অনুশোচনা

( সত্য ঘটনাৰ ওপৰত ৰচিত গল্প )

: প্লিজ পাপা , মোৰ কথাটোতো শুনি লোৱা এবাৰ……

তনয়াৰ মাতত কৰুণ বিননি , কিন্তু দেউতাক হিচাপে তাইক বুজাৰ সলনি তেওঁ অগ্নিশৰ্মাহে হৈ পৰিল , অৱশ্যে তনয়াই জানিছিলেই , তাইৰ কথা অন্ততঃ দেউতাকে নুবুজে বুলি , তথাপিও কৈ চাইছিল , কিজানিবা তেওঁ সহাৰি জনায়েই । তেনেতে মোবাইলটো যে দেউতাকে জানি – বুজিয়েই কাটি দিলে তাই গম পালে , কান্দি – কান্দি ৰঙা পৰা চকু দুটা পুনৰ সেমেকি আহিল তাইৰ ।

: চা মাজনী , তোক আমি এতিয়া কেনেকৈ সহায় কৰো তয়ে ক’চোন , জাতে – পাতে নিমিলা মাথো কেইবছৰমানৰ চিনাকী ল’ৰাটোলৈ বিয়া নহ’বলৈ আমি কম কৈছিলোনে , তইতো নুশুনিলি , ওলোটাই আমাকহে বাধ্য কৰালি তোৰ জীদ মানি ল’বলৈ । এতিয়া ফল ভোগ কৰিব লগা হৈছে তোৰ লগতে ময়ো । —– দেউতাকে ফোনটো কাটি দিয়াৰ পিছদিনা পুৱাতেই তনয়াৰ মাকৰ লগত এই কথোপকথন । তাই ভাবি পোৱা নাই , তাই এতিয়া কি কৰিব , ক’ত যাব , যাৰ পৰা সহমৰ্মিতা পোৱাৰ আশা কৰিছিল তেওঁলোকেই যদি তাইক লগ নিদিয়ে তেনেহ’লে তাই কৰিব কি !

হয় , তাইৰ ভুল হ’ল , ভুল মানে বিয়াগোম ভুল । তিনিবছৰৰ অন্তৰংগতাতো তাই সুশান্তক চিনি নাপালে , যাৰ হৈ উকালতি কৰি বিয়াত বহিছিল , বিয়াৰ ছমাহেইচোন নগ’ল , তাৰ মুখা খোল খাই পৰিলে । আৰু এতিয়া তাইক না মাক – দেউতাকে লগ দিছে না তিনিবছৰীয়া প্ৰেমিক তথা এতিয়াৰ স্বামী সুশান্তই বুজিবলৈ চেষ্টা কৰিছে । ভুল কৰিলে তাই , কিন্তু অতীতৰ ভুলটোকে আওৰাই থাকি তাই এতিয়া আত্মঘাটী হ’লেহে হ’ব । আৰু শেষত মাকে কোৱা এই কথাকেইটাতহে তাই আৰু আচৰিত হ’ল , মাকে তাইক সহ্য কৰিবলৈ কৈছে , ইমানৰপিছতো বাৰু তাই কেনেকৈ সহে ! তাইৰ কাণত এতিয়াও বাজি আছে অহৰ্নিশে মাকৰ বুজনিবোৰৰ এটা – এটা শব্দ

: তোকটো আমি আকৌ কেনেকৈ ঘূৰাই আনো , তয়ে ক’চোন । অলপ দিন যাবলৈ দে , ল’ৰা – ছোৱালী হ’লে সি নিজেই পুনৰ আগৰ জেগালৈ আহি যাব । আৰু তই যে কৈছ’ , মাকৰ কথাতেই এইবোৰ হৈছে বুলি তেওঁক অলপ ভালকৈ শুশ্ৰষা কৰ , তেৱোটো বিচৰা নাছিল তেওঁৰ বোৱাৰী বেলেগ জাতৰ হওঁক বুলি । আৰু তাৰ দা – দৰমহা ভাল , তই দুদিন চাকৰি নকৰিলেও একো নহয় দে । —- যিজনী মাকে তাইক স্ব – নিৰ্ভৰশীল হোৱাৰ আদিপাঠ দিছিল , যি আত্মসন্মান – স্বাভিমান আদিবোৰ শব্দৰ লগত তাইক পৰিচয় কৰাই দিছিল , আজি সেইগৰাকীয়েই এনেবোৰ কথা কৈছে তাইক । তাই বুজিছে , ভালকৈয়ে বুজি পাইছে যে অসমীয়া হৈ আন জাতিলৈ বিয়া হোৱাৰ বাবেই তেওঁলোকে তাইক ইমানেই বেয়া পালে যে তাইৰ আৰু কোনো অসুবিধাত তাইক লগ নিদিয়ে তেওঁলোকে কোনোকালেই ।

মাকৰ লগত সেইটো ফোনকলেই তাইৰ শেষ কল আছিল , তাই আৰু কোনোদিনেই মাক – দেউতাকলৈ ফোন নকৰিলে , কিয়নো তেওঁলোকক ফোন কৰিও একো ফল যে নাপায় তাই ভালকৈয়ে অনুমাণ কৰিব পাৰিলে ।

ৰন্ধা – বঢ়া কৰি বেয়া পাই যদিও সংসাৰখন শান্তিৰে থাকক বুলি তনয়া আজিকালি কিটচেনতেই সোমাই বিধে – বিধে বনায় । অসমীয়া ছোৱালী তাই , তাইৰ হাতত শাহুৱেকৰ জাতৰ ছোৱালীৰ দৰে সোৱাদ নুঠে , তাৰেই সুযোগত তাইৰ দোষ এসোপা সচাঁ – মিছা মিলাই ৰাতি অফীচৰপৰা অহা সুশান্তক শাহুৱেকে লগায় , আৰু তাৰ পিছতেই তাইৰ দিনজোৰা পৰিশ্ৰম পানীত পৰে । হয় তাইৰ বনোৱা খাদ্য তাইৰ গালৈকে মাৰি পঠিয়াই সি , নহয় মাকৰ সন্মুখতে দুইপাত চৰ সোধাই দিয়ে । এদিনটো সুশান্তই পেন্টৰ বেল্ট খুলি তাইক মৰিয়াইছিল বগৰাই বগৰাই , অথচ মাকজনী হৈও শাহুৱেকে একোৱেই নক’লে পুতেকক । সেইদিনাই শাহুৱেকলৈ বুলি মনতে পুহি ৰখা নূন্যতম শ্ৰদ্ধাখিনিও নাইকিয়া হৈ পৰিল । তাই ভাবি আচৰিত হ’ল যে এইজনীও এজনী নাৰীয়েইনে !

যেতিয়াৰে পৰা তনয়াই চাকৰিটো ৰিজাইন দিবলগীয়া হ’ল তাইৰ বাহিৰৰ পৃথিৱীৰ লগতো সম্পৰ্ক নোহোৱাৰ দৰে হ’ল , যি অলপ বন্ধু – বান্ধৱী আছিল তাইৰ সিঁহতেও তাইৰ সংসাৰত অশান্তি নহঁওক বুলি নিলগেই থকা হ’ল । ইপিনে তাইৰ সকলো আপোন (?) মানুহটো অসমতেই থাকিল , তাইহে দিল্লীতে ৰৈ গ’ল অকলে । গতিকে হতাশা জীৱনলৈ অহাটো অতি সাধাৰণ হৈ পৰিল তাইৰ বাবে । আৰু সহিলে সন্মান পায় বোলা কথাটো যে গোকাট মিছা তাই বুজিবলৈ আৰু বাকী নাথাকিল । অৱশেষত তাইৰ জীৱনলৈ সেই দিনটো আহিল যিদিনা তাই স্বইচ্ছাই এই পৃথিৱীৰপৰা বিদায় ল’লে । অথচ যিজনী তনয়া বৰুৱা তাইৰ গিৰিয়েকতকৈয়ো বহুত বেছি দৰমহাৰ অধিকাৰী আছিল , যিজনী তনয়াই হাঁহিৰে পৃথিৱীখন জিনিব বিচাৰিছিল সেইজনী তনয়াই স্বইচ্ছাই মাথো পচিঁশ বছৰ বয়সত গুচি গ’লগৈ ।

‘ বহিঃৰাজ্যত অসমীয়া বোৱাৰীৰ ওপৰত অত্যাচাৰ – আত্মহত্যা ‘ খবৰ কাগজত ডাঙৰ ডাঙৰ আখৰেৰে ওলাল খবৰটি । আমুক চনত মেট্ৰিকত ইমানতম স্থান দখলকাৰী – অতি প্ৰতিভামান ছোৱালীজনীৰ অকাল মৃত্যুত গোটেই অসমবাসীয়েই যেন দুখত ভাগি পৰিল , অথচ সেইজনী ছোৱালী জীৱিত অৱস্থাত থকা সময়ত মানুহবোৰ ক’ত গৈছিল ! আৰু তাইৰ মৃত্যুৰ বাবে সকলোৱে একেমুখে গিৰিয়েক আৰু শাহুৱেকক জগৰীয়া কৰিলেও তাইৰ মৃত্যুৰ আঁৰত আৰু বহু মানুহ নথকা নহয়নে ? এজনী ছোৱালী বা এজন ল’ৰাই বিপদত পৰিলে কাক বিচাৰিব , প্ৰথমতেই মাক – দেউতাকক বিচাৰিব – অথচ নিজৰ জন্মদাতাৰ পৰাই যদি অকনো সহাৰি নাপাই তেনেক্ষেত্ৰত কি কৰিব এটা সন্তানে ! হয়টো তনয়াই যি কৰিলে তাকেই কৰিব , আৰু মৃত্যুৰ দুৱাৰদলি গচকি এজন ওলাই যোৱাৰ পিছত কেচ মোকৰ্দমা দিয়েই বা কি লাভ , হেৰাই যোৱাজন জানো ওভতি আহিব , নাহে , কোনোকালেই নাহে ।

তনয়াৰ দেউতাক হাত দীঘল মানুহ , তেওঁ নিজেই দিল্লীলৈ গৈ তনয়াৰ গিৰিয়েকৰ গোটেই ঘৰখনকেই কাৰাগাৰৰ মুখ দেখুৱালে , অথচ তেওঁৰ মৰমৰ ‘ জীউ ‘ জনীকটো তেওঁ ঘূৰাই নাপালে । অথচ দুদিন আগত যদি তাইৰ কাতৰ অনুৰোধ শুনিলেহেঁতেন তেওঁ , তাই ভুলৰ বাবে ক্ষমা খুজিছিল , ক্ষমা যদি কৰি দিলেহেঁতেন , তেনেহ’লে হয়টো তেওঁৰ ‘ জীউ ‘ আজিও তেওঁৰ লগতেই থাকিলেহেঁতেন । দোষীক শাস্তি প্ৰদান কৰালে যদিও তেওঁ নিজক কেনেকৈ শাস্তি দিয়ে এতিয়া , আজিকালি তনয়াৰ দেউতাক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰমানন্দ বৰুৱাই মুকহৈ তাকেই ভাবি থাকে মাথো ।

ইপিনে নিজ পুত্ৰীক হেৰুৱাই তনয়াৰ মাতৃয়ে যি অনুশোচনাৰ জীয়া জুইত জ্বলিবলৈ ধৰিলে , এই বিষয়ে সকলোকে জনালে তেওঁ নিজেই , যাতে আৰু এজনী তনয়াৰ সৃষ্টি নহয় , কাৰো ঘৰৰ ছোৱালী বোৱাৰী হৈয়ে আত্মঘাটী হ’বলগীয়া নহয় । কোনেও যাতে নিজ জীয়ৰীক কেতিয়াও লগ এৰি নিদিয়ে , তাৰবাবেও তেওঁ মহিলা সমিতীৰ সভাবোৰত মুকলিকৈ আহ্বান জনায় আজিকালি । লগতে সহ্যৰো যে এটা সীমা থাাকে , সীমা অতিক্ৰম কৰিলে ৰৈ থাকি লাভ নাই , তাকো দোহাৰে আজিকালি । তাৰোপৰি আত্মসুৰক্ষাৰ কৌশলেৰে নিজ – নিজ ছোৱালীক সুৰক্ষিত কৰাবলৈ আহ্বান জনায় সকলোকে । তথাপিও যেতিয়া মিটিঙবোৰৰ শেষত তেওঁ ঘৰলৈ উভতি আহে , নিৰ্লসভাৱে ৰমানন্দ বৰুৱাক বহি থকা দেখে , ঘৰখনৰ বেৰবোৰত ওলমাই ৰখা তনয়াৰ ভিন্ন বয়সৰ ফটোবোৰ দেখে তেওঁ যেন পুনৰ এক মৰাশলৈ পৰিণতহে হয় ।

আজিকালিতো অনুশোচনাৰ জীয়া জুইত বৰুৱা দম্পত্তী এনেকৈ জ্বলি জ্বলি জী আছে , কোনোদিনা তেওঁলোকেও জীয়েকৰ পন্থাকে লয় তাৰ ঠিক নাই ।।

 

🖊️ উজ্জলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 3