশা খেলত (প্ৰেম পাশ) বন্দী হয়

আকাশ আৰু মাটি…..

সাক্ষী হৈ ৰয় শিৱ মন্দিৰৰ তিনিটি চাকি ….

খেলি থাকে দিন…

খেলি থাকে ৰাতি….

খিলাখিল তাঁচ পাতে হাঁহি উঠে মিছিকি….

খেলি খেলি সলাজ হয় আকাশ আৰু মাটি…

শুকুলা আকাশে গুঁজি দিয়ে মুখ

বিশ্বনাথৰ বুকুত….

ৰাঙলী হয় লুইত

ডুবি যায় আকাশ

ওপঙি উঠে মাটি….

তেনেই গধুৰ

শিলৰ দৰে কঠিন…(বৰলা শিল!)

বন্দী হয় বিশ্বনাথ

বন্দী হয় বিশ্বনাথ

বিশ্বনাথ ঘাট প্ৰেমিক হ’বৰ দিনা

বন্দী হয় বিশ্বনাথ

বন্দী হয় বিশ্বনাথ!!!!

ডায়েৰীৰ পাত লুটিয়াই কবিতাটি উলিয়ালোঁ।২০১০ চনৰ ১৫ অক্টোবৰত হৰ্ঠাতে শব্দৰে বন্দী কৰি ৰাখিব বিচাৰিছিলো বিশ্বনাথ ঘাটৰ কিছু স্মৃতি। বিশ্বনাথ কৃষি মহা বিদ্যালয়( BNCA) ত অধ্যয়নৰত অৱস্থাত বিশ্বনাথ ঘাট আছিল আমাৰ বাবে বন্ধ দিনবোৰত সময় অতিবাহিত কৰাৰ অন্যতম ক্ষেত্ৰ।সুবিধা পালেই বিশ্বনাথ ঘাটলৈ ঢপলিয়াই গৈছিলো। কিবা এক মোহে মোৰ লগতে আমাৰ হোষ্টেলৰ গৰিস্থ সংখ্যক বন্ধুক আকৰ্ষিত কৰিছিল এই বিশ্বনাথ ঘাটে।বিশ্বনাথ চাৰিআলিৰ পৰা দক্ষিণলৈ মাত্ৰা পাঁচ কিলোমিটাৰ নিলগত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্বনাথ ঘাটৰ অৱস্থিতি।তেজপুৰৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰত্ব।ইতিহাস প্ৰসিদ্ধ গুপ্ত কাশী বিশ্বনাথ এখনি পুণ্য তীৰ্থ।প্ৰবাদ মতে এক কোটি শিৱ লিঙ্গৰ অধিস্থান ক্ষেত্ৰ বিশ্বনাথ পূৰ্ণ কাশী আছিল।কিন্তু পৃথিৱীত দুখন কাশী থাকিলে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱ লিংগ বিশ্বনাথ ক্ষেত্ৰৰ পৰা চুৰ কৰি নি ব্ৰহ্মপুত্ৰৰ সিপাৰে হাতিমুৰ পৰ্বতৰ কাষত থাপিত কৰিছিল।এনেদৰেই বিশ্বনাথ এক কোটিলৈ এখন শিৱ লিংগ কম থকা উনকোটি শিৱৰ স্থান হৈ ৰ’ল।

অসমৰ অন্যতম পৰ্য্যটন স্থলী সমূহৰ ভিতৰত বিশ্বনাথ ঘাটৰ এক নিজস্ব সুকীয়া স্থান আছে।ইয়াৰ মুল আকৰ্ষণ হ’ল বিশ্বনাথ শিৱৰ নামত নিৰ্মিত শৈল মন্দিৰটো। শালস্তম্ভ বংশৰ ৰজা সকলৰ দিনতে(৬৫০-৯৯০চন) নিৰ্মিত মন্দিৰটো ধ্বংসস্তুপত পৰিণত হোৱাত আহোম বংশৰ ৰজা প্ৰতাপ সিংহ আৰু প্ৰমত্তসিংহই সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।বৰ্তমানৰ বিশ্বনাথ মন্দিৰটো ১৭৭৪ চনত স্বৰ্গদেউ লক্ষ্মী সিংহই পুনৰ নিৰ্মাণ কৰিছিল।

এই বিশ্বনাথ মন্দিৰৰ কিছু নিলগত এটা ডাঙৰ শিল আছে, যিটো বৰলা শিল নামেৰে জনা যায়।এই বৰলা শিলক লৈও কেইবাটও প্ৰবাদ আছে।

বিশ্বনাথ ঘাটৰ অন্যতম আকৰ্ষণ হ’ল ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত এটা শিলাময় দ্বীপ; য’ত উমা দেৱীৰ মন্দিৰ আছে। আহোম ৰাজত্ব কালৰ বিভিন্ন লিপিৰ লগতে ৰজা ৰাণীয়ে অৱসৰ বিনোদনৰ সময়ত পাশা খেল খেলাৰ চিহ্ন এই শিল বোৰে এতিয়াও বহন কৰি আছে। উমাতুমনি বা উমাবন দ্বীপ নামেৰে জনাজাত এই দ্বীপ টোত বহু কেইখন দেৱালয় আছে।

মানৰ আক্ৰমনে যথেষ্ট আঘাট দি গৈছে বিশ্বনাথ ঘাটৰ ঐতিহ্যক।অন্যহাতে ইংৰাজ সকলে বিশ্বনাথ ঘাটক এটি ব্যস্ত জাহাজ ঘাটলৈ পয্যবসিত কৰি এক নতুন মাত্ৰা দিছিল।নিশাৰ ভাগত অহাযোৱা কৰা জাহাজ সমূহৰ চলাচলৰ বাবে বুঢ়া লুইতৰ বুকুত ইংৰাজ সকলে স্থাপন কৰা প্ৰকাণ্ড লেম্প পোষ্ট টো পৰ্য্যটকৰ অন্যতম আকৰ্ষণ আছিল যদিও ১৫০ বছৰীয়া এই পোষ্ট টো ২০১৭চনত বুঢ়া লুইতৰ বিশাল ঢৌত চিৰ দিনৰ বাবে বিলীন হৈ গল।

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰে বিধৌত এই বিশ্বনাথ ঘাটৰ পৰা ৰিনি ৰিনি দেখিবলৈ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰাপাৰ সেউজীয়া।বিশ্বনাথ ঘাট বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত।

মুঠতে সৌন্দৰ্য্যৰে ভৰপুৰ এই বিশ্বনাথ ঘাটে পৰ্য্যটকক হাত বাউল দি মাতে।বিশেষকৈ উমাতুমনি দ্বীপলৈ নৌকা বিহাৰ কৰাৰ যি অনাবিল আনন্দ; সেই দ্বীপৰ প্ৰাচীন কীৰ্তি চিহ্ন বিজড়িত শাৰী শাৰী বেল গছৰ মাজত আত্ম বিভোৰ হৈ আত্মিক হোৱাৰ আনন্দ বৰ্ণনা কৰিব নোৱাৰি।

বিশ্বনাথ ঘাট, য’ত বিদ্যমান যৌৱনৰ প্ৰগলভ (প্ৰেমপাশ), য’ত স্থবিৰ নহয় সময়ৰ ৰং,,(শিৱ মন্দিৰৰ তিনিটি চাকি: অতীত – বৰ্তমান – ভৱিষ্যত),য’ত আছে আটোমটোম এক নৈসৰ্গিক ভাল পোৱা,,,,যি ভাল পোৱাই বন্দী কৰে প্ৰতিগৰাকী প্ৰকৃতি প্ৰেমীক।

যামিনী কুমাৰ দত্ত

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

63 − = 61