সকলোতে জয়ী হৈ থকাই সফলতাক নুবুজায়

এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী

সুখী জীৱনৰ কাৰণে যি প্রয়োজন সে’য়া নিতান্তই খুব সাধাৰণ; সে’য়া হ’ল, এটা সুখী আৰু আনন্দিত মন,পাৰিবাৰিক সম্প্রীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য,আত্মসন্তুষ্টি, প্রেম-ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে যি বুজো সেয়া হ’ল জীৱনত প্ৰতিষ্ঠা লাভ৷ সহজ অৰ্থত টকা-পইচা,সা-সম্পতি আৰু নাম-যশ অৰ্জন কৰাই হ’ল এক প্ৰকাৰৰ সফলতা যদিও সফলতাৰ কোনো নিদিষ্ট সংজ্ঞা নাই৷ গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় ধন বা টকা-পইচাৰে বস্তুবাদী চাহিদাবোৰ পূৰণ কৰা সম্ভব হলেও এটা প্ৰকৃতাৰ্থত সুখী জীৱনৰ বাবে আৱশ্যকীয় সাধাৰণ প্ৰয়োজনবিলাক কিন্তু টকা-পইচাৰে লাভ কৰিব নোৱাৰি৷ অথচ সকলো জানিও মানুহ কিন্তু সা-সম্পত্তি বা টকাৰ পিছতেই দৌৰে৷ অৰ্থ উপার্জন বা সম্পত্তি গঢ়াটোৱেই জীবনৰ একমাত্র লক্ষ্য বুলি ভাবে। সঁচাকৈ মনুষ্য জাতি বৰ আচৰিত। জীৱনত সুখৰ সন্ধান কৰিবলৈ গৈ যি টকা-পইচাৰ পিছত দৌৰি ক্লান্ত হৈ পৰে,ৰোগাক্ৰান্ত হৈ পৰে,অসুখী হৈ পৰে,জীৱনলৈ অশান্তি মাতি আনে- সেই টকা-পইচা আকৌ সেই ৰোগৰ চিকিৎসাৰ নামত ব্যয় কৰে৷ অৰ্থাৎ শাৰিৰীক সুস্থতা আৰু মানসিক শান্তি অবিহনে বাকী সকলো মূল্যহীন৷

      চাওকচোন প্ৰায় প্ৰতিজন ব্যক্তি আজিকালি মধুমেহ,ৰক্তচাপকে ধৰি বৃক্কৰোগ,কৰ্কটৰোগ,পাকস্থলী সম্বন্ধীয় বিভিন্ন ভয়াবহ ৰোগৰ চিকাৰ হ’ব লগীয়া হৈছে৷ টকাৰ অভাৱ নাই, খাদ্যৰ অভাৱ নাই; কিন্তু খাব পৰা নাই কাৰণ খোৱাৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞা৷ মানুহবিলাক বৰ অসুখী৷ কাৰণ টকা দি সুখ কিনা সম্ভব নহয়। কেৱল টকা উপার্জন কৰাটোৱেই জীৱনৰ সফলতা নহয়। এই বিষয়ে ডেল কার্নেগিয়ে খুব সহজ ভাষাত বাখ্যা কৰিছে, “সাফল্য হ’ল আপুনি যি বিচাৰে সে’য়া অৰ্জন কৰা। সুখ হ’ল আপুনি যি বিচাৰ সে’য়া পোৱা৷” 

   কার্নেগিৰ বিষয়ে আমি বহুতেই জানো৷ । ১৮৩৫ চনৰ ২৫ নভেম্বৰত স্কটলেণ্ডৰ এক অখ্যাত গাৱঁৰ এক দৰিদ্র পৰিয়ালত তেওঁৰ জন্ম হয়। জীৱনৰ প্রথম তেৰটা বছৰ স্কটলেণ্ডতে পাৰ কৰাৰ পিছত পৰৱর্তী পৰ্য্যায়ত জীৱিকাৰ তাগিদাত তেওঁৰ পিতৃ সপৰিয়ালে আমেৰিকালৈ গুচি যায়। আমেৰিকাত তেওঁলোকে এটা বস্তিত থাকিবলৈ লয়৷ তেতিয়া কাৰ্নেগিৰ বয়স আছিল মাত্র তেৰ বছৰ৷ দুখীয়া হোৱাৰ বাবেই কাৰ্নেগিয়ে ফটা কাপোৰ-কানি পিন্ধিব লগা হৈছিল৷ এদিন খেলাৰ উদ্দেশ্যে এখন ৰাজহুৱা পার্কত সোমাবলৈ বিচাৰিছিল৷ পার্কখন একমাত্ৰ ধনীলোকসকলৰ বিশ্রাম আৰু বিনোদনৰ কাৰণে উন্মুক্ত আছিল; দৰিদ্ৰ আৰু লেতেৰা লোকৰ প্ৰৱেশ তাত নিষিদ্ধ কৰা আছিল। গতিকে পাৰ্কৰ দ্বাৰোৱানজনে কাৰ্নেগিক প্ৰৱেশত বাধা দিলে। অনেক অনুনয় বিনয় কৰা স্বতেও তেওঁ পার্কখনত প্রৱেশৰ অনুমতি নাপালে৷ মনত বহুত কষ্ট পাই তেজোদ্দীপ্ত বালক কার্নেগিয়ে দাৰোৱানজনক ক’লে যে  এদিন এই পার্কখন কিনিহে তেওঁ পাৰ্কৰ ভিতৰলৈ সোমাব৷সেই তেতিয়াৰ পৰাই কাৰ্নেগিৰ মনত প্ৰচণ্ড জেদভাৱ সৃষ্টি হ’ল ।তেওঁ জানিছিল পার্কখন কিনিবলৈ হ’লে বহুত টকাৰ প্ৰয়োজন হ’ব।সেই উদ্দেশ্য আগত ৰাখিয়েই এটা সুতাৰ কলত মাহে  বাৰ টকা দৰমহাৰে শ্ৰমিক হিসাবে যোগ দিলে৷সে’য়াই আছিল তেওঁৰ জীৱনৰ প্রথম আমদানি। কিন্তু কার্নেগিয়ে ঠিকই বুজিব পাৰিছিল ডাঙৰ কোনো কাম নোপোৱা পৰ্যন্ত সৰু কোনো কামেৰেই আৰম্ভ কৰিব লাগিব। তাৰপিছত অনেক চেষ্টা কৰি কার্নেগিয়ে টেলিগ্রাফ অফিসত এটা পিয়নৰ চাকৰি পালে৷

   ভাবিলেই আচৰিত লাগে,পিয়নৰ কাম কৰি নিজৰ মেধাৰ জৰিয়তে টেলিগ্রাফৰ বিভিন্ন নিয়ম-কানুন সম্পর্কে জ্ঞান লাভ কৰি এদিন তেওঁ টেলি-বিভাগৰ এজন ডাঙৰ বিষয়া হৈছিল। বাৰ টকা বেতনৰ এজন শ্ৰমিক এন্ড্ৰু কার্নেগি এসময়ত অন্যতম মার্কিন ধনী ব্যক্তিসকলৰ ভিতৰত এজন হ’বলৈ সক্ষম হৈছিল।কাৰ্নেগিয়ে প্ৰমান কৰিছিল প্ৰৱল ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰা কোনো কাম নাই। এন্ড্ৰু কার্নেগিৰ জীৱন য’ত আৰম্ভ হৈছিল সেই স্থানৰ পৰা কোটিপতি হোৱাৰ বাসনা দিবাস্বপ্ন যেন লাগে। কিন্তু হাবিয়াস কম নাছিল কার্নেগিৰ৷ তেওঁৰ অদম্য ইচ্ছাশক্তিৰ বলতেই এদিন তেওঁ সেই পাৰ্কখনৰ মালিক হ’ব পাৰিছিল৷ তেওঁ জীৱনত সফল হৈছিল যদিও তেতিয়াহে সুখী হ’ব পাৰিছিল যেতিয়া তেওঁ পাৰ্কখন তেওঁ ধনী দুখীয়া সকলোৰে বাবে মুক্ত কৰি দিছিল।তেওঁ অনুভৱ কৰিছিল সফলতাতকৈও জীৱনত সুখী হোৱাৰহে প্ৰয়োজন৷তেওঁৰ মতে সুখী হোৱাৰ একমাত্ৰ উপায় হ’ল আত্মসন্তুষ্টি ৷

   কোনো মানুহৰ জীৱন সমস্যাৰ উর্ধ্বত নহয়। জীবনত বাধা-বিপত্তি, সমস্যা তথা সুযোগ আহিবই। প্রথমে ধৈর্য আৰু বুদ্ধিৰে সমস্যাটোৰ সন্মুখীন হোৱাৰ মানসিক প্রস্তুতি গঢ়ি তুলিব লাগিব। তাৰপিছত সমস্যাটোৰ কাৰণ জানিব লাগিব। নিজৰ কোনো ভুল-ত্ৰুটি থাকিলে তাক চিহ্নিত কৰিব লাগিব। সমস্যাক শত্রু বুলি ধৰি শত্ৰুপক্ষৰ দুর্বলতাবিলাক  জানিবলৈ প্ৰয়াস কৰিব লাগিব। সমস্যাটোক সমাধানৰ বাবে নিশ্চিত এটা পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। এবাৰতে সমাধান নহৈ পৰ্য্যায় ক্ৰমেও সমস্যাটো সমাধান হ’ব পাৰে৷ ইয়াৰ মাজত ব্যর্থ হোৱাৰো সম্ভাৱনা থাকে;কিন্তু হতাশাক প্ৰশ্ৰয় দিব নালাগে৷ চেষ্টা কৰাটোৱেই ডাঙৰ আত্মসন্তুষ্টি৷ এবাৰ ব্যৰ্থ হ’লে পুনৰ চেষ্টা কৰিব লাগিব। মনত ৰখা উচিত প্রতিটো ব্যর্থতাই এটা বিশেষ অভিজ্ঞতা কঢ়িয়াই আনিব৷সেই অভিজ্ঞতাবিলাকেই সফলতাৰ পথত একোটা চিৰি হিচাপে কাম কৰিব৷ আত্মবিশ্বাস কেতিয়াও কোনো কাৰণত হ্ৰাস হ’বলৈ দিব নালাগে। আত্মবিশ্বাস হ’ল মহাশক্তি।কিন্তু আপোনাৰ সমস্যাৰ সমাধান কৰিব লাগিব আপুনি নিজেই। আপোনিৰ মানসিক অৱস্থানক সমস্যাৰ উর্ধ্বলৈ লৈ যাওক। সমস্যাকালিন সময়ছোৱাত মনক নিয়ন্ত্রনত ৰাখক আৰু সুস্থ তথা ঠাণ্ডা মগজুৰে সিদ্ধান্ত লওক। মনত ৰাখিব, মানুহে দুটা সময়ত ভুল কৰে৷ এটা, যেতিয়া খুব সুসময় চলি থাকে তেতিয়া ভাৱনা-চিন্তা নকৰাকৈ কিছুমান কাম কৰে যাৰ পৰিণতি খুব বিষম হোৱা দেখা যায়। আকৌ এবাৰ দুঃসময়ত যেতিয়া হতাশাৰ কাৰণে মন অস্থিৰ হৈ পৰে। এই দুই সময়ত সৃষ্টি হোৱা আবেগক নিয়ন্ত্রণত ৰাখিব লাগিব। সমস্যা যিমানেই গভীৰ হওক আবেগেৰে সিদ্ধান্ত নলৈ পৰিকল্পিতভাৱে আৰু পদ্ধতিগতভাৱে কাম কৰা উচিত। অনুসন্ধান কৰক, সমাধানৰ  কোনোবা এটা পথ নিশ্চয় খোলা আছে।

   বি পজিটিভ- সকলো সময়তে মানুহ আশাবাদী হ’ব লাগে ৷মানুহৰ যোগাত্মক দৃষ্টিভঙ্গীয়ে সমস্যা সমাধানৰ ক্ষেত্ৰত খুব কামত আহে। ইতিবাচকভাবৱ ভাবিবলৈ শিকাটোও সমস্যাবিলাকৰ সমাধানৰ এটা নিয়ম৷ ভাৰতৰ ৰাষ্ট্রপতি এ পি জে আব্দুল কালামে প্ৰায়েই কৈছিল,কোনো কামত বিফল হোৱা মানে সকলো শেষ হোৱা নুবুজায় বৰঞ্চ, এনেকৈ ভবা উচিত আপুনি নিজক প্রমাণ কৰাৰ আৰু এটা সুযোগ পাইছে। এই ভাৱনাৰ নাম ইতিবাচক ভাৱনা। আমাৰ জীৱনত এটা সমস্যা শেষ নহওতেই বেলেগ এটা সমস্যাৰ উৎপত্তি ঘটে। গতিকে সমস্যাক লগত লৈয়েই সন্মুখলৈ আগুৱাই যাব লাগিব। জাপানত সঘনাই ভুমিকম্প হয়; কিন্তু সেই বুলি জাপানৰ লোকসকলে দেশ এৰি গুচি যোৱা নাই। বৰঞ্চ ভুমিকম্প সহিষ্ণু ঘৰ বনাই তেওঁলোকে  নিশ্চিন্তমনে বসবাস কৰিছে।সদায় মনত ৰখা উচিত হবে,এনে কোনো সমস্যা নাই যাৰ সমাধান কৰা অসম্ভৱ।

   জীৱনত সফলতা সম্পর্কে নেপোলিয়নে কৈছিল,”আপোনাৰ দর্শন তথা স্বপ্নক নিজৰ সন্তানৰ নিচিনাকৈ লালন পালন কৰক, কাৰণ এইবোৰেই এদিন আপোনাৰ চূড়ান্ত অর্জনৰ প্রতিচিত্র হৈ উঠিব।” আকৌ হার্ভি মেকৰ মতে,”এজন গড়পত্তাৰ মানুহে অকল কথা কয়। এজন ভাল মানুহে ব্যাখ্যা কৰে। এজন উৰ্ধ্বতন মানুহে কাম কৰি দেখুৱায় আৰু এজন শ্ৰেষ্ঠ মানুহে অন্যলোকক প্রেৰণা যোগায়৷” প্রতিজন মানুহৰ জীৱনত নিজস্ব দর্শন, আদর্শ তথা লক্ষ্য থকা উচিত। এটা কথা মনত ৰাখিব লাগিব জীৱনত সফলতাই একমাত্র বিষয় নহয়। সৰু সৰু অৰ্জন, প্রাপ্তি, সামান্য সুখানুভুতি, মধুৰ স্মৃতিময় সময়- এইবিলাকৰ গুৰুত্বও সুখী জীবনৰ কাৰণে অপৰিসীম। তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, সফলতা মানে সকলোতে  জিকি যোৱাকে নুবুজায়। নিজৰ পৰাজয় নোহোৱাকৈ অন্যক জয়ী কৰোৱাটোও এক বিৰাট সফলতা। অর্থাৎ নিজৰো ক্ষতি নহ’ল, কিন্তু বেলেগৰো লাভ হ’ল- ইও সফলতা। সফলতা মানে জীবনজুৰি কৰা অসংখ্য সৰু সৰু অর্জনৰ সমাহাৰ। আকৌ সুসময়ত কৰা বৃহৎ অর্জনতকৈও দুঃসময়ত বৰ্তি থকাটোও এক বিৰাট সফলতা। কাৰণ দুঃসময়ত মানুহে বেচি ভুল কৰে, ব্যর্থতাই সকলো ফালৰ পৰাই আগুৰি ধৰে।গতিকে প্রতিজন মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত সুস্থ-সুন্দৰ- স্বাভাবিক তথা সাধাৰণ জীৱন যাপন। একমাত্ৰ অগাধ ধন-সম্পতিৰ মালিক হোৱাটোয়েই কদাপি সফলতা নহয়।এই সকলোৰে উৰ্ধ্বত এটা কথা আমি যি কামেই নকৰো আমাৰ আত্মসন্তুষ্টি থাকিব লাগিব৷যদি আত্মসন্তুষ্টি নাথাকে তেন্তে জীৱনত সফল বুলি কোৱাৰ কোনো অৰ্থ নাই৷সেই কাৰণেই গুৰুয়ে শিষ্যৰ ওচৰত পৰাজয় বৰণ কৰিও কেতিয়াবা অসীম আত্মসন্তুষ্টি লাভ কৰে৷তেনে ক্ষে”ত্ৰতো গুৰুজনক পৰাজয় বৰণ কৰা স্বত্বেও কিন্তু সফল  বুলি কব পাৰি৷

ড° পুলক সভাপণ্ডিত, সহকাৰী অধ্যাপক, গণিত বিভাগ, বিশ্বনাথ মহাবিদ্যালয়

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 3 = 2