কৰ্মফল

: কোন তুমি ? —- অজানে মনৰ সকলো অনুভূতি মনতে সামৰি একেবাৰেই সাধাৰণ সুৰত অচিনাকী লোকক সুধাৰ দৰে সুধিলে ।

: এহ কি কৈছা তুমি এইবোৰ ……… ভুল হৈ গ’ল মোৰ, প্লিজ মাফ কৰি দিয়া —- আবেগভৰা কণ্ঠৰে কৈ উঠিল এইবাৰ ইতিয়ে ।

: অহ , ইটছ অকে —- বুলি অজান তাইক আওকান কৰি যাবলৈ ওলাল । কিন্তু তাই তাক পুনৰ আগচি ধৰি ক’লে —– : আই এম ৰিয়েলি চৰী অজান । —– ইপিনে মানুহেৰে ভৰি থকা বৃহৎ অট্টালিকাটোৰ গ্ৰাউন ফ্ল’ৰত ঠিয় হৈ থকা অজানৰ মানুহৰ আগত হৈ – হাল্লা কৰিবলৈ মন নগ’ল । সেয়ে সি ক’লে —–

: আই চেদ অকে , নাউ আই এম হাৰী , প্লিজ লিভ মি — বুলি অজানে ইতিক ঠেলি আগবাঢ়ি গ’ল ফাৰ্ষ্ট ফ্ল’ৰ’ত থকা ইঞ্চুৰেন্স অফীচটোলৈ বুলি । তাৰ এনে ব্যৱহাৰত আহত হ’ল ইতি , যেনেকৈ আহত হৈছিল এদিন অজান ।

” সৌহাল অজান আৰু ইতি , একদম পাৰফেক্ট কাপল।” হয় , এনেকুৱাই আছিল তাহাঁতৰ সম্পৰ্ক । অথচ , কোনেও কেতিয়াও নভবাধৰণৰ পৰিণতি আহিল সেই সম্পৰ্কত ।

অজানৰ একাডেমিক কেৰিয়াৰ বহুত ভাল আছিল সৰুৰে পৰা , অথচ সি কিন্তু কোনো অফীচাৰ নতুবা প্ৰফেচাৰৰ ঘৰৰ ল’ৰা নাছিল , সি আছিল এজন সাধাৰণ কৃষকৰ ঘৰৰ সন্তানহে । যিজন কৃষকে নিজৰ মাটি কম বাবে আনৰ মাটিতো আধি হিচাপত খেতি কৰিছিল , সেইজনেই আছিল অজানৰ দেউতাক । গাৱঁৰ এমূৰে আছিল অজানহতঁৰ ঘৰখন । একেবাৰেই সাধাৰণ এখন ঘৰ । অথচ সেইখন ঘৰৰপৰাই পঢ়ি – শুনি অজানে এসময়ত এম টেক কম্প্লিট কৰে । অৱশ্যে তাৰ মাকৰ চিকিৎসা আৰু তাৰ পঢ়া – শুনাৰ বাবেই বহুত ধাৰ আহি পৰিছিল এসময়ত তাহাঁতৰ ঘৰখনৰ ওপৰত , তাৰোপৰি সুখ্যাতিৰে এম টেক কম্প্লিত কৰিও হ’লে সি নিজৰ জোখাৰে চাকৰি পোৱা নাছিল প্ৰথমাৱস্থাত । ইপিনে ধাৰ দিয়াসকলৰো তাগিদা পৰিছিল তাহাঁতৰ ওপৰত , সেয়ে সি যিহকে পায় তাতে জইন কৰাৰ সিদ্ধান্ত লৈ পেলাইছিল ।

: চোৱা ডুবিবলৈ ধৰা নাও এখনত কোনো নুঠে বুজিছা।—- ইতিমধ্যেই ধৰুৱা আৰু নিবনুৱা হৈ বহুত মনোকষ্টত থকা অজানক কৈ পেলাইছিল ইতিয়ে । অজান আচৰিত হৈছিল , লগতে বহুত বহুত বেছি আঘাত পাইছিল সি মনতে । তাৰ যেন কটা কেঁচা ঘাডোখৰতহে তাই এনে অত্যাচাৰ কৰিছিল ।

: শুনিছানে নাই ? —- তাই পুনৰ তাৰ গাত ধৰি জোকাৰি দিছিল তাক ।

: মই এইবাৰ যি জবকে পাওঁ তাকে কৰিম বুলি ভাবিছো । —– সি কৈ পেলাইছিল তাৰ সিদ্ধান্তৰ কথা তাইক । তাই তাচ্ছিল্যৰ সুৰত পুনৰ কৈ উঠিছিল —–

: মানে , মানে তুমি কেৰাণীৰ চাকৰি পালেও কৰিবা। বাহ , ৱৰ্ল্দ ফেমাচ এম টেক ক্লাৰ্ক ………

: অ’ , কৰিব লাগিব , কামৰ কোনো সৰু – বৰ নাই । তাতে ধৰুৱা হৈ থাকি ক’তনো শান্তি পায় মানুহে !

: এইচব কোৱা কথা , কৰা কাম নহয় বুজিছা , যা হওঁক , মইটো আৰু ৱেইট কৰি থাকিব নোৱাৰো । এটা পাৰফেক্ট জব যেনিবা পালাই , তোমাৰ ওপৰত ধাৰো কমসোপা আছেনে ! দৰমহাৰ আধাতকৈও বেছি ধাৰ মাৰোতেই যাবচোন , তাতে মাৰাৰ লগতো কমখন ধাৰ লৈ থৈছানে , অথচ মানুহো গ’লগৈ । হুহ ……… —– এইবাৰ দুগুণ আচৰ্য্যৰে চালে সি তাইলৈ , এইজনীয়ে তাৰ ইতিনে যি তাৰ মৰা মাকজনীৰ কথাও আজি এনেকৈ ক’ব পাৰিছে !

: দেন গুদ বাই , নেক্সট টাইম মোক বিচাৰি নাহিবা কিন্তু। —- তাই আৰু তাৰ কোনো কথা নুশুনিলে , গুচি গ’ল অহা বাটেৰেই তাই , আৰু এটা সাতবছৰীয়া সম্পৰ্কৰ তেনেদৰেই কৰুণ সমাপ্তি ঘটিল।

: কচকিউজ মি চাৰ —– ইঞ্চুৰেন্স অফীচৰ ৱেইটিং ৰুমত বহি অতীতত ভ্ৰমি থকা অজান এগৰাকী লেদি এম্পয়েৰীৰ মাতত চক খাই উঠিল ।

: এনিথিং ৰং চাৰ ? —– তাৰ তেনে অৱস্থা দেখি লেদিগৰাকী পুনৰ সুধিলে

: ন ‘ ন’ ন’ , আই এম ফাইন — অজানে লেদীগৰাকীলৈ চাই কৃত্ৰিম হাহিঁ এটা মাৰি ক’লে , এইবাৰ সি সোমাই গ’ল কোম্পানীটোৰ মেনেজাৰৰ ৰুমলৈ ।

: আলফুল , আজি বহুত ডাঙৰ কাম এটা হ’ল বুজিছা। —— ঘৰ আহি পায়েই অজানে ঘৈনীয়েকলৈ চাই ক’লে।

: বুজিছো আপোনাৰ ডাঙৰ কামটো কি হ’ব পাৰে —- সদায়ৰ দৰেই সেইদিনাও আলফুলে ক’লে । তাই পুনৰ ক’লে —-

: আপোনাক আৰু কিমান ক’ম , পইচাৰ কথা কৈ নাথাকিব না —- এইজনীয়েই আলফুল , অজানহঁতৰ গাৱঁৰে ছোৱালী , এতিয়া তাৰ পত্নী , যি পইচা বা অজানৰ চাকৰিতকৈ তাকহে ভালপায় ।

মোৰটো কোন দিনা ডীভোৰ্চ হয় ঠিকটো নাই , অজানক আকৌ এবাৰ এৰি দিলে মোৰ সমান মূৰ্খ কোনো নাথাকিব আৰু । ইতিয়ে মনে মনে ভাবিবলৈ ধৰিলে কথাবোৰ । তাইৰ এনে লাগিল যেন তাই তাক আজুৰিহে আনিব নিজৰ ওচৰলৈ । অৱশ্যে তায়ো নজনা নহয় অজানে বিয়া পাতিলে বুলি , অৱশ্যে বিয়া বোলা বস্তুটো কি তাইৰো বুজিবলৈ আৰু বাকী নাই । বিয়া মানেই এটা চাৰ্টিফাইদ চেক্চুৱেল ৰিলেচল মাত্ৰ , সেইবাবেই ইয়াত বিচ্ছেদৰ সুবিধাটোও দিয়া হৈছে , যাতে অপচন্দ হ’লে বেলেগ হ’ব পৰা যায় । অৱশ্যে , তাই আগতে বিয়াৰ বিষয়ে এইদৰে ভবাও নাছিল – জনাও নাছিল , সেয়ে তাই বহু হেপাহেৰে অম্লানৰ লগত বিয়াত বহিছিল । তাৰোপৰি অম্লান সকলোফালেদি তাইৰ বাবে যোগ্য আছিল । এজনী ডাক্তৰৰ জীয়েকৰ বাবে যি যি থাকিব লাগে , এইসকলো অম্লানৰ ওচৰত আছিল । এটা ভালৰো ভাল লাখটকীয়া জব , দেখনিয়াৰ চেহেৰা , কাস্টৰ মিল —- সকলো । কিন্তু ইতিৰ বাবে যি ‘ সকলো ‘ তাত যে আচল বস্তুটোৰে অভাৱ আছিল সেয়া হ’লে ইতি নতুবা ইতিৰ পৰিয়ালৰ লোক কোনেও হ’লে বুজি নাপালে , যাৰ ফল আজিৰ তাইৰ এই অৱস্থা ।

: আপুনি ঘৰটো বহুত ডাঙৰকৈ নতৰিব , মোৰ কাৰণে সৰু অথচ ধুনীয়া ঘৰ এটা হ’লেই হ’ব —– অজানে ঘৰ বনাবলৈ যোজা কৰি থাকোতে আলফুলে ক’লেহি ।

অজানে ঘৈণীয়েকৰ কথা শুনি হাঁহি এটা মাৰি ভাবিলে, ইয়াকহে সাদৃশ্যতা বুলি কয় , তাৰ নিজৰ আৰু ঘৈনীয়েক আলফুলৰ পচন্দৰ যে ইমান মিল , সিয়ো সৰু ঘৰ – সৰু পৰিয়াল ভালপায় আৰু তায়ো একেই ।

অথচ বৈসাদৃশ্য দেখিও সম্পৰ্ক ৰক্ষাৰ বাবেই সি এসময়ত এৰি গৈছিল এটাৰ পিছত এটাকৈ বহুবোৰ , শেষত যেতিয়া তাকেই এৰি দিয়া হ’ল , তেতিয়াহে যেন তাৰ অন্তৰাত্মা জাগি উঠিল । আৰু এইজনী আলফুলক সদায় চকুৰ আগত দেখি থাকিও ধৰিব পৰা নাছিল সি তাইৰ মনোভাৱক । সচাঁই যি হয় ভালৰ বাবেই হয় বুলি এনেই নকয় , এতিয়া তাৰ মুৰৰ ওপৰত কোনো ধাৰো নাই , মনতো কোনো উচ্চাকাংক্ষা নাই , কামনা কৰে মাথো সৰুকৈ হ’লেও এটা ঘৰত তাৰ সৰু পৰিয়ালটো যাতে সুখেৰে থাকিব পাৰে । তাৰোপৰি এতিয়া তাহাঁতৰ মাজলৈ কনমানি এজনৰো আগমন ঘটিব , সি এক প্ৰশান্তি অনুভৱ কৰে পুনৰ এবাৰ ।

: কি হ’ল , এনেকৈ অকলে অকলে হাঁহি আছে যে —- ঘৈনীয়েকৰ মাতত সি দুচকু খুলি চালে , দেখিলে পেটুৱা পেটটোৰে সৈতে মানুহজনী আৰু ধুনীয়া হৈ পৰিছে ।

: ইউ আৰ লুকিং চ’ হট —- সি ক’লে এইবাৰ , তাই লগা – লগ ক’লে—–

: হাহিঁবলৈ আৰু সময় নাপালে , একেবাৰে ফুটবলটোৰ নিচিনা হৈ পৰিছো , আপুনি আকৌ হট বুলি কৈছে ।

: নহয় সচাঁই কৈছো অ’ , এইটো সময়ত মাইকী মানুহৰ গাত এনে এক অদ্ভুত সৌন্দৰ্য্য ফুটি উঠে সিটোৰ তুলনা আন কাৰোৰে লগত নহয় । এক্চুৱেলি হট নহৈ ক্যুটহে হ’ব লাগিছিল । —- অজানৰ কথাত আলফুলে হাঁহি উঠিল এইবাৰ ।

: আংকল , এয়া চাওঁক , আমাৰ ডীভোৰ্চ হৈ গৈছে ইতিমধ্যেই , আৰু ইতিয়ে যেনেকৈ যি বিচাৰিছিল মই সকলো দিম , মই চাইনো কৰি দিছো ইয়াত , গতিকে নেক্স্ট টাইম যাতে আমাৰ দেখা – দেখি নহয় । —- অম্লানে ইতিৰ দেউতাকক আদালতৰ পেপাৰখন দেখুৱাই ক’লে । তাৰপিচত সি এখন্তেকো নোৰোৱাকৈ খোজ দিলে আগলৈ বুলি ।

: ব’ল ইতি মা , ব’ল , আজিৰপৰা তই নিজৰ ভাগে জীয়াই থাকিব পাৰিবি । — দেউতাক ডাঃ ৰাম দত্তই ক’লে জীয়েকলৈ চাই । কিন্তু , তাইৰ মনত যে ইতিমধ্যেই অজান বৰুৱাই পুনৰ বাহঁ পাতি বহিছেহি সেয়া হ’লে গোপনেই ৰাখিলে সকলোৰে পৰা ।

: তুমি ??? কিয় আহিছা ইয়ালৈ ? —- ইতিক দেখিয়েই অজানৰ মুৰটো গৰম উঠি আহিল , সি চিধাই চেকেটেৰীক মাতিলে ।

: কি হে , কি কৰি থাকা তুমি ? এখেতক ইয়ালৈ আহিবলৈ কোনে দিলে ? —– অজানে খঙেৰে তাৰ এচিচটেন্টগৰাকীলৈ চাই ক’লে ।

: আই এম চৰী চাৰ । — চেকেত্ৰেৰীগৰাকীয়ে কৈ উঠিল ।

: লিস্টিন , এওঁক যাতে নেক্স্ট টাইম মই মোৰ কেবিনত নেদেখো —- অজানে কৈ ৰুমটোৰপৰা ওলাই গ’ল । ইতিয়ে খঙতে একো নাই হৈ ওলাই গ’ল এইবাৰ , মনতে ভাবিলে , এই অপমানৰ পোতক তাই লৈহে এৰিব ।

: আলফুল , আহাচোন কথা এটা কওঁ — এদিন ৰাতি অজানে আলফুলক ইতিৰ পুনৰ আগমনৰ কথাবোৰ ক’লে , যাতে তাই তাক ভুল নুবুজে । কিন্তু আলফুলেটো কেতিয়াও তাক ভুলকৈ বুজিবই নোৱাৰে , সাতটা বছৰ সি ইতিৰ লগত প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থাকোতেও নোৱাৰিলে যেতিয়া এতিয়া কি বুজিব ! তাইটো তাৰ শৈশৱৰেপৰাই লগৰী ।

আলফুল অজানৰ ভণীয়েক জানৰ লগৰ ছোৱালী , তাতকৈ চাৰিবছৰে সৰু , তথাপিও বুজন হোৱা দিন ধৰি তাই তাক ভালপাই আহিছে । আনেহে নালাগে যেতিয়া সি ইতিৰ লগত সম্পৰ্কত আছিল তেতিয়াও তাই তাকেই ভালপাই আছিল । তাইৰ মতে তাইৰ মনত অজানলৈ বুলি অনুৰাগ আছে সেয়াই বহুত তাইৰ বাবে , আৰু অজানৰ সুখেই তাইৰো সুখ । কিন্তু যেতিয়া অজানৰ জীৱনৰপৰা চূড়ান্ত স্বাৰ্থপৰতাৰ পৰিচয় দি ইতি গুচি গ’ল , তেতিয়া ভণীয়েক জানেই আলফুলৰ কথা অজানৰ লগতে ঘৰতো কয় । যদিও প্ৰথমাৱস্থাত অজানে বিৰোধিতা কৰিছিল , পিছত সি এইবুলিয়ে মানি ল’লে যে আলফুলৰ অনুৰাগ অন্ততঃ ইতিৰ দৰে বিনিময় প্ৰধান নহয় । তাৰ কিছুবছৰ পিছতেই তাহাঁতৰ বিয়া হয় , তাৰপাছত দুয়ো লগলাগি ঘৰৰ সকলোবোৰ সমস্যা সমাধান কৰি যায় এটা এটাকৈ , আৰু আজি অজান সুখী আলফুলক লৈ , বহুত বেচি সুখী ।

: হেল্ল’ , অনিমা বৰুৱা হয়নে ? —– অচিনাকী নাম্বাৰ এটাৰপৰা ফোন অহাত ধৰো নধৰো কৈ আলফুলে ধৰিলে । কিন্তু , এয়াচোন তাইৰেই নাম লৈছে ফোন কৰোতাজনে । তাই সেয়ে আগ্ৰহেৰে ক’লে —-

: হয় , কওঁকচোন ।

: মই আপোনাৰ হাজবেণ্ডৰ বিষয়ে কিছু ক’বলৈ লৈছো।— অচিনাকি নাৰী কণ্ঠই ক’লে এইবাৰ ।

: কিন্তু মোৰ শুনাৰ অলপো ইচ্ছা নাই , আৰু তেওঁ যি কৰিছে সকলো মোৰ কথা মতেই কৰিছে , গতিকে দুনাই ফোন নকৰিব মিছ ইতি দত্ত । —- খং উঠিছিল আলফুলৰ , কিন্তু তাই নিজক সম্বৰণ কৰি ইমান সুন্দৰকৈ কথাকেইটা ক’লে যে মোবাইলৰ সিটো মুৰত থকা ইতিৰ বাবে তাইৰ খং উঠাতো অবোধ্যই হৈ ৰ’ল ।

বৰং ইতি আচৰিতহে হ’ল আলফুলৰ মুখত নিজৰ নাম শুনি , বুজিলে পুনৰ এবাৰ তাই , অজান আৰু এই অনিমা মানে একেটা মূদ্ৰাৰ ইপিঠি – সিপিঠি ।

আজি অজান আৰু আলফুলৰ জীৱনলৈ মৰম আহিল , মৰম যি মৰমেই একেবাৰে দেখিলেই মৰম লাগি যোৱা । কণমানি নাতি ল’ৰাটোক সাৱতি আজি অজানৰ দেউতাক বহি আছে , মুখত তেওঁৰ ককাক হোৱাৰ আনন্দৰ চিন সুন্দৰকৈ দেখা গৈছে । এতিয়া ককা আৰু নাতিল’ৰা একেলগে থাকিব পাৰিব , তাকে ভাবি অজানৰো মনটো পুনৰ এবাৰ ভাল লাগি আহিল। সি মনতে হিচাপ কৰিলে , যিহেতু নৰমেল দেলিভাৰী , তিনি দিনৰ দিনা মানে পৰহিলৈ ৰিলিজ দিব মানে । ইপিনে জানো আহি আছে তাইৰ একমাত্ৰ ককায়েকৰ কনমানিটিক চাবলৈ বুলি , লগতে অন্তৰংগ বান্ধৱীজনীকো মাকৰ ৰূপত দেখিবলৈ বুলি । সচাঁই মানুহৰ সুখ যেনেকৈ চিৰস্থায়ী নহয় দুখো চিৰস্থায়ী নহয় , আজিৰপৰা মাথো সাত বছৰ আগলৈকে যিখন ঘৰত মাথো দুখ আৰু চিন্তাই বিৰাজ কৰিছিল , আজি সেইখন ঘৰত কেৱল মাথো সুখে ৰাজত্ব কৰিছেহি ।

ইতিয়ে অজানৰ পুত্ৰসন্তান জন্ম হোৱা বুলি শুনি এক আশংকাত ভূগিবলৈ ধৰিলে , কিয়নো এতিয়া অজান আৰু আলফুলৰ সম্পৰ্ক আগতকৈও মজবুত হ’ল । তেনেস্থলত তাইৰ পক্ষে অজানৰ জীৱনৰ পৰা আলফুলক আতৰোৱা আৰু কঠিন হৈ পৰিল । এক ঈৰ্ষাৰ জুইত তাই যেন জ্বলিবলৈ ধৰিলে সেই খবৰটো শুনাৰ পৰা , মনতে ভাবিলে যদিহে তাই তাক নেৰিলেহেঁতেন অজানৰ এই সন্তানৰ মাক তাই হ’লহেঁতেন , অথচ বাস্তৱত তেনে একো নহ’ল , আৰু এইবোৰকেই ভাবি ভাবি তাই দিনক দিনে বেছি জেদী হৈ পৰিবলৈ ধৰিলে । কিন্তু যেতিয়া অজানৰ ঘৰত ল’ৰাৰ হৈ শুদ্ধি সবাহৰ লগতে পাৰ্টিৰ আয়োজন কৰা বুলি শুনিলে তাই মনতে ভাবিলে এই চেগতে তাই অজানৰ ঘৰলৈ যোৱাটো উচিত । কিয়নো অন্ততঃ কেচুৱাৰ মুখলৈ চায়েই তাইক সেইদিনা কোনেও অপমান নকৰে আৰু ।

দিনত ভকতৰ আগত সেৱা লৈ আলফুল আজৰি হ’ল , ইপিনে সন্ধ্যাবেলালৈ পাৰ্টিৰ আয়োজন আছেই বাকী । মুঠতে আজি যেন অজানৰ সমান সুখী মানুহ এইখন ধৰণীতে নাই , এনেখন কৰিছে সি , আৰু তাৰ এনে উল্লাসত ঘৰৰ সকলোবোৰ সুখী হৈ পৰিছে ।

বেলি পৰিল কি নাই অজানৰ কলিগবোৰৰ আগমন ঘটিবলৈ ধৰিলে , সকলোৰে হাতে হাতে একো একোটা টোপোলা কনমানিটিলৈ বুলি । ঠিক তেনেদৰেই হাতত ডাঙৰ টোপোলা এটা লৈ ইতি সোমাই আহিল পেন্দেলৰ তললৈ । জানে প্ৰথমতে দেখিলে তাইক , তাই গৈ চিধাই আলফুলক ক’লেগৈ । ইপিনে অজানে ইতিক দেখিলে কি কৰিব তাকে ভাবি দুয়োজনীৰে ভয় লাগি আহিল । কিন্তু ইতিৰ যেন মনত কোনো আফচোচ নাই , গহীনত সোমাই গ’ল তাই আলফুলহতঁৰ কোঠাৰ পিনে , গৈ চিধাই তাই আলফুলক মাতিলেগৈ । এতিয়া আলফুলে কৰে কি , সৌজন্যতাৰ খাতিৰত তাইৰপৰা গিফ্টটো লৈ তাই বহিবলৈ দিলে । ইপিনে গোটেই ঘৰখন আলহীৰে গিজগিজাই আছে , তেনেস্থলত অজান ক’ত আছে আলফুল বা জান কোনোজনীয়েই নাজানে । তাহাঁতি মনতে ইয়াকে কামনা কৰিলে যে অজান অহাৰ আগতেই এইগৰাকী যায় যেন , নহ’লে অ’ত’সোপা মানুহৰ আগত অজানে কি কৰিব ঠিক নাই !

অজানৰ সুন্দৰ ঘৰ – দুৱাৰ দেখি ইতি পুনৰ জ্বলি উঠিল , যিখিনি আজি তাইৰ হ’ব লাগিছিল সেইখিনি আজি এই আলফুলে ভোগ কৰি আছে বুলি । তাৰোপৰি ৱালত ওলমাই থোৱা অজান আৰু আলফুলৰ বিয়াৰ ফটোবোৰে যেন কটা ঘাঁত পুনৰ আঘাত কৰিবলৈ ধৰিলে বাৰম্বাৰ । তথাপিও মুখেৰে একো প্ৰকাশ নকৰি তাই বহি থাকিল অজানহতঁৰ বেদৰুমতে । এসময়ত তাতেই অজানৰ লগত তাইৰ দেখা – দেখি হ’ল , তাইক দেখা মাত্ৰকেই সি খঙত অগ্নিশৰ্মা হৈ পৰিল । সি তাইৰ ওচৰলৈ আহি মাথো কৈ গ’ল —- : ৰহ , মই আজি কি কৰো চাই থাক তই ।

অলপ সময়ৰ পিছতে অজান বৰুৱাৰ ঘৰলৈ পুলিচ আহিল , এগৰাকী লেদী কনিষ্টবলে ইতিক টানি নিয়াৰ দৰে উলিয়াই আনিলে অজানৰ ঘৰৰপৰা । ইপিনে , পাৰ্টীৰ মানুহে ঘটনাটো দেখি আচৰিত হ’ল , সকলোৰে মনত একেটা প্ৰশ্নই ক্ৰিয়া কৰি গ’ল যে আচলতে কোন এইগৰাকী যাৰ বাবে পুলিছ আহিবলগীয়া হ’ল , আৰু এইগৰাকীৰ গাত কি দোষ !

ইতিৰ বাবে এয়া সপোনৰো অগোচৰ আছিল , তাই ভাবিছিল খুব বেছিৰো বেছি তাইক বকিব সি , কিন্তু একেবাৰে পুলিচক কম্প্লেইন দি দিলে সি , তাকো মিছা অজুহাতত । তাই হেনো কেচুৱাটোক অপকাৰ কৰিবলৈহে গৈছিল , এয়াই আছিল অজানৰ অভিযোগ। কিন্তু তাইটো কেচুৱাৰ অপকাৰ কৰিবলৈ যোৱা নাছিল , তাই গৈছিল আলফুলক বাটৰপৰা আতৰাবলৈহে বুলি । কিন্তু অজানে হেনো নিৰাপত্তাৰ খাতিৰত পুলিচক খবৰ দিবলগীয়া হয় , এয়াই আছিল তাৰ ভাষ্য । যাৰবাবে এখন ভৰা ৰভাতলীত তাই পুনৰ লাজে অপমানে জৰ্জৰিত হ’ল । যেতিয়া তাইক দেউতাকে থানাৰ পৰা লৈ আহে, তেতিয়ালৈ তাইৰ মন – মগজুৰ সকলো ক্ৰিয়া বন্ধ হৈ পৰে । মাথো এক যন্ত্ৰচালিত মনুষ্য হৈ তাই গৈ নিজৰ ৰুম পায়গৈ ।

ঘটনাটো ঘটাৰ দুদিন পিচতে পুলিচ আহি অজানৰ ঘৰ পায়হি , কিয়নো ইতিমধ্যেই ইতিৰ দেউতাকে জীয়েকৰ মৃত্যুৰ বাবে অজানক জগৰীয়া কৰি গোচৰ তৰে । অজানেও কোনো প্ৰতিবাদ নকৰি পুলিচক সহযোগ কৰি যায় । কিয়নো সি জানে , সি একো ভুল কাম কৰা নাই , তেনেহ’লে সি ভয় কৰিবই বা কিয় ! সেয়াই আছিল আৰম্ভণি , তাৰপাছত কিমান কি যে কৰিবলগীয়া হোৱা নাই সি ! এই উকীল , এই ক’ৰ্ট , পুনৰ থানা — মুঠতে ইতিয়ে মৰিও হ’লে তাক এৰি নিদিয়াৰ দৰে হ’ল । এনেদৰেই এটা বছৰ পাৰ হৈ গ’ল , এসময়ত সি যি ভাবিছিল সেয়াই হ’ল যেনিবা । সি দোষমুক্ত বুলি প্ৰমাণিত হ’ল , ফলত তাৰ ওপৰত লগোৱা সকলো অভিযোগ নাকচ কৰা হয় , আৰু সি পুনৰ এবাৰ মুকলি মনেৰে উশাহ ল’বলৈ সক্ষম হয় ।

বছৰজোৰা এই যুজঁখনত জিকি অজানে পুনৰ এবাৰ অনুভৱ কৰে যে সুখ – দুখৰ সমষ্টিতহে জীৱনটো সৃষ্টি হয় , যদি অকল সুখেই থাকিলহেঁতেন জীৱনত তেতিয়া জানো মানুহে দুখ কি বস্তু বুজি পালেহেঁতেন নে! সেইদৰে দুখেৰেই যদি জীৱনকাল ভৰি থাকিলেহেঁতেন , তেতিয়া জানো সুখৰ অনুভূতি কেনেকুৱা সেয়াওটো কোনেও ধৰিব নোৱাৰিলেহেঁতেন। জীৱনৰ এনে ঘাট – প্ৰতিঘাট অবিহনে কাৰো জীৱনকাল পাৰ নহয় , আৰু এইবোৰ চিৰসত্যক আমি স্বীকাৰ কৰিবই লাগিব । দিনৰ পিছত ৰাতি অহাৰ দৰে সুখ – দুখ – ভাল – বেয়া এইবোৰৰ আগমণ – প্ৰত্যাগমণ হৈয়ে থাকিব মনুষ্য জীৱনত । যদিহে আমি ইয়াক স্বীকাৰ কৰি ল’ব নোৱাৰো তেনেহ’লে আমাৰো সেই দশাই হ’ব যি দশাত পৰি ইতিয়ে আত্মহননৰ বাট বাছি ল’লে ।।।

✍️উজ্জ্বলা বৰদলৈ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

15 − = 14